29.3 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমহোজাই জিলাত ’ড্ৰাই ডে’ ঘোষণা, ​অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ২০২৬-ৰ পৰিপ্ৰেক্ষিতত অসম

হোজাই জিলাত ’ড্ৰাই ডে’ ঘোষণা, ​অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ২০২৬-ৰ পৰিপ্ৰেক্ষিতত অসম

হোজাই জিলাত ’ড্ৰাই ডে’ ঘোষণা, ​অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ২০২৬-ৰ পৰিপ্ৰেক্ষিতত অসম

দুৰ্নীতিৰ দৰ্পন সেৱা ডবকা: ৩১ এপ্ৰিল, আৰিফ মজুমদাৰৰ ৰিপৰ্ট – চৰকাৰৰ শেহতীয়া নিৰ্দেশনা,জন প্ৰতিনিধিত্ব আইন ১৯৫১-ৰ ধাৰা ১৩৫(চি) আৰু অসম আবকাৰী নিয়মাৱলী ২০১৬-ৰ নিয়ম ৩২৬(এ) অনুসৰি হোজাইৰ জিলা আয়ুক্ত শ্ৰী দেৱ প্ৰসাদ মিশ্ৰই (ভা: প্ৰ: সে) এক আদেশ জাৰি কৰিছে৷ এই নিৰ্দেশনা অনুসৰি, অহা ৭ এপ্ৰিল ২০২৬-ৰ বিয়লি ৫ বজাৰ পৰা ৯ এপ্ৰিল ২০২৬-ৰ বিয়লি ৫ বজালৈকে সুৰা বিক্ৰী আৰু বিতৰণ নিষিদ্ধ থাকিব৷ ​তদুপৰি, ভোট গণনাৰ বাবে নিৰ্ধাৰিত দিন অৰ্থাৎ ৪ মে’, ২০২৬ তাৰিখেও হোজাই জিলাত ভোটগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ’ড্ৰাই ডে’ অব্যাহত থাকিব৷ এই নিৰ্দিষ্ট সময়ছোৱাত জিলাখনৰ সকলো পাইকাৰী ৱেৰহাউচ, আই.এম.এফ.এল (IMFL) খুচুৰা ’অফ’ আৰু ’অন’ দোকান, ক্লাব, বাৰ, হোটেল আৰু দেশীয় সুৰাৰ দোকানসমূহ সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে৷ কোনো ব্যক্তিয়ে অবৈধভাৱে সুৰা মজুত কৰি ৰখা কাৰ্যও নিষিদ্ধ কৰা হৈছে আৰু অনুজ্ঞাপত্ৰবিহীন স্থানত সুৰা মজুতকৰণৰ বিৰুদ্ধে আবকাৰী আইন কঠোৰভাৱে প্ৰয়োগ কৰা হ’ব৷ ​এই চৰকাৰী আদেশৰ কোনো ধৰণৰ উলংঘন ঘটিলে, অসম আবকাৰী আইন আৰু নিয়মাৱলীৰ লগতে জনপ্ৰতিনিধিত্ব আইন ১৯৫১-ৰ ধাৰা ১৩৫(চি) অনুসাৰে দোষীৰ বিৰুদ্ধে বিহিত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

RELATED ARTICLES
Lucknow
broken clouds
29.3 ° C
29.3 °
29.3 °
74 %
3.5kmh
63 %
Tue
29 °
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °

Most Popular