চাহাবাদ বজাৰত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহ চক্ৰ
৩ কেজি ১৩০ গ্ৰাম গাঞ্জাসহ আটক দুজন, জব্দ অল্টো গাড়ী
প্ৰতিনিধি হাইলাকান্দি ২২ মে: হাইলাকান্দি জিলাৰ চাহাবাদ বজাৰ অঞ্চলত ড্ৰাগছবিৰোধী বিশেষ অভিযান চলাই উল্লেখযোগ্য সফলতা লাভ কৰিছে লালা আৰক্ষীয়ে। গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত প্ৰায় ৩ কেজি ১৩০ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰা হয়। লগতে ড্ৰাগছ সৰবৰাহৰ অভিযোগত দুজন লোকক আটক কৰাৰ উপৰিও সৰবৰাহত ব্যৱহৃত এখন অল্টো গাড়ী জব্দ কৰা হয়। এই ঘটনাক কেন্দ্ৰ কৰি চাহাবাদ বজাৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।আৰক্ষী সূত্ৰে জনোৱা মতে আটক কৰা দুজনৰ নাম সাহাৰুল আলম তাপাদাৰ আৰু অৰ্জুন ৰায়। দুয়োৰে ঘৰ কাটলিছড়া থানাৰ অন্তৰ্গত বৰুণছড়া অঞ্চলত। বহুদিন ধৰি উক্ত অঞ্চলত ড্ৰাগছ সৰবৰাহ আৰু অবৈধ গাঞ্জা ব্যৱসায়ৰ সৈতে কিছুমান অসাধু চক্ৰ জড়িত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। শেহতীয়াকৈ আৰক্ষীৰ হাতত এনে একাধিক গোপন তথ্য আহি পৰে যে।এটা সংঘবদ্ধ চক্ৰই বিভিন্ন স্থানৰ পৰা গাঞ্জা সংগ্ৰহ কৰি জিলাখনৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি আছে। সেই তথ্যৰ ভিত্তিতেই লালা থানাই নজৰদাৰী বৃদ্ধি কৰে। জানিব পৰা মতে , লালা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেবানন্দ দাসৰ নেতৃত্বত গঠিত এক বিশেষ আৰক্ষী দলে চাহাবাদ বজাৰ অঞ্চলত অভিযান চলায়। অভিযানৰ সময়ত AS-11T-3997 নম্বৰৰ এখন অল্টো গাড়ীৰ গতিবিধি সন্দেহজনক যেন অনুভৱ হোৱাত আৰক্ষীয়ে বাহনখন ৰখাই তালাচী চলায়। তালাচীৰ সময়ত গাড়ীখনৰ বিভিন্ন অংশৰ পৰা প্ৰায় ৩ কেজি ১৩০ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰা হয়। পাছত গাড়ীত থকা দুজন লোকক আটক কৰি থানালৈ লৈ যোৱা হয় আৰু তেওঁলোকৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়আৰক্ষীয়ে জনোৱা মতে উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য যথেষ্ট অধিক। প্ৰাথমিক তদন্তত অনুমান কৰা হৈছে যে এই ড্ৰাগছখিনি অন্য কোনো স্থানলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে নিয়া হৈছিল। গাঞ্জাখিনি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছিল আৰু ক’ত যোগান ধৰাৰ পৰিকল্পনা আছিল সেই বিষয়ে জানিবলৈ আটক ব্যক্তিদ্বয়ক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। লগতে এই সৰবৰাহ চক্ৰটোৰ সৈতে আৰু কোন কোন জড়িত আছে সেই বিষয়েও তদন্ত চলি আছে।অভিযানৰ সময়ত উদ্ধাৰ হোৱা গাঞ্জাখিনি বাজেয়াপ্ত কৰাৰ লগতে সৰবৰাহত ব্যৱহৃত অল্টো গাড়ীখনো জব্দ কৰা হৈছে। আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে আটক ব্যক্তিদ্বয়ৰ মোবাইল ফোন আৰু আন আন নথি পত্ৰসমূহো পৰীক্ষা কৰা হৈছে। ইয়াৰ জৰিয়তে ড্ৰাগছ চক্ৰটোৰ বিস্তৃত নেটৱৰ্ক আৰ্থিক লেনদেন আৰু সম্ভাব্য সহযোগীসকলৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ আশা কৰিছে তদন্তকাৰী বিষয়াসকলে।উল্লেখযোগ্য যে শেহতীয়া সময়ত হাইলাকান্দি জিলাত ড্ৰাগছবিৰোধী অভিযান অধিক জোৰদাৰ কৰা হৈছে। জিলাখনৰ বিভিন্ন স্থানত নিয়মীয়াকৈ অভিযান চলাই ড্ৰাগছ সৰবৰাহ আৰু বিক্ৰীৰ সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চাহাবাদ বজাৰৰ এই অভিযান সেই ধাৰাবাহিকতাৰেই এক অংশ বুলি ধৰা হৈছে।ইফালে আৰক্ষীৰ এই সফলতাক আদৰণি জনাইছে স্থানীয় বাসিন্দাসকলে। তেওঁলোকৰ মতে, ড্ৰাগছৰ প্ৰভাৱত যুৱ সমাজৰ এক বৃহৎ অংশ বিপথগামী হোৱাৰ আশংকা বৃদ্ধি পাইছে। সেয়েহে ড্ৰাগছ সৰবৰাহকাৰীসকলৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান অতি প্ৰয়োজনীয়। ভৱিষ্যতেও অধিক কঠোৰ নজৰদাৰী আৰু নিয়মীয়া অভিযান চলোৱাৰ দাবী জনাইছে অঞ্চলবাসীয়ে।প্ৰশাসনৰ ফালৰ পৰা স্পষ্টকৈ জনোৱা হৈছে যে ড্ৰাগছৰ বিৰুদ্ধে ‘জিৰো টলাৰেন্স’ নীতি অনুসৰি অভিযান অব্যাহত থাকিব।
চাহাবাদ বজাৰত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহ চক্ৰ৩ কেজি ১৩০ গ্ৰাম গাঞ্জাসহ আটক দুজন, জব্দ অল্টো গাড়ী
Lucknow
overcast clouds
32.1
°
C
32.1
°
32.1
°
58 %
1.7kmh
99 %
Mon
37
°
Tue
37
°
Wed
35
°
Thu
35
°
Fri
35
°

