ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি নামনি মাজুলীৰ চিৰামপুৰীয়াত প: ৰাগ উৎসৱ আৰম্ভ, উদুলি মুদুলি সমগ্ৰ কৰতিপাৰ অঞ্চল, সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰিলে ৰজাঘৰীয়া বিষয়ববীয়াসকলক
বিকাশ শইকীয়া: মাজুলী: ১২ মাৰ্চ: মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত সমন্বয় আৰু ধৰ্মীয় লোক উৎসৱ মাজুলী জিলাৰ নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চিৰাম পুৰীয়া গাঁৱত আজিৰ পৰা আৰম্ভ হৈছে৷ বিস্তৃত কাৰ্যসূচীৰে আজিৰে পৰা পাঁচ দিনীয়াকৈ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত উক্ত লোক উৎসৱ প: ৰাগ আজি ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰে আৰম্ভ হৈছে৷ সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তা লৈ আৰম্ভ হোৱা উক্ত প: ৰাগ উৎসৱত সম্বন্ধীয় লোকসকলে ভিৰ কৰিছে৷ চিৰামপৰীয়া প: ৰাগ উৎসৱ থলী আজি গুমৰাগ নৃত্যৰে মুখৰিত হৈ পৰিছে৷ আজিৰ পৰা ১৫ মাৰ্চলৈ চিৰামপুৰীয়া মুৰংঘৰ লত্তাত উক্ত প: ৰাগ উৎসৱ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব৷ উক্ত, প: ৰাগ উৎসৱত আজি পুৱা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণৰ পাছত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বীনকান্ত দলেয়ে৷ তাৰপিছত অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হ’ব৷ দুপৰীয়া প: ৰাগ উৎসৱৰ মূল বিষয় ববীয়া সকলক আনুষ্ঠানিকভাৱে মুৰংঘৰলৈ শোভাযাত্ৰা কৰি আদৰি অনা হয়৷ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত উপাস্য দেৱতা চন্দ্ৰ সূৰ্যক পূজা কৰি ৰজাঘৰীয়া বিষয়ববীয়াসকলক আদৰণী জনায়৷ উক্ত, আদৰণী অনুষ্ঠানত কেইবাশতাধিক লোকে অংশগ্ৰহণ কৰি সাংস্কৃতিক শোভাযাত্ৰাৰে মিগম বৰাকে মুখ্য কৰি সকলো ৰজাঘৰীয়া বিষয়ববীয়াসকলক আনুষ্ঠানিকভাৱে আদৰণী জনায়৷ মুৰংঘৰত ৰজাঘৰীয়া বিষয়ববীয়াসকলক বহুৱাই সকলো ৰাইজে সমূহীয়াকৈ নৃত্য প্ৰদৰ্শন কৰে৷ বিয়লি আহাৰ গ্ৰহণৰ পিছত কুলি চাপৰি গাঁৱৰ সাংস্কৃতিক মিনম দলক আদৰণী জনোৱা হয় আৰু উক্ত, সাংস্কৃতিক দলে বহু সময় কৃষ্টি প্ৰদৰ্শন কৰে৷ আজি সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছতে স্থানীয় শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ কৰে৷ প: ৰাগ উৎসৱৰ দ্বিতীয় দিনা কাইলৈ -১২ মাৰ্চত পৰিৱেশ নিকাকৰণৰ পাছত এগ মান্নাম আৰু গুমৰাগ নৃত্য প্ৰদৰ্শন কৰা হ’ব৷ তাৰপিছত গাঁৱৰ জী- জোঁৱাই -সকলৰ সেৱা গ্ৰহণৰ পিছত প: ৰাগ উৎসৱৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰিব ৰঙাচাহী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ দুৰ্লভ পেগুয়ে৷ তাৰপিছত আমন্ত্ৰণ জনোৱা কৃষ্টি দল ওখল চুক আৰু মহৰিচুক কৃষ্টি দলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব৷ দুপৰীয়া বৃহৎ মুকলি সভা অনুষ্ঠিত হ’ব৷ সেইদিনা আমন্ত্ৰিত কৃষ্টি দলক বিদায় জনোৱাৰ পিছত সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব৷ উক্ত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব পূৱ ডিক্ৰং মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক কমল মিলিয়ে৷ উক্ত, সাংস্কৃতিক সন্ধিয়াত শিল্পী ৰিয়ান ৰাজ আৰু অৱনী মিলিয়ে গীত পৰিৱেশন কৰিব৷ ১৩ মাৰ্চত পুৱা এগ মান্নাম আৰু গাঁৱৰ জীয়ৰী আৰু জোঁৱাই -সকলৰ অনুষ্ঠান, কৃষ্টি দলৰ সাংস্কৃতিক অনুষ্ঠান, মিনম অ: পেক বিদায় অনুষ্ঠান আৰু সন্ধিয়ালৈ স্থানীয় শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ কৰিব৷ ১৪ মাৰ্চত পুৱা এগ মান্নাম আৰু গাঁৱৰ বোৱাৰীসকলৰ অনুষ্ঠান, গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ লগত প্ৰীতি ভোজ আৰু সন্ধিয়া স্থানীয় শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব৷ ১৫’ মাৰ্চত এগ মান্নাম আৰু ৰজাঘৰীয়া বিষয়ববীয়াসকলৰ প্ৰীতি ভোজ আৰু ৰজাঘৰীয়া বিষয়ববীয়াসকলৰ বিদায় পৰ্ব অনুষ্ঠিত হ’ব৷ সেইদিনা সন্ধিয়া সামূহিক বন্তি প্ৰজ্বলনেৰে পাঁচ দিনীয়া প: ৰাগ উৎসৱৰ সামৰণী পৰিব৷ উক্ত, প: ৰাগ উৎসৱৰ সুদৃশ্য মূল আদৰণী তোৰণ, মুৰং ঘৰ আদিয়ে সকলোকে মুগ্ধ কৰিছে৷ সমগ্ৰ কৰিতিপাৰ অঞ্চলটো উক্ত প: ৰাগ উৎসৱৰ বাবে উৎসৱ মুখৰ হৈ পৰিছে৷

