39.7 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeসম্পাদকীয়তেতিয়া আৰু এতিয়াঃ এজন যাত্ৰীৰ দৃষ্টিৰে গুৱাহাটী বিমান বন্দৰৰ ৰূপান্তৰ

তেতিয়া আৰু এতিয়াঃ এজন যাত্ৰীৰ দৃষ্টিৰে গুৱাহাটী বিমান বন্দৰৰ ৰূপান্তৰ

তেতিয়া আৰু এতিয়াঃ এজন যাত্ৰীৰ দৃষ্টিৰে গুৱাহাটী বিমান বন্দৰৰ ৰূপান্তৰ

বেদান্ত দেৱনাথ

বাহ্যিক দৃষ্টিকোণেৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰটো চিৰদিনেই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ ৰূপে চিহ্নিত হৈ আহিছে। কিন্তু এই অঞ্চলৰ নিয়মীয়া যাত্ৰীসকলৰ বাবে, পুৰণি টাৰ্মিনেলৰ পৰা নতুন টাৰ্মিনেললৈ হোৱা পৰিৱৰ্তন কেৱল আন্তঃগাঁথনিকেন্দ্ৰিক উন্নয়ন নহয়। এয়া কোনো জনবহুল বাছ আস্থানৰ পৰা ভৱিষ্যতৰ বাবে নিৰ্মীয়মান আধুনিক পৰিবহন কেন্দ্ৰলৈ স্থানান্তৰ হোৱাৰ সমান্তৰাল অনুভৱ।

প্ৰথম প্ৰভাৱঃ সক্ৰিয়তাৰ পৰা বাস্তৱ অভিজ্ঞতালৈ

যিসকল যাত্ৰীয়ে পুৰণি টাৰ্মিনেলটোৰে ভ্ৰমণ কৰিছে, তেওঁলোকৰ বেছিভাগৰেই হয়তো মনত আছে যে ই মোটামুটি কাম চলা ধৰণৰ আছিল। প্ৰায়ভাগ দিনতেই তাত ঠেলাঠেলিৰ পৰিৱেশ। ব্যস্ততাৰ সময়বোৰত চেক-ইন কাউণ্টাৰত দীঘলীয়া শাৰী, বহিবলৈ সীমিত আসন আৰু সুৰক্ষা পৰীক্ষাৰ ঠাইত অত্যাধিক ভিৰ অতি সাধাৰণ কথা আছিল। তেনেকুৱা ব্যৱস্থাতো কামবোৰ হৈ গৈছিল ঠিকেই কিন্তু সুবিধাজনক বুলি জোৰ দি ক’ব পৰাকৈ একো নাছিল।

আটাইতকৈ ডাঙৰ পাৰ্থক্যসমূহৰ ভিতৰত এটা এইটো যে নতুন টাৰ্মিনেলটো কম যান্ত্ৰিক আৰু অধিক চিন্তনৰ প্ৰয়োগেৰে নিৰ্মাণ কৰা যেন অনুভৱ হয়। ইয়াত আমায পৰিচয়গত মনোভাৱ নিহিত হৈ আছে। ই অসমৰ সংস্কৃতি আৰু প্ৰকৃতিকেন্দ্ৰিক আৰ্হিৰে নিৰ্মিত এক উৎকৃষ্ট, বহল তথা দেখিবলৈ আকৰ্ষণীয় টাৰ্মিনেল। বাঁহৰ গাঁথনি, সেউজীয়া পৰিৱেশ আৰু সাংস্কৃতিক স্পৰ্শই এনে এক অনুভৱ দিয়ে যেন আপুনি অসম এৰিবলৈ প্ৰস্তুত হৈছে যদিও মনেৰে অসমতে আছে। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰলৈ ভ্ৰমণ কৰা যাত্ৰীসকলৰ বাবে সেই আৱেগিক সংযোগে সমগ্ৰ যাত্ৰাটোতে এক সূক্ষ্ম কিন্তু অৰ্থপূৰ্ণ মাত্ৰা যোগ কৰে।

এজন সাধাৰণ যাত্ৰীৰ বাবে এই পৰিৱৰ্তনবোৰ তাৎক্ষণিক- দুঃচিন্তা কমি যোৱা, শান্তিৰে উশাহ ল’বলৈ বহল মুকলি ঠাই আৰু এক নিৰিবিলি ভাৱ, আগতে যিবোৰৰ কোনো অস্তিত্বই নাছিল।

পুৰণি টাৰ্মিনেলটোৰ আটাইতকৈ ডাঙৰ সমস্যা আছিল ইয়াৰ সীমিত ক্ষমতা বা ঠাইৰ অভাৱ। যাত্ৰীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছিল যদিও বিমান বন্দৰৰ আন্তঃগাঁথনি সেই অনুপাতে বৃদ্ধি হোৱা নাছিল। বিমানৰ সংখ্যা বাঢ়িছিল, কিন্তু ঠাই একেই আছিল।নতুন টাৰ্মিনেলটোৱে এই সমস্যাবোৰ সম্পূৰ্ণৰূপে দূৰ কৰিছে। ইয়াক বছৰি প্ৰায় ১ কোটি ৩১ লাখ যাত্ৰীক পৰিচালনা কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। এই বিশাল ক্ষমতাই গুৱাহাটীক উত্তৰ-পূৰ্বাঞ্চলৰ এক প্ৰধান বিমান পৰিবহন কেন্দ্ৰ ৰূপে গঢ়ি তুলিব।

এয়া এজন যাত্ৰীৰ মনোভাৱ যে ইয়াৰ ফলত বহু বাধা আঁতৰিব, চেক-ইনৰ সময়ৰ দীঘলীয়া শাৰী চুটি হ’ব, বিমানত উঠা প্ৰক্ৰিয়াটো সহজ হ’ব আৰু সামগ্ৰিকভাৱে ভিৰ কম হ’ব। ভ্ৰমণৰ ব্যস্ত সময়ছোৱাত যিবোৰ কথা পূৰ্বে বিশৃংখল যেন লাগিছিল, এতিয়া সেইবোৰ যথেষ্ট সুশৃংখলিত যেন অনুভৱ হয়।

যাত্ৰীৰ অনুকূলতা

পুৰণি টাৰ্মিনেলটোত সুা-সুবিধাবোৰ একেবাৰে সাধাৰণ আছিল। ভাগ্য ভাল থাকিলেহে বহিবলৈ আসন পোৱা যায়। অন্যথা যিমানখিনি উপলব্ধ তাৰেই কাম চলাব লাগে। মোবাইল বা লেপটপ চাৰ্জ কৰা পইণ্টৰ অভাৱ আছিল। খোৱা বস্তুৰ পৰিমাণো আছিল সীমিত। ভিৰৰ সময়ত ক’ৰবাত অকণমান শান্ত পৰিৱেশ বিচাৰি পোৱাটো প্ৰায় অসম্ভৱ আছিল।

নতুন টাৰ্মিনেলটোলৈ গ’লে অনুভৱ হয় যাত্ৰীসকলৰ কথা মনত ৰাখিয়েই যেন এইটো সজা হৈছে। বহিবলৈ আসনৰ সংখ্যাও অধিক আৰু সেইবোৰ সঠিক দূৰত্বতো ৰখা হৈছে। ইয়াত পোহৰ বেছি, বায়ু চলাচলৰ উন্নত ব্যৱস্থা আছে আৰু সামগ্ৰিকভাৱে এক পৰিষ্কাৰ তথা শান্ত পৰিৱেশ বিৰাজ কৰিছে। আনকি বিমান পলম হ’লেও আগৰ দৰে ইমান বিৰক্তিকৰ অনুভৱ নহয়।

আপোনাৰ চকুত পোনপটীয়াকৈ নপৰা বিষয়বোৰেই বৃহৎ উন্নীতকৰণ। বেগ বা বেগৰ সৈতে জড়িত কাম-কাজবোৰ এতিয়া আগতকৈ সহজ হৈছে। ঘোষণা বা বাৰ্তাবোৰ অধিক স্পষ্ট হৈছে আৰু দিশ নিৰ্দেশক চিহ্নবোৰ অনুসৰণ কৰাটো সহজ হৈ পৰিছে। পুৰণি টাৰ্মিনেলটোত, যাত্ৰীসকলে কেতিয়াবা দিশ বিচাৰি আনৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হৈছিল বা গেট নম্বৰবোৰ বাৰে বাৰে পৰীক্ষা কৰিবলগীয়া হৈছিল।

এতিয়া যাত্ৰীসকলে, বিশেষকৈ প্ৰথমবাৰ ভ্ৰমণ কৰা আৰু বৃদ্ধসকলে সকলোবোৰ বেছি সহজ আৰু মসৃণ যেন অনুভৱ কৰে।

কাৰ্য্যক্ষমতা

কাৰ্য্যক্ষমতাৰ কথা যাত্ৰীসকলে গম নোপোৱাকৈ বা বিশেষ চিন্তা নকৰাকৈও অনুভৱ কৰিব পাৰে। পুৰণি টাৰ্মিনেলত অত্যাধিক ভিৰ আৰু কাম-কাজৰ লেহেমীয়া গতিৰ বাবে প্ৰায়েই যাত্ৰা পলম হৈছিল।

যাত্ৰীৰ চলাচল অধিক সুচল কৰাৰ কথা মনত ৰাখিয়েই নতুন টাৰ্মিনেলৰ আৰ্হি প্ৰস্তুত কৰা হৈছে। চেক-ইন কাউণ্টাৰৰ পৰা বৰ্ডিং গেটলৈকে সকলো বস্তু এনেদৰে সজাই তোলা হৈছে যাতে ভিৰ কমে আৰু চলাচল কৰোতে সুবিধা হয়। সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰাৰ পূৰ্বে ইয়াৰ কাম-কাজ যাতে সুচাৰুৰূপে চলে, তাৰ বাবেও পৰীক্ষামূলক ব্যৱহাৰ আৰু পদ্ধতিগত পৰীক্ষণ কৰা হৈছিল।

ইয়াৰ ফলস্বৰূপে, বিমানবন্দৰটো ব্যস্ততাপূৰ্ণ হৈ থাকিলেও, যাত্ৰাৰ অভিজ্ঞতা বিশৃংখল আৰু বেমেজালিজনক নহয়।

সামগ্ৰিক অভিজ্ঞতা

এজন সাধাৰণ যাত্ৰীৰ বাবে পুৰণি আৰু নতুন টাৰ্মিনেলৰ মাজৰ পাৰ্থক্য কেৱল ইয়াৰ আকাৰ বা ডিজাইনতে সীমাবদ্ধ নহয়। যাত্ৰীজনে লাভ কৰা সুবিধা আৰু অভিজ্ঞতাৰ মাজতহে প্ৰকৃত পাৰ্থক্য সোমাই আছে। নতুন টাৰ্মিনেলে পূৰ্বৰ অসুবিধাবোৰ দূৰ কৰাৰ লগতে অনাগত দিনত কি কি সুবিধাৰ প্ৰয়োজন হ’ব, সেই কথাও আগতীয়াকৈ বিবেচনা কৰিছে। বৰ্তমান সময়ত যাত্ৰীৰ দৃষ্টিত এটা বিমানবন্দৰ কেৱল এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যোৱাৰ মাধ্যম নহয়। বৰঞ্চ বিমানকোঠত কটোৱা সময়খিনিও যাত্ৰীৰ বাবে উপভোগ্য আৰু বিনোদনৰ মুহুৰ্ত।

যিসকলে দুয়োটা টাৰ্মিনেলেৰে যাত্ৰা কৰিছে, তেওঁলোকৰ বাবে পাৰ্থক্যবোৰ স্পষ্ট। পুৰণি টাৰ্মিনেলটোত কেৱল যাত্ৰী অহা-যোৱা কৰাৰ নুন্যতম সুবিধাহে আছিল। নতুন টাৰ্মিনেলটোত যাত্ৰা সুচল কৰি তুলিবলৈ সকলো সুবিধা, সময় ৰাহি আৰু যাত্ৰীৰ আৰামলৈ বিশেষভাৱে লক্ষ্য ৰখা হৈছে।

(এয়া লেখকৰ নিজস্ব মতামত। তেওঁ অসমৰ এজন ব্যৱসায়ী আৰু কৰ্ম সংক্ৰান্তত সঘনাই বিমান যাত্ৰা কৰা লোক।)

RELATED ARTICLES
Lucknow
broken clouds
36.9 ° C
36.9 °
36.9 °
24 %
5.4kmh
59 %
Wed
39 °
Thu
43 °
Fri
43 °
Sat
43 °
Sun
44 °

Most Popular