34.1 C
New Delhi
Monday, April 20, 2026
spot_img
Homeঅসমনাৰী দিৱস উপলক্ষে জাগী ভকতগাঁৱত জীৱিকা সখীৰ বৃহৎ ৰেলী , নাৰীক সন্মান...

নাৰী দিৱস উপলক্ষে জাগী ভকতগাঁৱত জীৱিকা সখীৰ বৃহৎ ৰেলী , নাৰীক সন্মান কৰিলেহে এখন ঘৰ, এখন ৰাজ্য, এখন দেশ সুন্দৰ হৈ থাকে – উদয় সিং ৰাজপুত

নাৰী দিৱস উপলক্ষে জাগী ভকতগাঁৱত জীৱিকা সখীৰ বৃহৎ ৰেলী , নাৰীক সন্মান কৰিলেহে এখন ঘৰ, এখন ৰাজ্য, এখন দেশ সুন্দৰ হৈ থাকে – উদয় সিং ৰাজপুত

দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ৮ মাৰ্চ: দেশৰ বিভিন্ন স্থানৰ সমান্তৰালকৈ অসমতো আন্তৰ্জাতিক নাৰী দিৱসৰ এই বিশেষ দিনটো বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা পৰিলক্ষিত হয়। একেদৰে জাগীৰোডৰ জাগী ভকতগাঁৱতো অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান মায়ং উন্নয়ন খণ্ডৰ সহযোগত ছেভেন ছিছটাৰ্ছ ডেভেলপমেন্ট এছিছটেন্স আৰু ডালমিয়া ভাৰত ফাউণ্ডেচনে দিনযোৰা এক বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰে বিশ্ব নাৰী দিৱস। কাৰ্যসূচীৰ অংশ ৰূপে উলিওৱা প্ৰদৰ্শনমূলক পথযাত্ৰাত জিৱিকা সখী সকলে ৰূপায়ণ কৰি অহা কাম-কাজৰ এক নমুনা প্ৰদৰ্শন কৰে। জাগী ভকতগাঁও সমূহীয়া ভৱনৰ পৰা প্ৰায় এক কিলোমিটাৰ যোৰা পথেৰে কৰা এই ৰেলীত মায়ং উন্নয়ন খণ্ডৰ ছটা মণ্ডলৰ প্ৰায় চাৰিশ গৰাকী মহিলাই নিৰ্দিষ্ট সাজপাৰ পৰিধান কৰি অংশগ্ৰহণ কৰে।‌তেওঁলোকে নাৰী শক্তি জিন্দাবাদ, বাল্য বিবাহ বন্ধ কৰক, নাৰীক সম অধিকাৰ প্ৰদান কৰক, নাৰী নিৰ্যাতন নচলিব আদি শ্লোগানেৰে মুখৰিত কৰি তোলে সমগ্ৰ যাত্ৰাপথ। ইয়াৰ পিছতে সমৃদ্ধি আদৰ্শ মণ্ডল পৰ্যায়ৰ সভানেত্ৰী পলি মনি দাসৰ সঞ্চালনাত এখনি মুকলি সভা অনুষ্ঠিত হয়। জাগী ভকতগাঁও সমূহীয়া ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাখনতে কেইবাগৰাকীও আদৰ্শ নাৰী আৰু লাখপতি বাইদেউক বিশেষভাৱে সম্বৰ্ধনা জনায়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডালমিয়া ভাৰত ফাউণ্ডেশ্যনৰ মহাপ্ৰৱন্ধক উদয় সিং ৰাজপুতে কয় যে নাৰীক পূৰ্বতে কেৱল ত্যাগৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। আজি শিক্ষা, খেল, যুদ্ধ সকলোতে নাৰীয়ে সবলভাৱে প্ৰতিষ্ঠিত হৈ সফলতাৰ শীৰ্ষ আৰোহণ কৰিছে। কেৱল আজিৰ দিনটোতে নহয়- মহিলাক সদায় সন্মান কৰিব লাগে। নাৰীক সন্মান নকৰিলে এখন দেশ কেতিয়াও আগুৱাব নোৱাৰে। লগতে তেওঁ নাৰী শক্তিশালী হৈছে বাবেই ঘৰে-ঘৰে সমৃদ্ধি বৃদ্ধি হৈছে বুলি উল্লেখ কৰি নাৰীক প্ৰতিটো দিশতে আগবঢ়াই দিবলৈ পুৰুষ সকললৈ আহ্বান জনায়। আনহাতে অসম গ্ৰামীণ জীৱিকা অভিযানৰ মায়ং উন্নয়ন খণ্ডৰ প্ৰকল্প বিষয়া তম্মী গয়াৰীয়ে নাৰী শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ মহিলা সকলক আহ্বান জনায়।‌ উল্লেখ্য যে জয়া পুৰকায়স্থ ডেকাই আঁত ধৰা অনুষ্ঠানটোত মহিলা সৱলীকৰণ, মহিলা ন্যায় আদি বিষয়বস্তুৰ আধাৰত ৰচিত এখন বাস্তৱধৰ্মী চুটি নাট ‘আশাৰ ৰেঙনি’ মঞ্চস্থ কৰে। নাট খনৰ কাহিনী আৰু সাৱলীল অভিনয়ে সকলোকে মোহিত কৰি ৰখা পৰিলক্ষিত হয়। ইফালে সমাজসেৱীকা বন্দনা দাস, চি এল এফৰ গাণনিক বিষয়া ৰশ্মিতা ডেকা, জাগীৰোড থানাৰ সহ পৰিদৰ্শক মুন শইকীয়া, বাঘজাপ গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ দেউৰী, এলষ্ট্ৰ’ম ডালমিয়া ভাৰত ফাউণ্ডেশ্যনৰ বিষয়া প্ৰিয়ংকা পুৰকায়স্থ, নিকুঞ্জ ৰাজপুতেও বক্তব্য ৰাখি উপস্থিত মহিলা সকলক প্ৰেৰণা যোগায়। সভাত ডালমিয়া ভাৰত ফাউণ্ডেশ্যনৰ বিষয়া হীতেশ মেধি, বেচৰকাৰী সংস্থা SeSTA ৰ বিষয়া ত্ৰিথেন্দু নন্দী, দীপা নন্দীৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
haze
40 ° C
40 °
40 °
12 %
4.1kmh
20 %
Mon
42 °
Tue
43 °
Wed
44 °
Thu
44 °
Fri
45 °

Most Popular