জাগীৰোডত মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন , কেইবা গৰাকীও উদ্যমী মহিলাক জনালে বিশেষ সম্বৰ্ধনা
দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ৮ মাৰ্চ :- আজি আন্তৰ্জাতিক নাৰী দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জাগীৰোডতো বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস। উল্লেখ্য যে জাগীৰোড সমষ্টিৰ জাগী ভকতগাঁও মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত জোনবিলস্থিত জাগীৰোড মণ্ডল বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক নাৰী দিৱসত অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই অহা বিশিষ্টা মহিলা ক্ৰমে সুদক্ষ শিপিনী তিলোত্তমা বৰুৱা, জ্যেষ্ঠ অনাতাঁৰ শিল্পী তৰুলতা দাস দেউৰী, কবি-গীতিকাৰ মিনতি দেৱী, উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীৰ সভানেত্ৰী পৰিণীতা হাজৰিকাক সমাজলৈ আগবঢ়োৱা তেওঁলোকৰ অৱদানৰ স্বীকৃতি স্বৰূপে গামোচা, জাপি আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । কাৰ্যসূচীৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে জাগী ভকতগাঁও মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰাঞ্জুমিকা বৰাই । অনুষ্ঠানৰ মুকলি সভাত মহিলা মৰ্চাৰ মৰিগাঁও জিলা সমিতিৰ সভানেত্ৰী নিভা ভৰালী বৰা প্ৰমুখ্যে বক্তাসকলে মহিলাসকলৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশ, মহিলা সৱলীকৰণ, মহিলাৰ ন্যায়, ৰাজনৈতিক আৰু অৰ্থনৈতিক নিৰাপত্তা আদি বিষয়ত সাৱলীল ভাষণ প্ৰদান কৰে। প্ৰায় দুই শতাধিক মহিলা উপস্থিত থকা অনুষ্ঠানটিৰ আঁতধৰে সমাজসেৱীকা বিপাক্ষী হাজৰিকাই। আনহাতে অনুষ্ঠানটিত অনাতাঁৰ শিল্পী তৰুলতা দাস দেউৰী, মিনতি দেৱী আৰু ৰিজু মনি কলিতাই এটিকৈ গীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰি তোলে।

