35.1 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমগোসাঁইগাঁও প্ৰেছ ক্লাবত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

গোসাঁইগাঁও প্ৰেছ ক্লাবত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

গোসাঁইগাঁও প্ৰেছ ক্লাবত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপ’ৰ্টাৰ নুৰছালাম আলী, ৮ মাৰ্চ- আজি “বীৰাংগনা”ৰ উদ্যোগত গোসাঁইগাঁও প্ৰেছ ক্লাবত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।অনুষ্ঠানটোত অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা মহিলা সকলক সন্মান জনোৱা হয় আৰু নাৰী শক্তিকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।ইয়াৰ উপৰিও ১ নং গোসাঁইগাঁও বিধানসভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী সাগৰ বসুমতাৰী অতিথি হিচাপে অংশগ্ৰহণ কৰে।অনুষ্ঠানৰ আৰম্ভণিতে অতিথি সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।বিপিএফৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী সাগৰ বসুমতাৰীয়ে নাৰী অধিকাৰ, সমতা আৰু সমাজ গঢ়াত মহিলাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।লগতে কয় সমাজৰ সমগ্ৰ উন্নয়নৰ বাবে নাৰীসকলক আগুৱাই নিব লাগিব আৰু শিক্ষা, স্বাস্থ্য, অৰ্থনীতি আদি সকলো ক্ষেত্ৰতে মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰিব লাগিব।এই উপলক্ষে অনুষ্ঠিত আলোচনা সভাত বিভিন্ন সমাজসেৱী,সাংবাদিক জেষ্ঠ শংকৰ চৌধুৰী আব্দুল আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সভাত নাৰী সবলীকৰণ, নাৰীৰ সুৰক্ষা আৰু সমাজত সমতা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধি কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।অনুষ্ঠানৰ শেষত নাৰীসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে সমাজত সমতা স্থাপন কৰাৰ বাবে সকলোকে একেলগে কাম কৰাৰ আহ্বান জনোৱা হয়।

RELATED ARTICLES
Lucknow
light rain
33.5 ° C
33.5 °
33.5 °
56 %
8.1kmh
98 %
Fri
34 °
Sat
36 °
Sun
36 °
Mon
30 °
Tue
32 °

Most Popular