29.3 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমকামৰূপ জিলাত জিলা দিৱস উদযাপন

কামৰূপ জিলাত জিলা দিৱস উদযাপন

কামৰূপ জিলাত জিলা দিৱস উদযাপন

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ৩১ মাৰ্চঃ কামৰূপ জিলা দিৱস উপলক্ষে আজি গুৱাহাটী বায়’টেক পাৰ্কৰ প্ৰেক্ষাগৃহত এক অনুষ্ঠান আয়োজন কৰা হয়৷ অনুষ্ঠানত বিশিষ্ট বুৰঞ্জীবিদ ড° নিত্যনন্দ গগৈ মুখ্য অতিথি হিচাপে উপস্থিত থাকে৷ শৰাইঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মণি শৰ্মাই মঙ্গলাচৰণ ধ্বনিৰে অনুষ্ঠানৰ আৰম্ভণি কৰে আৰু আদৰণি ভাষণ প্ৰদান কৰে৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট বুৰঞ্জীবিদ ড° নিত্যনন্দ গগৈয়ে কয় যে কামৰূপ জিলাই অসমৰ ইতিহাসত এক অতি গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে৷ তেওঁ উল্লেখ কৰে যে প্ৰাচীন কালত অসমৰ নাম “কামৰূপ” আৰু “প্ৰাগজ্যোতিষপুৰ” হিচাপে পৰিচিত আছিল আৰু “প্ৰাগজ্যোতিষপুৰ” নামৰ উল্লেখ ৰামায়ণ আৰু মহাভাৰততো পোৱা যায়৷ তেওঁ লগতে কয় যে মহাৰাজ পৃত্থুৱে বখতিয়াৰ খিলজীক পৰাজিত কৰিছিল আৰু ইয়াৰ উল্লেখ ‘তবাকত-ই-নাছিৰী’ত উল্লেখ আছে আৰু ইয়াৰ স্মৃতি কানাই বৰশী বোৱা শিলালিপিতো সংৰক্ষিত হৈ আছে৷ ইয়াৰ উপৰিও ড° গগৈয়ে কামৰূপ জিলাৰ পাহাৰ-পৰ্বতসমূহৰ ঐতিহাসিক গুৰুত্বৰ কথাও উল্লেখ কৰি কয় যে আজ্ঞাঠুৰী পাহাৰ, অশ্বক্লান্ত পাহাৰ, জিলাখনৰ মঠ-মন্দিৰ থকা স্থানসমূহে প্ৰাচীন সভ্যতা আৰু ধৰ্মীয় ঐতিহ্যৰ সাক্ষ্য বহন কৰি আহিছে বুলি তেওঁ কয়৷ এই স্থানসমূহে ইতিহাস আৰু ভূগোল শিকিবলৈ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ অনুষ্ঠানত কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই নিজৰ ভাষণত কয় যে কামৰূপ জিলা অসমৰ ইতিহাস, সংস্কৃতি আৰু ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ আধাৰ৷ তেওঁ উল্লেখ কৰে যে ব্ৰিটিছ শাসনকালত গঠন কৰা সাতখন জিলাৰ ভিতৰত কামৰূপ এখন অন্যতম জিলা আৰু প্ৰশাসনিক সুবিধাৰ বাবে সময়ৰ সৈতে এই জিলাৰ পুনৰ্গঠন কৰা হৈছে৷ ইয়াৰ উপৰিও জিলা আয়ুক্তগৰাকীয়ে কয় যে কামৰূপ কেৱল এখন প্ৰশাসনিক জিলা নহয়, বৰং ই এখন সমৃদ্ধ ঐতিহ্য আৰু সংস্কৃতিৰে ভৰপূৰ অঞ্চল, যাৰ ইতিহাস আৰু পৰিচয় নতুন প্ৰজন্মই জানিব লাগিব৷ তেওঁ সকলোকে কামৰূপ কিয় বিখ্যাত আৰু ইয়াৰ ঐতিহাসিক-সাংস্কৃতিক গুৰুত্ব কি সেই বিষয়ে অধ্যয়ন কৰিবলৈ আহ্বান জনায়৷ তেওঁ লগতে ঐতিহাসিক স্থান, সাংস্কৃতিক সম্পদ আৰু ঐতিহ্য সংৰক্ষণ কৰা আমাৰ সকলোৰে দায়িত্ব আৰু প্ৰত্যেকেই নিজৰ সামৰ্থ্য অনুসাৰে এই ক্ষেত্ৰত আগবাঢ়ি আহিব লাগে বুলি উল্লেখ কৰে৷ জিলা আয়ুক্তগৰাকীয়ে আগন্তুক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ প্ৰসংগত সকলো নাগৰিকক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়৷ অনুষ্ঠানত বক্তব্য ৰাখি দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নবকান্ত অধিকাৰীয়ে কামৰূপ জিলাৰ স্বাধীনতা আন্দোলনৰ সৈতে জড়িত ইতিহাসৰ বিষয়ে আলোকপাত কৰে৷ তেওঁ বকো অঞ্চলত ব্ৰিটিছ শাসনকালত চলা “জল কাৰাগাৰ”ৰ দৰে অমানৱীয় ব্যৱস্থাৰ কথা উল্লেখ কৰাৰ লগতে গ্ৰেজিং টেক্স, ভূমি ৰাজহৰ বিৰুদ্ধে চলা আন্দোলন আৰু অসহযোগ আন্দোলনৰ কথাও উল্লেখ কৰে৷ অনুষ্ঠানত শৰাইঘাট মহাবিদ্যালয় পৰিচালনা কমিটিৰ প্ৰাক্তন সভাপতি ড° জ্ঞানদা নাথে কামৰূপ জিলাৰ ভৌগোলিক আৰু সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে ভাষণ প্ৰদান কৰে৷ তেওঁ কুলশী নদীৰ গুৰুত্ব, অসমৰ শিল্প-স্থাপত্য, ভাস্কৰ্য, পোৱা মক্কা, হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দৰে ধৰ্মীয় স্থানসমূহৰ সম্প্ৰীতিৰ বাণী, শুৱালকুছিৰ বয়ন শিল্প আৰু হাজোৰ কাঁহ-পিতল শিল্পৰ ঐতিহ্যৰ বিষয়ে উল্লেখ কৰে৷ অনুষ্ঠানত কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ গোস্বামী, জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত, অতিৰিক্ত জিলা আয়ুক্ত গীতাশ্ৰী লাচিত আৰু বিশ্বজিৎ শইকীয়া নিৰ্বাচনী বিষয়া ড০ ভূপালী কাশ্যপ, বিদ্যালয়সমূহৰ পৰিদৰ্শক তপন কলিতাকে ধৰি বহু সংখ্যক ব্যক্তি উপস্থিত থাকে৷

RELATED ARTICLES
Lucknow
broken clouds
29.3 ° C
29.3 °
29.3 °
74 %
3.5kmh
63 %
Tue
29 °
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °

Most Popular