31.1 C
New Delhi
Wednesday, May 6, 2026
spot_img
Homeঅসমচামগুৰিত বিজেপি মিত্ৰজোঁটত বৃহৎ খহনীয়া: ৫০০ শতাধিক কৰ্মীৰ কংগ্ৰেছত যোগদান

চামগুৰিত বিজেপি মিত্ৰজোঁটত বৃহৎ খহনীয়া: ৫০০ শতাধিক কৰ্মীৰ কংগ্ৰেছত যোগদান

চামগুৰিত বিজেপি মিত্ৰজোঁটত বৃহৎ খহনীয়া: ৫০০ শতাধিক কৰ্মীৰ কংগ্ৰেছত যোগদান
দুৰ্নীতিৰ দৰ্পণ ষ্টাফ ৰিপোৰ্টাৰ বাবুল হুছেইন, নগাঁও, চামগুৰি: ২৭ মাৰ্চ: – উপ-নিৰ্বাচনৰ গৰম বতাহৰ মাজতে চামগুৰি সমষ্টিত বিজেপি মিত্ৰজোঁটত এক বৃহৎ খহনীয়া পৰিলক্ষিত হৈছে৷ আজি কাৱৈমাৰীত অনুষ্ঠিত এক বিশাল যোগদান সভাৰ জৰিয়তে বিজেপি মিত্ৰজোঁটৰ পাঁচশতাধিক সক্ৰীয় কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে৷ শিঙিমাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত কাৱৈমাৰী গাঁও পঞ্চায়তৰ অধীনস্থ ৯ আৰু ১০ নং ৱাৰ্ডত এই যোগদান সভাখন অনুষ্ঠিত কৰা হয়৷ পুথিখাইটি গাঁৱৰ বিজেপি মিত্ৰজোঁটৰ প্ৰভাৱশালী কৰ্মী আবুল কাচেম আৰু তেওঁৰ সহধৰ্মিণী ছবিনা ইয়াছমিনৰ নেতৃত্বত এই বিশাল সংখ্যক পুৰুষ-মহিলাই বিজেপি ত্যাগ কৰে৷ যোগদানকাৰী সকলে জনোৱা মতে, কংগ্ৰেছ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈয়েই তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইন, ব্লক কংগ্ৰেছৰ সভাপতি আবুল কালাম আৰু যুৱ নেতা আবু বক্কৰ ছিদ্দিকৰ উপস্থিতিত এই যোগদান প্ৰক্ৰিয়া সম্পন্ন হয়৷ ন-কংগ্ৰেছী কৰ্মীসকলক প্ৰাৰ্থী তাঞ্জিল হুছেইন আৰু ব্লক সভাপতিগৰাকীয়ে দলীয় গামোচা আৰু টুপীৰে উষ্ম আদৰণি জনায়৷ প্ৰাৰ্থী তাঞ্জিল হুছেইনে যোগদান সভাত ভাষণ প্ৰসংগত কয় যে, ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু এই বৃহৎ যোগদানে তাকেই প্ৰমাণ কৰে৷ নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত কাৱৈমাৰী অঞ্চলত শাসকীয় পক্ষৰ এই খহনীয়াই ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্য বহন কৰিছে৷

RELATED ARTICLES
Lucknow
haze
30 ° C
30 °
30 °
51 %
1.5kmh
40 %
Wed
36 °
Thu
38 °
Fri
40 °
Sat
41 °
Sun
41 °

Most Popular