34.3 C
New Delhi
Thursday, July 30, 2026
spot_img
Homeঅসমদৰং জিলাত কেন্দ্ৰীয় চৰকাৰৰ 'জন ভাগিদাৰী, সবসে দূৰ, সবসে পহেলে” অভিযানৰ জিলা...

দৰং জিলাত কেন্দ্ৰীয় চৰকাৰৰ ‘জন ভাগিদাৰী, সবসে দূৰ, সবসে পহেলে” অভিযানৰ জিলা পৰ্যায়ৰ আনুষ্ঠানিক শুভাৰম্ভণি*

দৰং জিলাত কেন্দ্ৰীয় চৰকাৰৰ ‘জন ভাগিদাৰী, সবসে দূৰ, সবসে পহেলে” অভিযানৰ জিলা পৰ্যায়ৰ আনুষ্ঠানিক শুভাৰম্ভণি*

জনজাতীয় সমাজৰ শেষৰ গৰাকী সদস্য পৰ্য্যন্ত চৰকাৰী আঁচনিসমূহৰ উপলব্ধতা নিশ্চিত কৰাৰ বিশেষ পদক্ষেপ

ষ্টাফ ৰিপ’ৰ্টাৰ ; দৰং , ১৮ মে’: ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত আজিৰে পৰা সপ্তাহজোৰা কৈ আৰম্ভ হোৱা বিশেষ অভিযান’ জন ভাগিদাৰী, সবসে দূৰ, সবসে পহেলে”ৰ সৈতে সামঞ্জস্যতা ৰক্ষা কৰি আজি ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে দৰং জিলাতো উক্ত অভিযানৰ জিলা পৰ্যায়ৰ শুভাৰম্ভনি অনুষ্ঠান আজি অনুষ্ঠিত হৈ যায়। দেশৰ সামগ্ৰিক আৰু অন্তৰ্ভুক্তিমূলক উন্নয়নৰ ধাৰাক সমাজৰ অন্তিম স্তৰলৈকে লৈ যোৱাৰ লক্ষ্যৰে ভাৰত চৰকাৰে এই চলিত ২০২৬ বৰ্ষত আৰম্ভ কৰা “জন ভাগীদাৰী — সবসে দূৰ, সবসে পহেলে” শীৰ্ষক এই দেশজোৰা IEC (অৰ্থাৎ তথ্য-শিক্ষা-যোগাযোগ) আৰু হিতাধিকাৰী পূৰ্ণতা অভিযান আৰম্ভ কৰি বিশেষকৈ জনজাতীয় সমাজক চৰকাৰী আঁচনি আৰু কল্যাণমূলক সুবিধাসমূহৰ সৈতে অধিক ফলপ্ৰসূভাৱে সংযোগ স্থাপন কৰাৰ উদ্দেশ্য তৎপৰ হৈ উঠিছে। ভাৰত চৰকাৰৰ জনজাতি বিষয়ক মন্ত্ৰালয়ৰ উদ্যোগত ৰূপায়িত এই বিশেষ অভিযানৰ অংশ হিচাপে আজি দৰং জিলাত জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত আয়ুষী জৈনৰ সভাপতিত্ব অনুষ্ঠিত হোৱা এই জিলা পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠানৰ সঞ্চালন কৰে জিলা উন্নয়ন আয়ুক্ত দেৱজিৎ বৰুৱাই। জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া কৰৱী শইকীয়া কৰণ, অতিৰিক্ত আয়ুক্তসকল, সংশ্লিষ্ট বিভাগীয় মুৰব্বী, ৰাজহ চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়াকে ধৰি অন্যান্য সংশ্লিষ্ট সকলৰ উপস্থিতিত জিলা আয়ুক্ত গৰাকীয়ে “জন ভাগীদাৰী — সবসে দূৰ, সবসে পহেলে” অভিযানৰ মূল উদ্দেশ্য সম্পৰ্কে সকলোকে অৱগত কৰে আৰু সংশ্লিষ্ট বিভাগসমূহে পালন কৰিবলগীয়া দায়িত্ব সম্পৰ্কে আলোচনা কৰে আৰু এই অভিযান ৰূপায়নৰ প্ৰস্তুতি ও পৰিকল্পনা সম্পৰ্কে বুজ লয়। এই অভিযান আজিৰে পৰা অৰ্থাৎ ১৮ মে’ৰ পৰা ২৫ মে’লৈকে জিলাখনৰ বিভিন্ন জনজাতীয় অধ্যুষিত অঞ্চলত অব্যাহত থাকিব। এই অভিযানৰ অধীনত গুৰুত্বপূৰ্ন চৰকাৰী আঁচনি সমূ্হৰ উপলদ্ধতা নিশ্চিতৰ যোগেদি স্বাস্থ্য, শিক্ষা, পুষ্টি, সামাজিক সুৰক্ষা, বিশুদ্ধ খোৱাপানী, জীৱিকা সৃষ্টিৰ সুযোগ, যোগাযোগ ব্যৱস্থা আদি মৌলিক সুবিধাসমূহ জনজাতীয় গাঁওসমূহত অধিক সুনিশ্চিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। লগতে দূৰৱৰ্তী আৰু পিছপৰা অঞ্চলত বসবাস কৰা যোগ্য হিতাধিকাৰীসকল যাতে কোনো চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত নহয়, তাৰ বাবে ব্যাপক গণসচেতনতা, ক্ষেত্ৰ পৰ্যায়ৰ সংযোগ আৰু হিতাধিকাৰী পূৰ্ণতা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। আজিৰ শুভাৰম্ভনি অনুষ্ঠানৰ পাছৰে পৰা অৰ্থাৎ ১৯ তাৰিখৰ পৰা বিভিন্ন বিভাগৰ তৰফৰ পৰা উন্নয়ণ খণ্ড সমূহত সজাগতা অভিযান, অস্থায়ী আধাৰ কেন্দ্ৰৰ সেৱা, স্বাস্থ্য শিবিৰকে ধৰি বহুতো বিশেষ অভিযান আৰু শেষৰ দিনা অৰ্থাৎ ২৫ মে’ তাৰিখে সমগ্ৰ অভিযানৰ এক পৰ্যালোচনাৰ লগতে জিলা আয়ুক্তৰ সংবাদ মেল সম্বোধনেৰে এই অভিযানৰ অন্ত পৰিব। এই অভিযানৰ এক অন্যতম গুৰুত্বপূৰ্ণ দিশ হৈছে ৰাজহুৱা শুনানিৰ ব্যৱস্থা। এই ৰাজহুৱা শুনানি অনুষ্ঠানত জনসাধাৰণে চৰকাৰী সেৱা, সমস্যা আৰু সুবিধাসমূহ সম্পৰ্কে প্ৰত্যক্ষভাৱে মতামত আৰু অভিযোগ উপস্থাপন কৰাৰ সুযোগ লাভ কৰিব।অনুষ্ঠানৰ শেষত জিলা আয়ুক্তই সংশ্লিষ্ট সকলো বিভাগৰ পৰা এই অভিযান প্ৰকৃত ৰূপত সফল কৰি তুলিবলৈ পূৰ্ণ সহযোগিতাৰ আহবান কৰে আৰু সপ্তাহজোৰা অভিযান অন্ত পৰাৰ পাছতো জনজাতীয় ৰাইজৰ ওচৰলৈ চৰকাৰী আঁচনি সমূহ লৈ যোৱাটো সুনিশ্চিত কৰাৰ ধাৰা অব্যাহত ৰখাৰ পোষকতা কৰে। উল্লেখ্য যে , আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত জিলাখনৰ জনজাতীয় গোট সমূহৰ প্ৰতিনিধি সকলো উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
overcast clouds
32.2 ° C
32.2 °
32.2 °
57 %
6.7kmh
100 %
Thu
32 °
Fri
33 °
Sat
36 °
Sun
32 °
Mon
30 °

Most Popular