37.3 C
New Delhi
Wednesday, June 17, 2026
spot_img
Homeঅসমবৰক্ষেত্ৰীৰ গাঁৱে গাঁৱে দিগন্ত বৰ্মনৰ নিৰ্বাচনী প্ৰচাৰ , সমষ্টি নিৰ্ধাৰণে জয়লাভত সহায়...

বৰক্ষেত্ৰীৰ গাঁৱে গাঁৱে দিগন্ত বৰ্মনৰ নিৰ্বাচনী প্ৰচাৰ , সমষ্টি নিৰ্ধাৰণে জয়লাভত সহায় কৰিব – দিগন্ত বৰ্মন

বৰক্ষেত্ৰীৰ গাঁৱে গাঁৱে দিগন্ত বৰ্মনৰ নিৰ্বাচনী প্ৰচাৰ , সমষ্টি নিৰ্ধাৰণে জয়লাভত সহায় কৰিব – দিগন্ত বৰ্মন

মুকালমুৱাৰ পৰা সুৰজিত পাঠক ২০ মাৰ্চ- নলবাৰী জিলাৰ ৩৮নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ সমৰ্থিত প্ৰাৰ্থী দিগন্ত বৰ্মনে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে ৷ বৰক্ষেত্ৰী সমষ্টিৰ বিগত পাঁচ বছৰৰ বিধায়ক দিগন্ত বৰ্মনে আজি সমষ্টিটোৰ অন্তৰ্গত ৫৫নং ককয়া-বৰ্ণিবাৰী গাঁও পঞ্চায়তৰ বিভিন্ন গাঁৱলৈ গৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ দিগন্ত বৰ্মনে একাংশ নেতা-কৰ্মীক লগত লৈ গাঁও পঞ্চায়তখনৰ বিভিন্ন গাঁৱলৈ গৈ জ্যেষ্ঠজনৰ আশীৰ্বাদ বিচাৰে ৷ দিগন্ত বৰ্মনে গাঁওসমূহৰ পুৰুষ-মহিলা, শিশু-বৃদ্ধাৰ স’তে আত্মিকভাবে মত-বিনিময় কৰি ভোট বিচৰা পৰিলক্ষিত হয় ৷ দিগন্ত বৰ্মনক সংগ দিয়ে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভাপতি পৰীক্ষিত দাস, ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতুমনি কলিতা, স্থানীয় মহিলা মণ্ডল কংগ্ৰেছৰ সভানেত্ৰী মিনাক্ষী বৰ্মনকে ধৰি কেইবাজনো নেতা-কৰ্মীয়ে ৷ দিগন্ত বৰ্মনে ককয়াত সংবাদ মাধ্যমক সম্বোধন কৰি ৰাইজৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰা বুলি মন্তব্য কৰে ৷ দিগন্ত বৰ্মনে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সমষ্টি নিৰ্ধাৰণৰ জড়িয়তেই বৰক্ষেত্ৰী সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা গাঁওসমূহৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰা বুলি মন্তব্য কৰি নিৰ্বাচনত জয়লাভ কৰাত সহায় কৰিব বুলিও কয় ৷ ইপিনে কালি ৫৬নং পিপলিবাৰী-কৈহাটী গাঁও পঞ্চায়তৰ বিভিন্ন গাঁৱলৈ গৈ নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছ মহাজোঁট সমৰ্থিত প্ৰাৰ্থী দিগন্ত বৰ্মনে ৷

RELATED ARTICLES
Lucknow
broken clouds
37.5 ° C
37.5 °
37.5 °
24 %
2.5kmh
53 %
Wed
41 °
Thu
44 °
Fri
44 °
Sat
46 °
Sun
45 °

Most Popular