31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমগোলাঘাটৰ প্ৰচাৰ বিমুখ চিত্ৰশিল্পী ৰাণা কলিতাৰ ৰং-তুলিকাত প্ৰাণ উঠিছে অপূৰ্ব সৃষ্টিৰাজী

গোলাঘাটৰ প্ৰচাৰ বিমুখ চিত্ৰশিল্পী ৰাণা কলিতাৰ ৰং-তুলিকাত প্ৰাণ উঠিছে অপূৰ্ব সৃষ্টিৰাজী

গোলাঘাটৰ প্ৰচাৰ বিমুখ চিত্ৰশিল্পী ৰাণা কলিতাৰ ৰং-তুলিকাত প্ৰাণ উঠিছে অপূৰ্ব সৃষ্টিৰাজী

দুৰ্নীতিৰ দৰ্পণ, গোলাঘাট,২২মেঃ গোলাঘাটৰ চান্দমাৰীৰ বাসিন্দা বিশিষ্ট চিত্ৰশিল্পী ৰাণা কলিতাৰ ৰং-তুলিকাত প্ৰাণ পায় উঠিছে বিভিন্ন চিত্ৰশিল্পই।এসময়ৰ অসম আন্দোলনত অগ্ৰণী ভূমিকা পালন কৰা সৃষ্টিশীল মনৰ অধিকাৰী কলিতাই চিত্ৰশিল্পৰ কোনো প্ৰশিক্ষণৰ গ্ৰহণ নকৰাকৈয়ে ১৯৬৯ চনৰ পৰাই ৰং-তুলিকা হাতত তুলি লয়।প্ৰচাৰ বিমুখ শিল্পীজনে জ্যোতি,বিষ্ণু,ডঃভূপেন হাজৰিকা,প্ৰথম ছহীদ খৰ্গেশ্বৰ তালুকদাৰ,ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু,নৰেন্দ্ৰ মোদী,ড’নাল্ড টাম্প আদি বিশিষ্ট ব্যক্তি সকলৰ চিত্ৰ অংকণ কৰা উপৰিও জনগণৰ জীৱন পৰিক্ৰমা, নাৰী নিৰ্যাতন,গঁড হত্যা,বিষ্ণু ৰাভাৰ “পৰ জনমত শুভ লগণত” ডঃ ভূপেন হাজৰিকাৰ “বিমূৰ্ত মোৰ নিশাটো” আদি কালজয়ী গীত সমূহৰ আধাৰত অংকিত চিত্ৰ সমূহে প্ৰাণ পায় উঠিছে। সহজ-সৰল চিত্ৰ শিল্পীজনে অংকণ কৰা চিত্ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মুম্বাইৰ বংগীয় কলাকেন্দ্ৰৰ সৌজন্যত বিশ্বৰ বিখ্যাত চিত্ৰশিল্পী সকলৰ মাজত প্ৰদৰ্শন হৈছে আৰু তেওঁক এই অনুষ্ঠানে কলিতাক স্বীকৃতি প্ৰদান কৰিছে।বিশ্ব বিখ্যাত চিত্ৰকৰ মকবুল ফিদা হুছেইনৰ সান্নিধ্য লাভ কৰা চিত্ৰশিল্পীজনক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্ধনা-সন্মান আদি আগবঢ়াইছে।প্ৰচাৰ বিমুখ চিত্ৰশিল্পীজনে চৰকাৰৰ পৰা উপযুক্ত সাহাৰ্য লাভ নকৰিলেও তেওঁ চিত্ৰৰ মাধ্যমেৰে উত্তৰ প্ৰজন্মক সজাগ-সচেতনেৰে এখন সুস্থ-শান্তি প্ৰিয় সমাজ গঢ়াৰ প্ৰয়াস কৰিছে আৰু তেওঁৰ চিত্ৰ সমূহ ভৱিষ্যত প্ৰজন্মক সংৰক্ষণৰ আহ্বান জনাইছে।

RELATED ARTICLES
Lucknow
overcast clouds
34.4 ° C
34.4 °
34.4 °
50 %
5kmh
100 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
36 °
Sun
35 °

Most Popular