39.7 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমঐতহাসিক মেহগড় আলিৰ বিধ্বস্ত ৰূপ দ্বিখণ্ডিত হব পাৰে মেহগড় আলি , নাজিৰা...

ঐতহাসিক মেহগড় আলিৰ বিধ্বস্ত ৰূপ দ্বিখণ্ডিত হব পাৰে মেহগড় আলি , নাজিৰা লোকনিৰ্মাণ বিভাগৰ মাহী আইৰ দৃষ্টি পুৰণি আমগুৰি সমষ্টিৰ ৰাস্তা ঘাটলৈ

ঐতহাসিক মেহগড় আলিৰ বিধ্বস্ত ৰূপ দ্বিখণ্ডিত হব পাৰে মেহগড় আলি , নাজিৰা লোকনিৰ্মাণ বিভাগৰ মাহী আইৰ দৃষ্টি পুৰণি আমগুৰি সমষ্টিৰ ৰাস্তা ঘাটলৈ

দুৰ্নীতিৰ দৰ্পণ সেৱা আমগুৰি পৰা বুলবুল আলী,২১মে ।।শিৱসাগৰ জিলাৰ পুৰণি আমগুৰি সমষ্টিৰ অৰ্ন্তগত ধোদৰআলি পৰা লাহদৈগড় আলি সংযোগী ঐতিহাসিক মেহগড় আলিটো বৰ্তমান বিধ্বস্ত হৈ গৈছে। যাৰ বাবে দৈনিক অহা যোৱা কৰা ৰাইজৰ মাজত হাহাকাৰ লাগিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক ঋতুমনি হাজৰিকাই সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃতিৰ জৰিয়তে জনাইছে ঐতিহাসিক মেহগড় আলিটো বৰ্তমান বিধ্বস্ত ৰূপে মানুহক জ্বলা কলা খুৱাইছে। ব্যস্ততা পূৰ্ণ পথটোৰ প্ৰায় সাত কিলোমিটাৰ মান সম্পূৰ্ণ ৰূপে অহা যোৱা কৰিব নোৱাৰা অৱস্থা হৈ পৰিছে। তাৰোপৰি এছিয়াৰ ভিতৰত সৰ্ববৃহৎ মুগা ফাৰ্মৰ সমীপতে টিফুক নদীৰ খহনীয়াৰ ফলত উক্ত পথটো দ্বিখণ্ডিত হোৱাৰ লগতে ডাঙৰ দুৰ্ঘটনা হোৱাৰ আশঙ্কা আছে। আজি এবছৰৰ আগতে সংবাদ মাধ্যমৰ জৰিয়তে উক্ত খহনীয়াৰ কথা বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা হৈছিল যদিও লোক নিৰ্মাণ বিভাগৰ পৰা তিনিদাল মান বাঁহ পুতি সাংকেতিক চিহ্ন দিয়েই কাম সামৰণি মাৰিছিল। বৰ্তমান সময়ত সাংকেতিক চিহ্নও নাই যাৰ বাবে প্ৰতিদিনে মটৰ চাইকেল,চাৰিচকীয়া বাহন, চাইকেল আৰোহী দুৰ্ঘটনাত পতিত হব লগা হৈছে। পুখুৰী সদিশ গাত বিলাকত জমা হোৱা বৰষুণৰ পানী যাবৰ বাবেও নলা খান্দি দিবলৈও লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰী নাই। দুপদৰ, বৰচিলা, হালোৱাতিংৰ পৰা ধোদৰ আলিৰ হৈ আমগুৰি, চামগুৰি, জাঁজী, শিৱসাগৰ সংযোগী পথটোৱেই বিভিন্ন বিদ্যালয় মহাবিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰী সকলৰো মাজত অহা যোৱা কৰাত হাহাকাৰ সৃষ্টি হৈছে। বিধায়ক প্ৰদীপ হাজৰিকাৰ কাৰ্যকালতে উক্ত পথটো নিৰ্মাণৰ বাবে আবণ্টন হৈছিল যদিও ঠিকাদাৰে নিম্ন মানদণ্ডৰ কাম কৰি গুছি গল। আমগুৰি সমষ্টি বিলুপ্তি হোৱাৰ পিছত নাজিৰা সমষ্টিত অন্তৰ্ভুক্ত হোৱা পথটো বিধায়ক দেৱব্ৰত শইকীয়াই কোনো গুৰুত্ব প্ৰদান নকৰিলে। সমষ্টি বিলুপ্তি হোৱাৰ পিছত আমগুৰি গড়কপ্তানী বিভাগৰ কাৰ্য্যালয়টো নাজিৰা লোকনিৰ্মাণ বিভাগৰ লগত অন্তৰ্ভুক্ত হোৱাৰ পিছত নাজিৰা লোকনিৰ্মাণ বিভাগৰ বৰমূৰীয়া সকলে আমগুৰি সমষ্টিৰ বাট পথ বিলাকত কোনো গুৰুত্ব প্ৰদান নকৰা হল। বৰ্তমান নাজিৰা সমষ্টিৰ বিজেপিৰ বিধায়ক হিচাপে জয়ী হৈ অহা ময়ুৰ বৰগোহাঁইক উক্ত বিধ্বস্ত মেহগড় আলিটো নিৰ্মানৰ বাবে আবণ্টন দি ভালদৰে উচ্চ মানদণ্ডৰে নিৰ্মাণ কৰাবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঋতুমনি হাজৰিকাই আহ্বান জনাইছে। লগতে মেহগড় আলিটো দ্বিখণ্ডিত হব পৰা আৰু দুৰ্ঘটনাৰ আশংকা থকা টিফুক নদীৰ খহনীয়া হোৱা ঠাইত সাংকেতিক চিহ্ন ব্যৱহাৰ কৰিবলৈ নাজিৰা লোকনিৰ্মাণ বিভাগক দাবী জনায়। অন্যথা অনাগত দিনত দুৰ্ঘটনা হলে নাজিৰা লোকনিৰ্মাণ বিভাগ জগৰীয়া হোৱাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলনৰ সম্মুখীন হবলৈ নাজিৰা লোকনিৰ্মাণ বিভাগক সাজু হৈ থাকিবলৈ সকীয়াই দিয়ে।।

RELATED ARTICLES
Lucknow
broken clouds
36.9 ° C
36.9 °
36.9 °
24 %
5.4kmh
59 %
Wed
39 °
Thu
43 °
Fri
43 °
Sat
43 °
Sun
44 °

Most Popular