39.1 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমকোকৰাঝাৰ ৰূপসীৰ বেষমা উৎসৱ পালন

কোকৰাঝাৰ ৰূপসীৰ বেষমা উৎসৱ পালন

কোকৰাঝাৰ ৰূপসীৰ বেষমা উৎসৱ পালন

দুৰ্নীতিৰ দৰ্পণ, ধুবুৰী, ১০ মে ২৬ঃ কোকৰাঝাৰ জিলাৰ পৰ্ৱতঝৰা সমষ্টিৰ অন্তৰ্গত ৰূপসী অঞ্চলত যোৱাকালিৰে পৰা কোচ ৰাজবংশী সকলৰ বা কোচ কামতাপুৰীসকলৰ জাতীয় উৎসৱ বেষমা উদযাপন পালন কৰা হয় । উল্লেখ্য AKRSU ৰ ৰূপসী আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰতিবছৰৰ দৰে এই বেলিও পালন কৰা হৈ আছে কোচ কামতাপুৰবাসী জনগণৰ বিষুৱা বা বেষমা উৎসৱ। আৰু আজিৰ দিনটোৰ প্ৰথম কাৰ্য্যসূচী মতে পতাকা উত্তোলনেৰে কাৰ্য্যসূচী আৰম্ভ হয়। তাৰ পিছত চিলাৰাই প্ৰতিচ্ছবিত মাল্য অৰ্পণ প্ৰদান কৰি। উপস্থিত অতিথি সকলক কোচ ৰাজবংশীয় জাতীয় গামোচা দি সম্বোধনা প্ৰদান কৰি দিনৰ বিভিন্ন কাৰ্য্যসূচীৰ শেষ হোৱাৰ পিছত জল পান প্ৰদান কৰা হয় উপস্থিত ৰাইজক। তাৰ পিছত আবেলিৰ সময়ত কাতিকা, গোৱালনী আৰু হুদুম নৃত্য অনুষ্ঠিত হয়। আৰু তাৰ পিছত অনুষ্ঠানৰ মঞ্চ মুকলি হয়। আৰু বিভিন্ন কাৰ্য্যসূচীৰে যোৱাকালি অনুষ্ঠান সামৰণি মাৰে

RELATED ARTICLES
Lucknow
scattered clouds
36.5 ° C
36.5 °
36.5 °
25 %
3.8kmh
49 %
Wed
36 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular