30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমশ্ৰীৰামপুৰ ব্যৱসায়ী সমিতিৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

শ্ৰীৰামপুৰ ব্যৱসায়ী সমিতিৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

শ্ৰীৰামপুৰ ব্যৱসায়ী সমিতিৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপ’ৰ্টাৰ নুৰছালাম আলী, ২৪ মেঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত শ্ৰীৰামপুৰ অঞ্চলত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক শ্ৰীৰামপুৰ ব্যৱসায়ী সমিতিৰ উদ্যোগত সম্বৰ্ধনা জ্ঞাপন কৰা হয়।এই উপলক্ষে আজি শ্ৰীৰামপুৰ হাই স্কুলত অনুষ্ঠিত সম্বৰ্ধনা সভাত আমন্ত্ৰিত অতিথি সকলে কৃতি ছাত্ৰ ছাত্ৰীক উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে তেঁওলোকৰ উদ্দেশি মূল্যৱান দিহা পৰামৰ্শ আগবঢ়ায়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া মণ্টুৰাম বৰা, গোসাঁইগাঁও মহকুমা কাৰ্য্যবাহী দণ্ডাধীশ কপিল দাস, বিটিআৰৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য উইলছন হাছদাই অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত অধিক মনোযোগী হৈ আগবাঢ়ি যাবলৈ আহ্বান জনায়।অনুষ্ঠানত মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কেবাজনো মেধাৱী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, মানপত্ৰ দি সম্বৰ্ধনা জনোৱা হয়।উপস্থিত থকা অতিথি সকলে নিজৰ বক্তব্যত কয় যে শিক্ষাই এখন সমাজক আগুৱাই নিয়াৰ মূল আধাৰ আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলেই ভৱিষ্যতৰ দেশ গঢ়োতা। সেয়ে কঠোৰ পৰিশ্ৰম, শৃংখলা আৰু সৎ পথ অনুসৰণ কৰি সফলতাৰ বাবে আগবাঢ়ি যাব লাগিব।

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular