32.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমচেলেংহাটত অসম টাইকোৱাণ্ডো একাডেমী ইণ্ডিয়াৰ অভিনন্দন অনুষ্ঠানঃ 

চেলেংহাটত অসম টাইকোৱাণ্ডো একাডেমী ইণ্ডিয়াৰ অভিনন্দন অনুষ্ঠানঃ 

চেলেংহাটত অসম টাইকোৱাণ্ডো একাডেমী ইণ্ডিয়াৰ অভিনন্দন অনুষ্ঠানঃ 

দুৰ্নীতিৰ দৰ্পণ, মৰিয়নি, ১ মেঃ যোৰহাট জিলাৰ চেলেংহাটত আজি  অসম টাইকোৱাণ্ডো একাডেমীৰ উদ্যোগত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত টাইকোৱাণ্ডো প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত পদকপ্ৰাপ্ত খেলুৱৈ সকলৰ লগতে ব্লেকবেল্ট খিতাপ লাভ কৰা প্ৰায় কুৰি গৰাকী খেলুৱৈক অভিনন্দন জনোৱা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা প্ৰীতিৰাণী গগৈ, বিশিষ্ট শৰীৰ চৰ্চাবিদ তথা নিচামুক্তি আন্দোলনৰ নেতা তুষাৰ পাল, সমাজকৰ্মী সঞ্জীৱ গগৈ, বৰনগঞা যুৱ সংঘৰ সভাপতি জীৱন দুৱাৰা, শিক্ষক ৰাতুল বৰা, সাংবাদিকত্ৰয় ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য, অনুৰাগ শইকীয়া আৰু দেৱবিকাশ দত্ত উপস্থিত থাকে। অসম টাইকোৱাণ্ডো এছোচিয়েচনৰ সাধাৰণ সম্পাদক তথা অসম টাইকোৱাণ্ডো একাডেমী ইণ্ডিয়াৰ সভাপতি ৰাজু কোঁৱৰ আৰু এছোচিয়েচনৰ যুটীয়া সম্পাদক তপন পাত্ৰই আঁত ধৰা অনুষ্ঠানত ১৬ জন টাইকোৱাণ্ডো শিক্ষাৰ্থীক বিভিন্ন কালাৰ বেল্ট আৰু প্ৰমাণ পত্ৰ  প্ৰদান কৰা হয়। অনুষ্ঠানত অসম টাইকোৱাণ্ডো একাডেমী ইণ্ডিয়াৰ প্ৰশিক্ষাৰ্থীসকলৰ লগতে অভিভাৱক সকল উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
light rain
33.7 ° C
33.7 °
33.7 °
53 %
3.5kmh
49 %
Tue
35 °
Wed
37 °
Thu
36 °
Fri
33 °
Sat
34 °

Most Popular