40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমসপ্তম "জন আৰ্শীবাদ যাত্ৰা"কাৰ্যসূচী মাৰ্ঘেৰিটাৰ ৰাইজৰ পাৰভঙা উৎসাহ আৰু জন সমূদ্ৰত পৰিণত...

সপ্তম “জন আৰ্শীবাদ যাত্ৰা”কাৰ্যসূচী মাৰ্ঘেৰিটাৰ ৰাইজৰ পাৰভঙা উৎসাহ আৰু জন সমূদ্ৰত পৰিণত দেখি মুখ্যমন্ত্ৰী আপ্লুত

সপ্তম “জন আৰ্শীবাদ যাত্ৰা”কাৰ্যসূচী মাৰ্ঘেৰিটাৰ ৰাইজৰ পাৰভঙা উৎসাহ আৰু জন সমূদ্ৰত পৰিণত দেখি মুখ্যমন্ত্ৰী আপ্লুত

দুৰ্নীতিৰ দৰ্পণ,মাৰ্ঘেৰিটা, ৮ মাৰ্চঃ আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰেক্ষাপটত ৰাজ্যিক বিজেপিৰ জন আৰ্শীবাদ যাত্ৰাৰ আজি সপ্তমটো দিনত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ লিডুৰ পৰা মাকুম বিধান সভা সমষ্টিৰ লৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে ৷ আজি পুৱা প্ৰায় ১১ বজাত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ লিডু বজাৰ হাইস্কুল খেলপথাৰত হেলিকপ্টাৰেৰে উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সৈতে ৰাষ্ট্ৰীয় ঘাইপথেৰে এই ‘জন আশীৰ্বাদ যাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। হাজাৰ হাজাৰ বিজেপি কৰ্মী, সমৰ্থক তথা স্থানীয় ৰাইজৰ উপস্থিতিত সমষ্টিটোৰ লিডুৰ পৰা বৰগোলাই, মাৰ্ঘেৰিটা নগৰ, মাকুম পথাৰ, দিহিং আদি অঞ্চলৰ মাজেৰে পাৱৈ লৈকে এই যাত্ৰা আগবাঢ়ে। আজি সমষ্টিটোৰ প্ৰায় সকলো জনগোষ্ঠী আৰু অৰাজনৈতিক দল-সংগঠনৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী গৰাকীক আদৰণি আৰু সম্বৰ্ধনা জনোৱাৰ লগতে বিভিন্ন উপহাৰ আদি দি চেনেহ যচাও পৰিলক্ষিত হয় ৷ মাৰ্ঘেৰিটা নগৰত স্থিত মাৰ্ঘেৰিটা বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱন প্ৰাংগণত মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বাঞ্চল ভীক্ষু সংঘৰ বৌদ্ধ ধৰ্মগুৰু সকলক লগ কৰি আৰ্শীবাদ গ্ৰহণ কৰাৰ লগতে নগৰ খনৰে হিলভিউ অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে ৷ আজিৰ এই জন আৰ্শীবাদ যাত্ৰাত মাৰ্ঘেৰিটাবাসীৰ ব্যাপক অংশগ্ৰহণ আৰু সমৰ্থনে আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে সমষ্টিটোত বিজেপি দলৰ প্ৰায় সুনিশ্চিত প্ৰাৰ্থী, এতিয়াৰ লৈকে ধাৰাবাহিক ভাৱে দুবাৰকৈ বিজয়ী হোৱা ভাস্কৰ শৰ্মাৰ তৃতীয়বাৰৰ বাবেও বিজয় সুনিশ্চিত কৰিলে বুলি ৰাজনৈতিক বিশ্লেষক মহলে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৷ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আয়োজিত এই জন আৰ্শীবাদ যাত্ৰাই সমষ্টিটোত এক শক্তিশালী ৰাজনৈতিক ঢৌৰ সৃষ্টি কৰা পৰিলক্ষিত হয় ৷

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular