33.4 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমকৱৰী বন্ধন’ গ্ৰন্থ উন্মোচন আৰু ‘সতী ৰাধিকা শান্তি দিৱস’ পালন

কৱৰী বন্ধন’ গ্ৰন্থ উন্মোচন আৰু ‘সতী ৰাধিকা শান্তি দিৱস’ পালন

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ২ মে’: কালি ১৭ ব’হাগ, বুদ্ধ পূৰ্ণিমা তিথি, ১ মে’, শুক্ৰবাৰে ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ উদ‍্যোগত তথা কামৰূপ মহানগৰ সমিতিৰ সহযোগত ‍ ভৰলুমুখস্থিত আলোক ভৱনৰ সংঘসাধক মধুকৰ লিময়ে প্ৰেক্ষাগৃহত বিয়লি ৩ বজাত এখনি “গ্ৰন্থ উন্মোচনী সভা”ৰ লগতে ‘সতী ৰাধিকা শান্তি দিৱস’ উপলক্ষে বিশেষ বক্তৃতানুষ্ঠান এভাগি আয়োজন কৰা হয় । মা কামাখ‍্যা দেৱালয়ৰ প্ৰাক্তন দলৈ যদুনাথ শৰ্মাদেৱ বিৰচিত “কৱৰী বন্ধন” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে উত্তৰ লখিমপুৰ বিশ্ববিদ‍্যালয়ৰ সন্মানীয় উপাচাৰ্য‍ ড• মুকুল চন্দ্ৰ বৰাদেৱে । লগতে, “সতী ৰাধিকা শান্তি দিৱসৰ প্ৰাসংগিকতা” শীৰ্ষক বক্তৃতা প্ৰদান কৰ‍ে বিশিষ্ট শিক্ষাবিদ তথা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সন্মানীয় সদস‍্য ড• নিৰঞ্জন কলিতাদেৱে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত‍্য সভাৰ প্ৰাক্তন উপ-সভাপতি কনক চন্দ্ৰ শৰ্মা আৰু মা কামাখ‍্যা দেৱালয়ৰ দলৈ কবিন্দ্ৰ প্ৰসাদ শৰ্মা।মংগালচৰণ আৰু দুৰ্গাস্তুতিৰে অনুষ্ঠানটিৰ সৌষ্ঠৱ বঢ়ায় দুই শিশুশিল্পী আৰাধ‍্যা বৰ্মন আৰু আশ্বাস আয়ুস্মানে । অখিল ভাৰতীয় ইতিহাস সংকলন যোজনা, নতুন দিল্লীৰ ৰাষ্ট্ৰীয় মহাসচিব হেমন্ত ধিং মজুমদাৰদেৱৰ মাৰ্গদৰ্শনত হোৱা অনুষ্ঠানটিত প্ৰায় ডেৰ শতাধিক ইতিহাসপ্ৰেমী তথা সাহিত‍্যানুৰাগী ৰাইজ উপস্থিত থাকে । তেখেতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতাব্দী বৰ্ষ উপলক্ষে “পঞ্চ পৰিৱৰ্তন”ৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে ।‍ বিশেষকৈ, সাম্প্ৰতিক সময়ত “সামাজিক সমৰসতা”ৰ উৎকৃষ্ট নিদৰ্শন হিচাপে ঐতিহাসিক চৰিত্ৰ সতী ৰাধিকাৰ বিষয়ে উপস্থিত দৰ্শকবৃন্দৰ সমুখত ভাষণ ৰাখে । ঘোষিকা হিচাপে অনুষ্ঠানটি সুচাৰুৰূপে চলাই নিয়ে কামৰূপ মহানগৰ সমিতিৰ মহিলা টোলীৰ সদস‍্যা ৰ’জী পাঠকে । শেষত “শলাগৰ শৰাই” আগবঢায় ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ প্ৰান্তীয় প্ৰচাৰ প্ৰমুখ প্ৰাঞ্জল দাসে আৰু কল‍্যণ মন্ত্ৰেৰে অনুষ্ঠানটিৰ সামৰণি মৰা হয় ।

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular