35.1 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমমাজুলীৰ টুনী নদী উজ্জ্বীৱিতকৰণ আৰু নিষ্কাশন কাৰ্যৰ তদাৰক টুনী নদী পুনৰ উজ্জীবিত...

মাজুলীৰ টুনী নদী উজ্জ্বীৱিতকৰণ আৰু নিষ্কাশন কাৰ্যৰ তদাৰক টুনী নদী পুনৰ উজ্জীবিত কৰণ দাবী সমিতিৰ, প্ৰতিখন ঠাইত তীক্ষ্ণ নজৰ ৰাখিছে সমিতিয়ে

মাজুলীৰ টুনী নদী উজ্জ্বীৱিতকৰণ আৰু নিষ্কাশন কাৰ্যৰ তদাৰক টুনী নদী পুনৰ উজ্জীবিত কৰণ দাবী সমিতিৰ, প্ৰতিখন ঠাইত তীক্ষ্ণ নজৰ ৰাখিছে সমিতিয়ে

বিকাশ শইকীয়া, মাজুলী: ১২ মাৰ্চ: মাজুলীৰ সোঁ মাজেৰে বৈ যোৱা টুনী নদীৰ উজ্জীৱিত কৰণ আৰু নিষ্কাশনৰ সকলো কাৰ্যৰ তদাৰক কৰিছে টুনী নদীৰ উজ্জীৱিত কৰণ দাবী সমিতিয়ে৷ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ জৰিয়তে মাজুলীৰ জিলা প্ৰশাসনৰ উদ্যোগত সমগ্ৰ টুনী নদীখনৰ উজ্জীৱিত কৰণ আৰু নিষ্কাশনৰ কাম বৰ্তমান চলি আছে৷ টুনী নদী উজ্জ্বীৱিত কৰণ দাবী সমিতিৰ সভাপতি ড০ ৰাজেন বৰাই আজি সমিতিৰ এগৰাকী সন্মানীয় সদস্য নগেন বৰুৱাক লগত লৈ তেলিয়াবাৰী গাঁৱৰ অংশত চলি থকা টুনী নদীৰ শুকিন সুঁতি পুনৰ উজ্জীবিত কৰণৰ কামৰ তদাৰক কৰে৷ সমিতিয়ে লগতে ভকতি বিলত চলি থকা কামৰো অগ্ৰগতিৰ বুজ লয়৷ এই কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত টুনীনদী পুনৰ উজ্জীৱিত কৰণ দাবী সমিতিৰ নিৰীক্ষন অব্যাহত থাকিব৷ বিশেষভাবে শিলিখা গুৰিৰ পৰা চিৰাম দেউৰী গাঁৱৰ আগলৈকে এই অংশ বাৰিষাৰ আগত সম্পূৰ্ণ হ’লেহে টুনীত পানীৰ প্ৰবাহ বাঢ়িব৷ অন্যহাতে, উক্ত উজ্জীৱিতকৰণ কাৰ্য ন -ভঙা মিচিং গাঁৱৰ পৰা শুকান সুঁতি বনিয়া গাৱলৈ এই অংশত আগত চলি থকা আঁচনিৰ কাম এতিয়াও আধৰুৱা হৈ থাকিল৷ যদিহে এই অংশৰ কাম সম্পূৰ্ণ কৰা নহয় তেন্তে প্ৰকৃত অৰ্থত টুনী পুনৰ উজ্জীবিত কৰণৰ কাম আধৰুৱা হৈ থাকিব বুলি সমিতিৰ সভাপতি ড০ ৰাজেন বৰাই আজি উল্লেখ কৰিছে৷ বৰাই ২০২৪-২৫ বৰ্ষৰ পৰা টুনী পুনৰ উজ্জীৱিত কৰণৰ যিখন আঁচনিৰ কাম বৰ্তমান স্থবিৰ হৈ আছে আৰু বৰ্তমান ভকতিবিল শুকান সুঁতিক সামৰি চলি থকা দুয়োখন আঁচনিৰ ওপৰত বিতং পৰ্যালোচনা কৰিবৰ বাবে অতি কম দিনৰ ভিতৰত টুনী নদী পুনৰ উজ্জীবিত কৰণ দাবী সমিতিয়ে ইয়াৰ লগত জড়িত সকলো সদস্যক লৈ বৃহৎ জন-সভা অনুষ্ঠিত কৰিব বুলি সভাপতি ড° ৰাজেন চন্দ্ৰ বৰাই জানিবলৈ দিয়ে৷

RELATED ARTICLES
Lucknow
light rain
33.5 ° C
33.5 °
33.5 °
56 %
8.1kmh
98 %
Fri
34 °
Sat
36 °
Sun
36 °
Mon
30 °
Tue
32 °

Most Popular