38.1 C
New Delhi
Saturday, April 18, 2026
spot_img
Homeঅসমকমলপুৰ সমষ্টিত উন্নয়নৰ ধাৰা অব্যাহত; কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু প্ৰৱেশদ্বাৰ মুকলি...

কমলপুৰ সমষ্টিত উন্নয়নৰ ধাৰা অব্যাহত; কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু প্ৰৱেশদ্বাৰ মুকলি বিধায়ক দিগন্ত কলিতাৰ

কমলপুৰ সমষ্টিত উন্নয়নৰ ধাৰা অব্যাহত; কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু প্ৰৱেশদ্বাৰ মুকলি বিধায়ক দিগন্ত কলিতাৰ

ষ্টাফ ৰিপৰ্টাৰ, বাইহাটা চাৰিআলি , ১২ মাৰ্চঃ কমলপুৰ বিধানসভা সমষ্টিত উন্নয়নৰ ধাৰা অব্যাহত ৰাখি আজি কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সমষ্টিটোৰ বিধায়ক শ্ৰীযুত দিগন্ত কলিতাই দিনটোত দুটা গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এখন নৱনিৰ্মিত প্ৰৱেশদ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। বিভিন্ন স্থানত অনুষ্ঠিত এই কাৰ্যসূচীসমূহত স্থানীয় ৰাইজৰ উৎসাহজনক উপস্থিতি লক্ষ্য কৰা যায় আৰু অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত এই পদক্ষেপ সমূহ বিশেষ তাৎপৰ্যপূৰ্ণ বুলি মত প্ৰকাশ কৰা হয়।

প্ৰাপ্ত তথ্য অনুসৰি, সাজেই দগাঁও অঞ্চলত প্ৰায় ২০ লাখ টকা ব্যয় সাপেক্ষে এটা নতুন ৰাজহুৱা সভাঘৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক দিগন্ত কলিতাই। এই প্ৰকল্পটোৰ বাবে ১০ লাখ টকা অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ আছুতীয়া পুঁজিৰ পৰা আৰু আন ১০ লাখ টকা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ প্ৰবিত্ৰ মাৰ্ঘেৰিটাৰ সাংসদ উন্নয়ন পুঁজিৰ পৰা আবণ্টন কৰা হৈছে বুলি জানিব পৰা গৈছে। সভাঘৰটো নিৰ্মাণ সম্পূৰ্ণ হ’লে অঞ্চলটোৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু ৰাজহুৱা কাৰ্যসূচী সমূহ আয়োজন কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ’ব বুলি বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে।

ইয়াৰ উপৰি কৰৈবাৰী অঞ্চলত অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ ‘Untied Fund’ আঁচনিৰ অধীনত কৰৈবাৰী ৰাজহুৱা শ্মশানৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। এই প্ৰকল্পটোৰ অধীনত শ্মশানখনত বিশ্ৰামাগাৰ নিৰ্মাণ, পানী যোগান ব্যৱস্থা, আভ্যন্তৰীণ পথ উন্নয়ন আৰু অন্যান্য প্ৰয়োজনীয় আন্তঃগাঁথনি সুবিধা উন্নত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে। এই উন্নয়ন মূলক ব্যৱস্থাসমূহ সম্পূৰ্ণ হ’লে স্থানীয় ৰাইজে বহুদিনৰ পৰা অনুভৱ কৰি অহা অসুবিধাসমূহ দূৰ হ’ব আৰু অঞ্চলটোৰ জনসাধাৰণ যথেষ্ট উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

আনহাতে, সমষ্টিটোৰ অন্যতম আধ্যাত্মিক আৰু ঐতিহ্যবাহী ধৰ্মীয় কেন্দ্ৰ শ্ৰীশ্ৰী কুৰ্ম্ম-মাধৱ দেৱালয়লৈ যোৱা পথৰ নৱনিৰ্মিত প্ৰৱেশদ্বাৰ খনো আজি আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ উদ্যোগত নিৰ্মাণ কৰা এই প্ৰৱেশদ্বাৰ খনে দেৱালয়টোলৈ আগমণ কৰা ভক্তপ্ৰাণ ৰাইজ আৰু দৰ্শনাৰ্থী সকলৰ বাবে অধিক সুবিধা প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ ধৰ্মীয় পৰ্যটনৰ ক্ষেত্ৰত এক নতুন পৰিচয় দাঙি ধৰিব বুলি উপস্থিত অতিথি সকলে মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠান সমূহত কমলপুৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা স্থানীয় গণ্য-মান্য ব্যক্তি, সমাজকৰ্মী আৰু বহু সংখ্যক ৰাইজ উপস্থিত থাকি চৰকাৰ তথা বিধায়কগৰাকীৰ এই উন্নয়নমূলক পদক্ষেপসমূহক আদৰণি জনায়।

RELATED ARTICLES
Lucknow
haze
40 ° C
40 °
40 °
16 %
5.1kmh
22 %
Sat
42 °
Sun
45 °
Mon
42 °
Tue
43 °
Wed
44 °

Most Popular