29 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসমগড়গাঁও মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ উদ্যোগত খনিকৰ গাঁৱত ভোটাৰ সজাগতা আৰু...

গড়গাঁও মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ উদ্যোগত খনিকৰ গাঁৱত ভোটাৰ সজাগতা আৰু বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ কাৰ্যসূচী*

গড়গাঁও মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ উদ্যোগত খনিকৰ গাঁৱত ভোটাৰ সজাগতা আৰু বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ কাৰ্যসূচী*

*দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ,২ এপ্ৰিলঃ* আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটাৰসকলক সজাগ কৰাৰ লগতে শৈক্ষিক সজাগতা সৃষ্টিৰ উদ্দেশ্যে শিৱসাগৰৰ গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ (NSS) উদ্যোগত আৰু ইক’ ক্লাব তথা আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত আজি স্থানীয় খনিকৰ গাঁৱত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গণতন্ত্ৰৰ এই উৎসৱত প্ৰতিগৰাকী নাগৰিকৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হয়।​কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত অনুষ্ঠিত ভোটাৰ সজাগতা অভিযানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ পবন কুমাৰ গগৈয়ে ৰাইজক ভোটদানৰ গুৰুত্ব সম্পৰ্কে বিশেষভাৱে অৱগত কৰে। তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে যে সুস্থ আৰু সৱল গণতন্ত্ৰৰ বাবে প্ৰতিজন সচেতন নাগৰিকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাটো অপৰিহাৰ্য। তেওঁ ভোটাধিকাক সামূহিক কাৰ্য আখ্যা দি সুস্থ গণতন্ত্ৰৰ বাবে সকলোকে ভোটদানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। ​গড়গাঁও মহাবিদ্যালয়ৰ প্ৰতিপালিত গাঁও খনিকৰ গাঁৱস্থিত ভোগবাৰী মধ্য ইংৰাজী বিদ্যালয়ত ‘উৎসৱ বিদ্যাৰম্ভ’ৰ সৈতে সংগতি ৰাখি এন এছ এছ গোটৰ উদ্যোগত ‘বিজ্ঞান শিক্ষাৰ প্ৰসাৰতা’ বিষয়ক আন এক কাৰ্যসূচীও অনুষ্ঠিত হয়। বিদ্যালয়খনৰ শিক্ষক সৌৰভ খনিকৰে আঁত ধৰা অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মহাবিদ্যালয়খনৰ ভূতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ড০ চিৰন্তন ভাগৱতী।তেওঁ ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞানৰ গুৰুত্ব আৰু দৈনন্দিন জীৱনত ইয়াৰ প্ৰয়োগৰ বিষয়ে সহজ-সৰল ভাষাৰে বুজাই দিয়ে। বিজ্ঞানক কেৱল পাঠ্যপুথিৰ মাজত আৱদ্ধ নাৰাখি অনুসন্ধিৎসু মনোভাৱেৰে পৰীক্ষা-নিৰীক্ষা কৰিবলৈ তেওঁ শিক্ষাৰ্থীসকলক উৎসাহিত কৰে। মহাবিদ্যালয়খনৰ এন এছ এছ গোটৰ স্বেচ্ছাসেৱকসকলে বিজ্ঞানৰ পৰীক্ষাসমূহ ব্যৱহাৰিক ৰূপত প্ৰদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰে।​ভোটাৰসকলক উৎসাহিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ লক্ষ্যৰে আয়োজিত এই দুয়োটা অনুষ্ঠানেই স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যাপক সঁহাৰি লাভ কৰা পৰিলক্ষিত হয়।অনুষ্ঠানসমূহত গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিষয়া ড০ দীপাংকৰ বুঢ়াগোঁহাই, বিদ্যালয় প্ৰধান শশীপ্ৰভা গগৈকে প্ৰমুখ্য কৰি মহাবিদ্যালয়খনৰ কেইবাগৰাকীও অধ্যাপক-অধ্যাপিকা, ভোগবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ আটাইকেইজন শিক্ষক-শিক্ষয়িত্ৰী, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকসকলৰ লগতে গাঁৱৰ গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত লোৱা এই পদক্ষেপক মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ড০ সব্যসাচী মহন্তই সময়োপযোগী আখ্যা দি আয়োজকসকলৰ বিশেষ শলাগ লয়।

RELATED ARTICLES
Lucknow
overcast clouds
28 ° C
28 °
25.8 °
100 %
2.1kmh
96 %
Fri
36 °
Sat
35 °
Sun
31 °
Mon
34 °
Tue
33 °

Most Popular