33.4 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমবৌদ্ধসকলৰ মহান পবিত্ৰ উৎসৱ বুদ্ধ পূৰ্ণিমা

বৌদ্ধসকলৰ মহান পবিত্ৰ উৎসৱ বুদ্ধ পূৰ্ণিমা

বৌদ্ধসকলৰ মহান পবিত্ৰ উৎসৱ বুদ্ধ পূৰ্ণিমা

দুৰ্নীতিৰ দৰ্পণ, মাৰ্ঘেৰিটা,১মেঃ আজি সমগ্ৰ বিশ্বতে বৌদ্ধ ধৰ্মীয় লোকসকলে পবিত্ৰ বুদ্ধ পূৰ্ণিমা উলহ মালহেৰে উদযাপন কৰিছে। অসম-অৰুণাচল প্ৰদেশত বসবাস কৰা বৌদ্ধসকলেও আজিৰ দিনটোত ধৰ্মীয় ৰীতি-নীতি অনুসৰী বুদ্ধ পূৰ্ণিমা তিথি পালন কৰা পৰিলক্ষিত হৈছে। পুৱাই ৬ ৰশ্মি বিশ্ব বৌদ্ধ পতাকা উত্তোলন কৰি পতাকা থলিত পতাকা উত্তোলন গীত পৰিৱেশন কৰে। পবিত্ৰ বৌদ্ধ আশ্ৰমত দান-শীল-ভাৱনাৰ(থম দ্ৰা) কাৰ্যসূচীৰ জৰিয়তে তৃৰত্ন (বুদ্ধ-ধৰ্ম্ম-সংঘ) বন্দনা, বৌদ্ধ গুৰু জনাৰ শৰণত সেৱা পূজা,কিছু কিছু স্থানত শ্ৰমন দিক্ষা, কল্পতৰু সুভা যাত্ৰা, সন্ধিয়া বিশ্ব শান্তি কামনাৰে বন্তি প্ৰজ্বলন, বিভিন্ন ধৰণৰ নৃত্য-গীতৰ কাৰ্যসূচীৰে অতি উলহ মালহেৰে উদযাপন কৰিছে। বুদ্ধ পূৰ্ণিমাৰ মহত্ত্ব কি? সমগ্ৰ বিশ্বতে বুদ্ধ পূৰ্ণিমা কিয় পালন কৰা হয়? ব’হাগ মাহৰ পূৰ্ণিমা অৰ্থাৎ আজিৰ দিনটোত গৌতম বুদ্ধৰ জন্ম হৈছিল। খৃঃ পূৰ্ব ৬২৩ অব্দত লুম্বিনী কাননত শাল গছৰ তলত ৩২ প্ৰকাৰৰ মহাপুৰুষৰ লক্ষণ ধাৰী তথাগত বুদ্ধৰ জন্ম হৈছিল। গৌতম বুদ্ধই ৬ বছৰ কাল অনাহাৰে কঠোৰ তপস্যা কৰি খৃঃপূৰ্ব ৫৮৮ অব্দত এই ব’হাগ মাহৰ পূৰ্ণিমা তিথিতেই বুদ্ধ গয়াৰ আঁহত গছৰ তলত সৰ্বজ্ঞতা অৰ্থাৎ দিব্য জ্ঞান লাভ কৰিছিল আৰু এই ব’হাগ মাহৰ পূৰ্ণিমা তিথিতেই খৃঃপূৰ্ব ৫৪৩ অব্দত মৌল দেশৰ জুৰিয়া শাল বনত মহা পৰিনিৰ্বান(মৃত্যু) লয়। ব’হাগ মাহৰ পূৰ্ণিমা তিথিত এই তিনিটা মহান কাৰ্য সমাপন হৈছিল যাৰ বাবেই সমগ্ৰ বিশ্বই ব’হাগ মাহৰ পূৰ্ণিমা তিথিটো বুদ্ধ পূৰ্ণিমা হিচাপে ধৰ্মীয় ৰীতি-নীতিৰে অতি উলহ মালহেৰে প্ৰতি বছৰে পালন কৰি আহিছে।

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular