29.7 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমকলিয়াবৰ আমবাগানত কিতাপ কিনিবলৈ গৈ ৰহস্যজনকভাবে সন্ধানহীন হোৱা এজন দশম শ্ৰেণীৰ ছাত্ৰক...

কলিয়াবৰ আমবাগানত কিতাপ কিনিবলৈ গৈ ৰহস্যজনকভাবে সন্ধানহীন হোৱা এজন দশম শ্ৰেণীৰ ছাত্ৰক লৈ গভীৰ চিন্তাত পৰিছে পৰিয়ালৰ লগতে স্থানীয় লোকসকল

কলিয়াবৰ আমবাগানত কিতাপ কিনিবলৈ গৈ ৰহস্যজনকভাবে সন্ধানহীন হোৱা এজন দশম শ্ৰেণীৰ ছাত্ৰক লৈ গভীৰ চিন্তাত পৰিছে পৰিয়ালৰ লগতে স্থানীয় লোকসকল

দুৰ্নীতিৰ দৰ্পণ , কলিয়াবৰ : কলিয়াবৰৰ হাতীবন্ধা গাঁৱৰ দুলাল চক্ৰৱৰ্তীৰ ১৬ বছৰীয়া পুত্ৰ দীপ চক্ৰৱৰ্তী বিগত চাৰিদিন ধৰি নিখোজ। দীপ চক্ৰৱৰ্তী শিক্ষা বিকাশ জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ মেধাৱী ছাত্ৰ আৰু সদায় অধ্যয়নত মনোযোগী বুলিও পৰিয়ালৰ লোকে জনাইছে। ঘৰৰ পৰা কলিয়াবৰ আমবাগানত কিতাপ কিনিবলৈ ওলাই গৈছিল যদিও তাৰ পিছত তেওঁ ঘৰত উভতি নহ’ল, যাৰ ফলত পৰিয়াল তথা অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকে আত্মীয়-স্বজন আৰু কলিয়াবৰ,আমবাগান,লাওখোৱা ,হোজাইৰ লগতে বহুতো ঠাইত বিচাৰ-খোচাৰ চলাইছিল যদিও কোনো ধৰণৰ তথ্য লাভ কৰিব নোৱাৰিলে। ঘটনা সম্পৰ্কে স্থানীয় চুলুং আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হয়। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ছাত্ৰজনক বিচাৰি তদন্ত আৰম্ভ কৰিছে আৰু বিভিন্ন স্থানত অনুসন্ধান চলাইছে, কিন্তু বৰ্তমানলৈকে কোনো নিশ্চিত সন্ধান পোৱা হোৱা নাই। এই ঘটনাই অঞ্চলটোৰ লোকসকলকো উদ্বিগ্ন কৰি তুলিছে। যদি কোনো লোকে দীপ চক্ৰৱৰ্তীৰ বিষয়ে কোনো তথ্য লাভ কৰে তেন্তে দয়া কৰি ৯৮৫৪২১০৮২৪ অথবা ৯১০১৬৯৬৬৬৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

RELATED ARTICLES
Lucknow
overcast clouds
28.1 ° C
28.1 °
28.1 °
79 %
6.3kmh
97 %
Fri
34 °
Sat
36 °
Sun
35 °
Mon
31 °
Tue
28 °

Most Popular