গড়গাঁও মহাবিদ্যালয়ত ‘অপাৰেশ্যন সিন্দুৰ’ক স্মৰণঃ এনচিচি কেডেটৰ মাজত দেশপ্ৰেমৰ জোৱাৰ*
দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ১০ মেঃ* ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সাহস আৰু বলিদানক সন্মান জনাই গড়গাঁও মহাবিদ্যালয়ৰ ১১ অসম বিএন এনচিচি গোটে শেহতীয়াকৈ এক বিশেষ সজাগতামূলক কাৰ্যসূচী আয়োজন কৰে।’অপাৰেশ্যন সিন্দুৰ’ক কেন্দ্ৰ কৰি আয়োজিত এই অনুষ্ঠানত তথ্যচিত্ৰ প্ৰদৰ্শনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী আৰু কেডেটসকলক জাতীয় সুৰক্ষা, দেশপ্ৰেম আৰু সামৰিক বাহিনীৰ অৱদান সম্পৰ্কে সচেতন কৰি তোলাৰ প্ৰয়াস কৰা হয়। অনুষ্ঠানত প্ৰদৰ্শিত তথ্যচিত্ৰসমূহত অপাৰেশ্যন সিন্দুৰৰ কৌশলগত তাৎপৰ্য, লক্ষ্য আৰু সফলতাৰ বিষদ বিৱৰণ দাঙি ধৰা হয়। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সমন্বিত প্ৰচেষ্টা আৰু অদম্য সাহসৰ দৃশ্যাৱলী মনোযোগেৰে উপভোগ কৰি ছাত্ৰ-ছাত্ৰীসকলে জাতীয় ঐক্য আৰু প্ৰতিৰক্ষা সচেতনতাৰ বিষয়ে গভীৰ জ্ঞান আহৰণ কৰে।মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ড° সব্যসাচী মহন্তই এনচিচি গোটৰ এই প্ৰচেষ্টাক আন্তৰিকভাৱে ধন্যবাদ জনাই কয় যে এনেধৰণৰ কাৰ্যক্ৰমে নতুন প্ৰজন্মক জাতীয় সেৱা আৰু দায়িত্ববোধৰ প্ৰতি অনুপ্ৰাণিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অনুষ্ঠানত এনচিচি বিষয়া লেফটেনেণ্ট পিমিলি লাংথাছাই কেডেট আৰু ছাত্ৰ-ছাত্ৰীসকলক শৃংখলা, সেৱা আৰু দেশপ্ৰেমৰ মূল্যবোধ অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়। তেওঁ জাতি গঠনত যুৱ প্ৰজন্মৰ ভূমিকা আৰু এনচিচিৰ অৱদানৰ ওপৰত গুৰুত্বপূৰ্ণ আলোকপাত কৰে। এই অনুষ্ঠানে উপস্থিত প্ৰতিজন ছাত্ৰ-কেডেটৰ হৃদয়ত দেশৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু গৌৰৱবোধৰ সঞ্চাৰ কৰাত সফল হয়।

