35.9 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমটেঙাখাতৰ নকাৰী, বায়নচুক, শেনচোৱাত বাঘৰ মুক্ত বিচৰণ : আতঙ্কিত ৰাইজ

টেঙাখাতৰ নকাৰী, বায়নচুক, শেনচোৱাত বাঘৰ মুক্ত বিচৰণ : আতঙ্কিত ৰাইজ

টেঙাখাতৰ নকাৰী, বায়নচুক, শেনচোৱাত বাঘৰ মুক্ত বিচৰণ : আতঙ্কিত ৰাইজ

ডিম্বেশ্বৰ গগৈ , ২২মে: ডিব্ৰুগড় জিলাৰ টেঙাখাত আৰক্ষী থানাৰ অধীনস্থ নকাৰী, বায়নচুক, হাবিচুক, শেনচোৱাকে ধৰি কেইবাখনো গাঁৱত বাঘৰ মুক্ত বিচৰণৰ ফলস্বৰূপে অঞ্চলটোত ৰাইজৰ মাজত এক আতঙ্কময় পৰিৱেশৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে যোৱা কালি অঞ্চলটোত গাৱঁৰ বায়নচুকত বহুতকেই ঘৰ পৰিয়ালৰ মাজতেই বাঘৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰি আতঙ্কিত হৈ পৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে অঞ্চলটোৰ ৰাইজে বাঘটোৰ আক্ৰমণৰ বলি হ’বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনোৱাৰ লগতে বন বিভাগকো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে। ইফালে, অঞ্চলটোত পশুধনো ঠায়ে ঠায়ে ভক্ষণ কৰাৰো অভিযোগ তুলি আতঙ্কিত হৈ পৰিছে। অঞ্চলটোত সৰ্ব সাধাৰণ ৰাইজে আতঙ্কত দিন অতিবাহিত কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে।

RELATED ARTICLES
Lucknow
overcast clouds
36 ° C
36 °
36 °
41 %
6.1kmh
100 %
Wed
35 °
Thu
36 °
Fri
34 °
Sat
35 °
Sun
35 °

Most Popular