39.7 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমচেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শিক্ষক, কৰ্মচাৰী সমাৰোহৰ সফল সামৰণি:...

চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শিক্ষক, কৰ্মচাৰী সমাৰোহৰ সফল সামৰণি: কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা:

চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শিক্ষক, কৰ্মচাৰী সমাৰোহৰ সফল সামৰণি: কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা:

দুৰ্নীতিৰ দৰ্পণ, মৰিয়নি, ২৪মে’: যোৰহাট জিলাৰ ভিতৰতে এখন পুৰনি আৰু ঐতিহ্যমণ্ডিত শিক্ষা প্ৰতিষ্ঠান চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শিক্ষক কৰ্মচাৰী সমাৰোহৰ আজি সামৰণি পৰে।দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সমাৰোহৰ আজি অন্তিম দিনা পূৱা ২০০৬ বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলৰ উদ্যোগত পৰিবেশ নিকাকৰণৰ পাছতেই ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ উদ্ধোধন কৰে প্ৰাক্তন ছাত্ৰ তথা চেলেংহাট বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক কাশীনাথ পাত্ৰ‌ই। আনহাতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন সকলৰ দ্বাৰা অনুষ্ঠিত হোৱা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে শিক্ষানুষ্ঠান খনৰ অৱসৰী অধ্যক্ষ দিগন্ত কুমাৰ শইকীয়াই। দুপৰীয়া উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰমোদ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্ধোধন কৰে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই। সভাত মূখ্য অতিথি হিচাপে আউনিআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ মাধুৰ্য্য মণ্ডিত বৰুৱা আৰু বিশিষ্ট অতিথি হিচাপে মৰিয়ণি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিনিধি শিক্ষক ৰাতুল গগৈ, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অৱসৰী সচিব কমলজ্যোতি গগৈ, প্ৰাক্তন ছাত্ৰী তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডাঃ নিকুঞ্জলতা দত্ত উপস্থিত থাকে। তাৰ পাছতেই পতাকা অৱতৰণ আৰু নিশালৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা অনুষ্ঠিত মহাপুৰুষীয়া ভাওনা গান্ধাৰীৰ কৃষ্ণ ৰূপ দৰ্শন মঞ্চস্থ হোৱাৰ পাছতেই দুদিনীয়া সমাৰোহৰ সফল সামৰণি পৰে। ভাওনাৰ শুভ উদ্ধোধন কৰে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ মন্টু কুমাৰ বৰাই। দুদিনীয়া বৰ্ণাঢ্য অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচীতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ সম্পূৰ্ণ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে উদ্‌যাপন সমিতিৰ বিষয়ববীয়া সকলে। অন্যহাতে অনুষ্ঠানৰ অন্তিম দিনা আজি ২০০৩ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ উদ্যোগত প্ৰাইজমনি কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে জ্যোতি বিদ্যাপীঠৰ ছাত্ৰ লুইট নয়ন গগৈয়ে দ্বিতীয় স্থান হ’লী ফ্লাৱাৰ চিনিয়ৰ ছেকেণ্ডৰী স্কুলৰ অভিৰাজ গগৈ আৰু বেন গাৰ্ডেন ছিনিয়ৰ ছেকেণ্ডৰী স্কুলৰ জ্যোতিৰাণী ভূঞাই। অন্যহাতে কুইজ প্ৰতিযোগিতাত লক্ষ্মীপ্ৰিয়া গগৈ আৰু অন্মেষা ফুকনৰ দলে প্ৰথম অৰ্চিতা দত্ত আৰু আয়ুস্মান গগৈৰ দলে দ্বিতীয় আৰু ৰিচি শইকীয়া আৰু সিদ্ধাৰ্থ বৰদলৈ দলে তৃতীয় স্থান লাভ কৰে । দুয়োটা প্ৰতিযোগিতাতে অবিভক্ত শিৱসাগৰ জিলাৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

RELATED ARTICLES
Lucknow
broken clouds
36.9 ° C
36.9 °
36.9 °
24 %
5.4kmh
59 %
Wed
39 °
Thu
43 °
Fri
43 °
Sat
43 °
Sun
44 °

Most Popular