চৰাইদেউ বিমলাপুৰৰ ভুৱা অনলাইন উপহাৰ কুপনৰ লটাৰী মাফিয়া ছাইদুল ইছলাম- ৰঙা ঘৰৰ আলহী
বিমলাপুৰ চাহ বাগিচাৰ খেলপথাৰত ১৯ মে’ত পুনৰ উপহাৰ কুপন লটাৰী খেলৰ প্ৰচাৰ সামাজিক মাধ্যমত – লুটিছে বৃহৎ পৰিমাণৰ ধন।
দুৰ্নীতিৰ দৰ্পণ সেৱা চৰাইদেউ, ১৮ মে’ ২০২৬ : ভুৱা অনলাইন উপহাৰ কুপনৰ লটাৰী খেল অনুষ্ঠিত কৰাৰ নামত লটাৰীৰ দুষ্ট চক্ৰই লুটিছে বৃহৎ পৰিমাণৰ ধন। চৰাইদেউ জিলাৰ অসম অৰুণাচল সীমান্তৰ চৰাইপুং অঞ্চলৰ শ্ৰী মন্ত শংকৰদেৱ সংঘৰ লাহদৈ শংকৰজ্যোতি প্ৰাথমিক শাখাৰ নাম গৃহৰ নামত ২০২৪ চনৰ আগষ্ট মাহৰ পৰা বৰ্তমানলৈকে দুষ্ট চক্ৰই ছয় খনকৈ অনলাইন আৰু অফ লাইনৰ জৰিয়তে টিকত বিক্ৰী কৰি অনুষ্ঠিত কৰি আহিছে ভুৱা উপহাৰ কুপন লটাৰী খেল। ২০২৪ চনৰ ৩১ জুলাইত শ্ৰী মন্ত শংকৰদেৱ সংঘৰ লাহদৈ শংকৰজ্যোতি প্ৰাথমিক শাখাৰ নামত এখন উপহাৰ কুপনৰ লটাৰী খেল অনুষ্ঠিত হৈছিল। এই খেল খনৰ পাছৰে পৰা দুষ্ট চক্ৰই বিভিন্ন সময়ত উক্ত নাম গৃহৰ নামত উপহাৰ কুপন লটাৰী খেল অনুষ্ঠিত কৰা বুলি সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি টিকত বিক্ৰী কৰি সৰ্বসাধাৰণ ৰাইজক বিপথে পৰিচালিত কৰি বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল। ইতিমধ্যে নাম গৃহৰ পৰিচালনা সমিতিৰ ফালৰ পৰা ভুৱা অনলাইন লটাৰীৰ দুষ্ট চক্ৰক বিচাৰি উলিয়াই দৃষ্টান্তমূলক শাস্তিৰ দাবীত চৰাইপুং আৰক্ষী থানাৰ লগতে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকক লিখিত এজাহাৰ দাখিল কৰিছিল। নামগৃহৰ পৰিচালনা সমিতিৰ এজাহাৰৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি আৰক্ষীয়ে অলপতে নগাঁৱৰ পৰা ভুৱা অনলাইন লটাৰী চক্ৰটোৰ নগাঁও কামপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কচুৱা উপ আৰক্ষী চকী অধীনৰ চানখোৱা গাঁৱৰ নিজামুদ্দিন ইছলামৰ পুত্ৰ ছাইদুল ইছলাম ( ২৯ ) ক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণৰ কৰি ছাইদুল ইছলামৰ সহযোগী কেইটাক আটক কৰিবলৈ বৰ্তমানলৈ সক্ষম হোৱা নাই। অন্যহাতেদি ভুৱা অনলাইন উপহাৰ কুপনৰ লটাৰী খেলৰ দুষ্ট চক্ৰটোৱে অহা ইংৰাজী ১৯ মে ২০২৬ তাৰিখৰ মঙ্গল বাৰে শ্ৰী মন্ত শংকৰদেৱ সংঘৰ লাহদৈ শংকৰজ্যোতি প্ৰাথমিক শাখাৰ নামগৃহৰ নামত পুনৰ এখন ভুৱা উপহাৰ কুপনৰ লটাৰী খেল অনুষ্ঠিত কৰা হৈছে বুলি সামাজিক মাধ্যমৰ জযৰিয়তে ব্যাপক ভাৱে প্ৰচাৰ কৰিছে। উপহাৰ কুপনৰ লটাৰী খেল প্ৰেমী সকলৰ সুবিধাৰ্থে টিকত ক্ৰয় কৰিবৰ বাবে দুষ্ট চক্ৰ টোৱে যোগাযোগ কৰিবলৈ ৮০৯৯৬৫৫ ৯৭৭ ৰ এটা ফোন নম্বৰ সামাজিক মাধ্যমত এৰি দিছে। পুনৰ বিমলাপুৰ চাহ বাগিচাৰ খেলপথাৰত উপহাৰ কুপনৰ লটাৰী খেল অনুষ্ঠিত হ’ব বুলি সামাজিক মাধ্যমত প্ৰচাৰ হোৱাত চৰাইপুংৰ বিমলাপুৰৰ লগতে সমগ্ৰ চৰাইদেউ জিলা খনতে বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নাম গৃহৰ জ্ঞাতি – পৰিচালনা সমিতিয়ে এই কথা জ্ঞাত হোৱাৰ লগে -লগে পৰিচালনা সমিতিৰ সভাপতি ধ্ৰুৱ গগৈয়ে টেলিফোনিক ভাবে জিলা আৰক্ষী অধীক্ষকৰ লগতে চৰাইপুং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ঘটনা সন্দৰ্ভত অৱগত কৰিছে। সচেতন ৰাইজে এনে ধৰণৰ ভুৱা অনলাইন উপহাৰ কুপনৰ লটাৰী খেলৰ দুষ্ট চক্ৰক সমুলঞ্চে উৎখাত কৰিবলৈ আৰক্ষীৰ লগতে জিলা প্ৰশাসনক দাবী জনাইছে।

