নগাঁৱৰ ভোট গণনা কেন্দ্ৰত মুখ্য নিৰ্বাচন বিষয়া , প্ৰস্তুতিৰ বুজ লৈ অনুৰাগ গোৱেলৰ সন্তুষ্টি
পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ২৮ এপ্ৰিল : অহা ৪ মে’ত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়াৰ প্ৰস্তুতিৰ বুজ ল’বলৈ মঙ্গলবাৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে নগাঁৱত আহি উপস্থিত হয়। তেওঁ পোনতে চহৰখনৰ মাজমজিয়াস্থিত চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত উপস্থিত হৈ তাত স্থাপন কৰা ষ্ট্ৰং ৰুম আৰু ভোটগণনা কক্ষসমূহ পৰিদৰ্শন কৰে। বিশেষকৈ ষ্ট্ৰং ৰুমৰ চাৰিওফালে থকা নিৰাপত্তা ব্যৱস্থা আৰু চিচিটিভি ব্যৱস্থা তেওঁ নিৰীক্ষণৰ কৰে। পৰিদৰ্শনকালত মুখ্য নিৰ্বাচন বিষয়াগৰাকীয়ে ভোটগণনা কেন্দ্ৰসমূহৰ সামগ্ৰিক আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি গণনাৰ দিনা নিয়োজিত হ’বলগীয়া বিষয়া-কৰ্মচাৰীসকলৰ সুবিধা তথা জৰুৰীকালীন ব্যৱস্থাৱলীৰ বিষয়েও পুংখানুপুংখভাৱে পৰ্যালোচনা কৰে। ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি প্ৰতিটো কক্ষতে যাতে কোনো ধৰণৰ কাৰিকৰী বা মানৱীয় বিসংগতিয়ে দেখা নিদিয়ে, সেই সন্দৰ্ভত তেওঁ জিলা প্ৰশাসন আৰু নিৰ্বাচনী বিষয়া সকলৰ সৈতে বিস্তৃত আলোচনা কৰে। এই সন্দৰ্ভত জিলা প্ৰশাসনে ইতিপূৰ্বে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ সন্দৰ্ভত তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। এই পৰিদৰ্শন কালত, জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস, অতিৰিক্ত আয়ুক্ত পল্লৱী গগৈ, নিৰ্বাচন বিষয়া শেখৰণ ফুকন প্ৰমুখ্যে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে।

