34.3 C
New Delhi
Thursday, July 30, 2026
spot_img
Homeঅসমজাগী ভকতগাঁৱত জিলা ভিত্তিত মুকলি যোগাসন প্ৰতিযোগিতা সম্পন্ন

জাগী ভকতগাঁৱত জিলা ভিত্তিত মুকলি যোগাসন প্ৰতিযোগিতা সম্পন্ন

জাগী ভকতগাঁৱত জিলা ভিত্তিত মুকলি যোগাসন প্ৰতিযোগিতা সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ১৮ মে’:- ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশ তথা যোগভ্যাসৰ প্ৰচাৰ, প্ৰসাৰৰ উদ্দেশ্যে মৰিগাঁও জিলাৰ জাগী ভকতগাঁৱত ২০২১ চনতে মনিকাঞ্চন যোগা স্পৰ্টচ্ এছ’চিয়েচন প্ৰতিষ্ঠা হৈছিল। বিগত বছৰতো ৰাজ্যিক ভিত্তিত যোগাসন প্ৰতিযোগিতা সফলতাৰে অনুষ্ঠিত হৈছিল জাগী ভকতগাঁৱত। একেদৰে কালি ভকতগাঁৱস্থিত সমূহীয়া ভৱন প্ৰেক্ষাগৃহত মনিকাঞ্চন যোগা স্পৰ্টচ্ এছ’চিয়েচনৰ উদ্যোগত যোগাসন ক্ৰীড়া মহাসংঘ, পতঞ্জলি যুৱ ভাৰত অসম আৰু অসম আৰ্ট এণ্ড কালচাৰৰ সহযোগত আয়োজিত প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগিতায়ে অংশ গ্ৰহণ কৰে । একক আৰু দলীয় দুটা শাখাত অনুষ্ঠিত কৰা এই যোগাসন প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক উদ্যোক্তাসকলে ট্ৰফী, মেডেল আৰু মানপত্ৰ প্ৰদান কৰে। এই প্ৰতিযোগিতাৰ সাত বছৰৰ অনুৰ্ধৰ শাখাত প্ৰথম স্থান সৃষ্টি ছেত্ৰী, ৭ বছৰৰ পৰা ১৪ বছৰৰ ল’ৰা আৰু ছোৱালী শাখাত ৰানী সেনাপতি, তনুশ্ৰী বৰা, ৰুচিকা গৌতম, ত্ৰিঠুদাক মিকু, হাৰ্দিক ছেত্ৰী, ৰাজদ্বীপ সেনাপতি, ১৫ বছৰৰ পৰা ২১ বছৰৰ উভয় শাখাত ৰিম্পী বৰা, নিলমণি বৰা, ২৫ বছৰৰ উৰ্দ্ধ শাখাত পল্লৱী গোস্বামী, ৩৫ বছৰ উৰ্দ্ধ শাখাত আশা দেৱী, মৃন্ময়ী ডেকা, ৪৫ বছৰ উৰ্দ্ধ শাখাত অনন্ত কুমাৰ নাথ, ছোৱালীৰ একক আৰ্টিষ্টিক চল’ শাখাত ধৃষ্টি ডেকা, ছায়া বৰুৱা, প্ৰতিক্ষা মেধি, ল’ৰাৰ শাখাত গৌৰৱ ঠাকুৰীয়া, ছোৱালীৰ আৰ্টিষ্টিক যুটীয়া শাখাৰ প্ৰথম স্থান অশ্লেষা বৰা, তনুশ্ৰী বৰা, দ্বিতীয় স্থান য়াচিকা ছেত্ৰী আৰু ৰিয়া ছেত্ৰী, ৰিৰ্থমিক যৌথ শাখাত ধৃষ্টি ডেকা আৰু বৰেণ্যা বৰাই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। উক্ত প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত আছিল সৌৰভ ৰয়, কৰৱী কলিতা, কল্পনা গোস্বামী, অনন্ত বৰা আৰু নিপুমণি বৰা। অনুষ্ঠানত পুৱাৰ ভাগত মনিকাঞ্চন যোগা স্পৰ্টচ্ এছ’চিয়েচনৰ পতাকা উত্তোলন কৰে বাঘজাপ গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ দেউৰী, পতঞ্জলি যুৱ ভাৰত অসমৰ পতাকা উত্তোলন কৰে সমাজকৰ্মী নৰেন বৰদলৈয়ে। বন্তি প্ৰজ্বলন কৰে মৰিগাঁও জিলা সত্ৰ মহাসভাৰ উপদেষ্টা ক্ষীৰোদ গোস্বামীয়ে। প্ৰতিযোগিতাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে জাগীভকতগাঁও শাখা সাহিত্য সভাৰ উপদেষ্টা হিৰেন শৰ্মা, কলং-কপিলী শাখা কবি সন্মিলনৰ সভাপতি ৰণ্টুমণি শইকীয়া, ড০ ভূপেন হাজৰিকা সাংস্কৃতিক গোষ্ঠীৰ সভাপতি থানেশ্বৰ ডেকা, অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ জাগী ভকতগাঁও আঞ্চলিক সমিতিৰ সভানেত্ৰী নিজৰা শইকীয়া, যুৱ সমাজকৰ্মী বিপ্লৱ শইকীয়া। বিয়লি অনুষ্ঠিত হোৱা মুকলি সভা আৰু বঁটা বিতৰণি সভাখনত পৌৰহিত্য কৰে মনিকাঞ্চন যোগা স্পৰ্টচ্ এছ’চিয়েচনৰ সভাপতি জয়ন্ত সাগৰ শইকীয়াই। সভাৰ উদ্দেশ্য ব্যক্ত কৰে এছ’চিয়েচনৰ সম্পাদক তথা মুখ্য যোগ প্ৰশিক্ষক অনন্ত বৰাই। মুকলি সভাখন উদ্বোধন কৰে বিশিষ্ট সাংবাদিক, বৰঅসম কাকতৰ স্বত্বাধিকাৰী বিৰিঞ্চি কুমাৰ শৰ্মাই। সভাত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মুন ঠাকুৰীয়া, মায়ং শিক্ষক ক্ৰীড়া সংঘৰ সাধাৰণ সম্পাদক অনুপ কুমাৰ দাস, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ যুটীয়া সম্পাদক মুকদাদ জামান, শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন বৰুৱা, যোগাসন ক্ৰীড়া মহাসংঘৰ কাৰ্যালয় সচীৱ মানসপ্ৰতীম শৰ্মা, পতঞ্জলি যোগ ভাৰতৰ যোগ প্ৰচাৰক অনন্ত কুমাৰ নাথ, জাগীভকতগাঁও মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক প্ৰসন্ন ডেকা, অসম লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্ভুক্ত বাঘজাপ আঞ্চলিকৰ সমিতিৰ সভানেত্ৰী সুমিত্ৰা ডেকাৰ লগতে মনিকাঞ্চন যোগা স্পৰ্টচ্ এছ’চিয়েচনৰ ইন্দ্ৰেশ্বৰ বৰুৱা, উৎপল বৰা, হীমজ্যোতি গোস্বামী, দুলু ডেকা, প্ৰমূখ্যে বিষয়ববীয়াসকল উপস্থিত থাকে। অনুষ্ঠানটিত উপস্থিত থাকি কণ্ঠশিল্পী কনকেশ্বৰ ডেকা আৰু অনুপ কুমাৰ দাসে গীত পৰিৱেশন কৰি অনুষ্ঠানটি সজীৱ কৰি তোলে। অনুষ্ঠানটি আঁতধৰে ৰাজীৱ চহৰীয়া আৰু অনন্ত বৰাই।

RELATED ARTICLES
Lucknow
overcast clouds
32.2 ° C
32.2 °
32.2 °
57 %
6.7kmh
100 %
Thu
32 °
Fri
33 °
Sat
36 °
Sun
32 °
Mon
30 °

Most Popular