30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমজল্পনাকল্পনা অন্তত মাহমৰাত বিজেপিয়ে মাৰিলে শেষ হাঁহি

জল্পনাকল্পনা অন্তত মাহমৰাত বিজেপিয়ে মাৰিলে শেষ হাঁহি

জল্পনাকল্পনা অন্তত মাহমৰাত বিজেপিয়ে মাৰিলে শেষ হাঁহি

দুৰ্নীতি দৰ্পণ চেপন ৫ : বিধান নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা পাছতেই ৯৪নং মাহমৰা সমষ্টিত প্ৰথম বাৰলৈ বিধায়ক হিচাপে জয়লাভ কৰিলে বিজেপি প্ৰাৰ্থী সুৰুয দিহিঙীয়াই ৷ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰুয দিহিঙীয়া মুঠ ভোট লাভ কৰিলে ৬৯৫৪০ টা কংগ্ৰেছৰ প্ৰাৰ্থী জ্ঞানদ্বীপ মহনক ১৬০৩১ ভোটত পৰাস্ত কৰিলে সুৰুয দিহিঙীয়াই ৷ সুৰুয দিহিঙীয়াই পষ্টেল ভোটত ১০৭ টা অগ্ৰগতি লাভ কৰে ৷ ২৯১৫টা নটাত ভোট পৰে । চৰাইদেউ জিলা দুটা সমষ্টিতেই বিজেপি বৃহৎ জয়লাভ ৷ তাৰ সমান্তৰাকৈ এইবাৰ সৈতে তিনিবাৰকৈ মাহমৰা সমষ্টিত বিজেপিয়ে জয় লাভ কৰিছে ৷ সুৰুয দিহিঙীয়াই জয়লাভ কৰা আনুষ্ঠানিক ভাবে ঘোষণা কৰা পিছতেই মাহমৰা সমষ্টিবাসীয়ে সোণাৰি খেলপথাৰত আনন্দ উল্লাস কৰে ৷ নৱ নিৰ্বাচিত সুৰুয দিহিঙীয়াক মৰাণত দলীয় কৰ্মীয়ে উষ্ম আদৰণি জনাই ৷ সাংবাদিকৰ আগত প্ৰাৰ্থী গৰাকীয়ে কয় ঐতিহাসিক মুহূৰ্ত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণপৰিষদৰ কাৰ্য্যকতা আৰু কষ্ট ত্যাগ নেৰানেপেৰা প্ৰচেষ্টা বাবে এই ফল লাভ কৰিবলৈ সক্ষম হৈছোঁ ৷লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বলিষ্ঠ নেতৃত্ব বাবে এইয়া সম্ভৱ হৈ উঠিছে ৷ উঠি অহা নৱপ্ৰজন্ম আই মাতৃ সকলোৱে হিমন্ত বিশ্বশৰ্মাক আস্থা আৰু বিশ্বাস ৰাখিছে তাৰবাবে চাৰিওদিশে ভাৰতীয় জনতা পাৰ্টিয়ে জয় লাভ কৰিবলৈ সম্ভৱ হৈ উঠিছে ৷ লগতে মাহমৰা সমষ্টি বাসীক ধন্যবাদ জনাইছো কৃতজ্ঞতা জনাইছো ৷ আহিব লগা দিনবোৰত সমষ্টিবাসী উন্নয়নৰ বাবে কাম কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular