29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমকোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত কৃতিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত কৃতিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত কৃতিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ৮ মে’: – মধ্য অসমৰ কোচ ৰাজবংশী মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মধ্য অসম কোচ ৰাজবংশী উন্নয়ন প্ৰাধিকৰণ দাবী সমিতিৰ যৌথ সহযোগত বৃহস্পতিবাৰে এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়৷ বৃহত্তৰ মৰিগাঁও জিলাৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে জাগীৰোডৰ কলামন্দিৰ প্ৰেক্ষাগৃহত মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জিলা সভাপতি প্ৰণৱ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হয় উক্ত সম্বৰ্ধনানুষ্ঠান৷ প্ৰায় দুই শতাধিক কৃতিমান ছাত্ৰ-ছাত্ৰীক কোচ জনগোষ্ঠীয় গামোচা, মানপত্ৰ আৰু কলমেৰে সম্বৰ্ধনা জনোৱা হয়৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি পৰেশ চন্দ্ৰ ডেকা মধ্য অসম কোচ ৰাজবংশী দাবী সন্মিলনৰ সভাপতি ৰাণা কান্ত ডেকা, উন্নয়ন প্ৰাধিকৰণ দাবী সমিতিৰ সাধাৰণ সম্পাদক গোবিন বৰা, মধ্য উন্নয়ন প্ৰাধিকৰণ দাবী সমিতিৰ সভাপতি হেমকান্ত ডেকা, মধ্য অসম কোচ ৰাজবংশীৰ সাধাৰণ সম্পাদক ৰাতুল ৰাজবংশী, সমাজসেৱক দুৰ্গা দলৈ, জিলা সমিতিৰ উপদেষ্টা ৰবীন ডেকা, সহ সম্পাদক মধ্য অসম দাবী সমিতিৰ অনুপ ডেকা, প্ৰাক্তন ছাত্ৰ নেতা মুন ঠাকুৰীয়া, সমাজকৰ্মী অশোক ডেকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ উপদেষ্টা জ্যোতিৰ্ময় গোস্বামী, গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক আৰিফ উদ্দিন আহমেদ, জাগী ভকত গাঁৱৰ গাঁও প্ৰধান প্লাৱন জ্যোতি ডেকা, জিলা উপদেষ্টা কুমুদ ডেকা, জ্যেষ্ঠ নাগৰিক জিতেন্দ্ৰ কুমাৰ ডেকা, সমাজকৰ্মী শৰৎ ডেকা প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular