টিকতৰ পৰা বঞ্চিত প্ৰাক্তন সাংসদ প্ৰাক্তন কেবিনেট মন্ত্ৰী তপন কুমাৰ গগৈৰ ঘোষণা দলৰ প্ৰতি আস্থা বিশ্বাস আছে ভৱিষ্যতেও থাকিব , ৰাইজৰ মৰম চেনেহেৰে জীয়াই আছে আৰু থাকিব
ৰাজু গগৈ , দুৰ্নীতিৰ দৰ্পণ , চৰাইদেউ ২০ মাৰ্চ ; ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ সোণাৰি সমষ্টিৰ টিকতৰ পৰা বিজেপিৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় কমিটিয়ে প্ৰাক্তন সাংসদ , প্ৰাক্তন অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী, উদ্যোগিক নিগমৰ অধ্যক্ষ তপন কুমাৰ গগৈক দলীয় টিকট প্ৰদান নকৰি যোৱা পাঁচ বছৰৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে পুনৰ দ্বিতীয় বাৰৰ বাবে টিকত প্ৰদান কৰাৰ পাছতে তপন কুমাৰ গগৈয়ে কংগ্ৰেছ দলত যোগদান কৰি ৯৪ নং মাহমৰা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব নতুবা সোণাৰি বিধানসভা সমষ্টিত নিৰ্দলীয় ভাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি সৰ্বত্ৰে চৰ্চা চলি থকাৰ মাজতে চৰাইদেউ জিলাৰ গৃহ সমষ্টি সোণাৰিৰ বিমলাপুৰ তিনি আলিস্হিত বাসগৃহত উপস্থিত হয়হি। উল্লেখ্যনীয় কথাটো হ’ল শ শ বিজেপিৰ কৰ্মকৰ্তা আৰু অনুৰাগীয়ে ৰেলী কৰি তপন কুমাৰ গগৈক আদৰি আদৰি আনে। বিমলাপুৰস্হিত নিজা বাসগৃহত টিকত বঞ্চিত নেতা জন উপস্হিত হোৱাৰ লগে লগে দলীয় কৰ্মকৰ্তাৰ লগতে অনুগ্ৰামী আৰু শুভাকাঙ্খী য়ে বাসগৃহত উপস্হিত হৈ ভিৰ কৰেহি আৰু মাত লগাই শান্তনা দিয়ে ।দলীয় কৰ্মী আৰু শুভাকাংশীৰ এনে মৰম চেনেহত নেতাজন আৱেগিক হৈ পৰে । সংবাদ মাধ্যমৰ আগত প্ৰাক্তন সাংসদ প্ৰাক্তন জনে ব্যক্ত কৰে তপন কুমাৰ গগৈক ৰাইজে দিয়া মৰম আৰু ধাৰ তেওঁ পৰিশোধ কৰিব নোৱাৰে । ৰাইজৰ মৰম চেনেহৰ মাজেৰেই ৰাইজৰ সেৱা কৰিবলৈ পায় তেওঁ ধন্য। দলে মোক কৰিবলৈ বহুত দিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় আমি প্ৰতিজন দলৰ নিষ্ঠাৱান কাৰ্যকৰ্তা । তেওঁ লোক ভাৰতীয় জনতা পাৰ্টি দলটোক সুশৃংখলিত ভাবে আগুৱাই নিয়াত অগ্ৰসৰ হৈছে । ২০১৫ চনৰ চেপ্তেম্বৰ মাহত তেওঁ বিজেপি দলত যোগদান কৰি ২০১৬ চনত সোণাৰি সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু ২৫ বছৰীয়া কংগ্ৰেছৰ দখলত থকা সোণাৰি সমষ্টি বিজেপিৰ দখললৈ আনিবলৈ সক্ষম হৈছিল । ২০১৯ চনত বিজেপি দলে দিয়া দায়িত্ব পালন কৰি ৰাইজৰ আৰ্শীবাদ আৰু মৰম চেনেহত যোৰহাট লোকসভা সংসদীয় সমষ্টিৰ পৰা সাংসদ হিচাপে জয়ী হৈছিল আৰু পৰৱৰ্তী সময়ত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত পৰাজিত হৈছিল বুলি উল্লেখ কৰি কয় তেওঁ দলৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখিছিল । সেই বিশ্বাস আৰু আস্থা এতিয়াও আছে ভৱিষ্যতেও থাকিব , দলৰ প্ৰতি থকা বিশ্বাস আৰু আস্থাৰ বাবেই এগৰাকী কৰ্মী হিচাপে ২০২৬ ৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সোণাৰি সমষ্টিৰ পৰা টিকট বিচাৰি তেওঁ আবেদন কৰিছিল । দলক অনুৰুধ কৰিছিল। বিবেচনা কৰিবলৈ আহ্বান জনাইছিল । দলৰ ৰাজ্যিক সমিতি আৰু কেন্দ্ৰীয় সমিতিয়ে গোটেই খিনি বিবেচনা কৰি চালি জাৰি চাই তেওঁক টিকত প্ৰদান নকৰিলে যদিও কোনো আক্ষেপ নাই বুলি উল্লেখ কৰে । তপন কুমাৰ গগৈয়ে সদায় দলৰ হৈ কাম কৰি যাব বুলি কোৱাৰ লগতে তেওঁ বিধায়ক হ’লেও নহ’লেও দলক শক্তিশালী আৰু ঐক্যবদ্ধ ভাৱে আগুৱাই নিবলৈ চেষ্টা অব্যাহত ৰখিব আৰু ভৱিষ্যতে কিবা পৰিবেশ পৰিস্থিতিৰ দাস হৈ কিবা সিদ্ধান্ত ল’ব লগা হ’লে ঘৰৰ সদস্য আৰু শুভাকাংশী লগতে অনুগ্ৰামীৰ সৈতে আলোচনা কৰি পৰৱৰ্তী সিদ্ধান্ত লম মন্তব্য বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই। সময়ে নিৰ্ধাৰণ কৰিব অনাগত দিনত তপন কুমাৰ গগৈৰ ভৱিষ্যত পদক্ষেপ কি হ’ব।

