30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমকলগাছিয়াৰ ডিমাপুৰত দিন দুপৰতে চোৰৰ চাফাই অভিযান।

কলগাছিয়াৰ ডিমাপুৰত দিন দুপৰতে চোৰৰ চাফাই অভিযান।

কলগাছিয়াৰ ডিমাপুৰত দিন দুপৰতে চোৰৰ চাফাই অভিযান।

ষ্টাফ ৰিপৰ্টাৰ দুৰ্নীতিৰ দৰ্পণ বৰপেটা, ১২ মে: কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ডিমাপুৰ গাওঁৰ অসম গ্ৰামীণ বিকাশ বেংকৰ কৰ্মচাৰী প্ৰয়াত গাজিবৰ ৰহমানৰ ঘৰত দিন দুপৰতে চলিলে চোৰৰ চাফাই অভিযান। জানিব পৰা মতে ঘৰত কোনোও নথকাৰ সুযোগতে চোৰে চলালে এই চাফাই অভিযান। চোৰে লুটি নিলে নগদ ধনৰ লগতে লক্ষাধিক টকাৰ সোনৰ গহনা। গ্ৰীলৰ তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ সমগ্ৰ দৃশ্য বন্দী চি চি কেমেৰাত। ইতিমধ্যে ভূক্তভোগীয়ে চি চি কেমেৰাৰ ফুটেজ সহ এখন এজাহাৰ পত্ৰ কলগাছিয়া আৰক্ষী থানাত জমা দিয়ে। কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিতেশ হালৈয়ে চি চি টিভিৰ ফুটেজ আৰু এজাহাৰ গ্ৰহণ কৰি তদন্ত অব্যাহত ৰাখিছে। স্হানীয় ৰাইজে অভিযোগ কৰে যে মদ, ভাং, ড্ৰাগছ, তিৰ খেল, জুৱা খেল আৰু আই পি এলৰ লগত জড়িত থকা দুষ্কৃতিকাৰীয়ে এই চুৰি কাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰে। কলগাছিয়া অঞ্চলৰ সচেতন মহলে আৰু কয় যে কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে মদ, ভাং, ড্ৰাগছ, তিৰ খেল, জোৱা খেল আৰু আই পি এল আদি অসামাজিক আৰু অনৈতিক কাৰ্য নিয়ন্ত্ৰণ কিছু পৰিমাণে কৰিছে যদিও সম্পূৰ্ণ ৰূপে অসামাজিক আৰু অনৈতিক কাৰ্য বন্ধ কৰিবলৈ কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আহ্বান জনায়।

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular