36.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeঅসমডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ডিবৰু নাট্য সমাজৰ নৃত্য-গীত, কবিতা আৰু নাট মঞ্চস্থ

ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ডিবৰু নাট্য সমাজৰ নৃত্য-গীত, কবিতা আৰু নাট মঞ্চস্থ

ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ডিবৰু নাট্য সমাজৰ নৃত্য-গীত, কবিতা আৰু নাট মঞ্চস্থ
দুৰ্নীতিৰ দৰ্পণ, প্ৰশান্ত শইকীয়া, ডিব্ৰুগড়, ৪ এপ্ৰিল: ডিবৰু নাট্য সমাজৰ উদ্যোগত ৩ আৰু ৪ এপ্ৰিলত ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দ্বিতীয় বাৰ্ষিক নৃত্য-গীত, কবিতাৰ এটি সাংস্কৃতিক অনুষ্ঠান আজি সম্পন্ন হয়৷ নৱ প্ৰজন্মক নাটকৰ প্ৰতি আকৰ্ষিত কৰি সমাজলৈ এক সু-বাৰ্তা কঢ়িয়াই, কাহিনী, চৰিত্ৰ, সংলাপ, সংগীত নৃত্য আৰু অভিনয়ৰ যোগেদি সমাজৰ আগত গঠনমূলক বাৰ্তা প্ৰসাৰ প্ৰচাৰ কৰাৰ উদ্দেশ্যেৰে বিশিষ্ট নাট্যকৰ্মী প্ৰয়াত অচ্যুৎ চুতীয়া ৰচনা আৰু বিৰাজ চুতীয়া পৰিচালনাত-“ সেই সময় সু-সময় নাট “ আৰু দ্বিতীয় নিশা মৃণাল কুমাৰ বৰা আৰু মৃদুপৱণ বৰাৰ পৰিচালনাত“ পুৰণি বকুলৰ সুবাস“ নাট মঞ্চস্থ কৰে৷ সমিতিৰ সম্পাদক ৰঞ্জন দত্তই অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ কৰা প্ৰথম দিনা- নাট আৰম্ভ হোৱা আগতে বিশিষ্ট কবি অনুপম মহন্তই সমাজৰ বাস্তৱ পৰিঘটনাৰে সমৃদ্ধ হোৱা কবিতা পাঠ কৰি দৰ্শকৰ সমাদৰ লাভ কৰা অনুষ্ঠানত নৃত্য-গীতৰ লগতে বাণীপুৰ মইনা পাৰিজাতৰ -মইনা সকলে মুকাঅভিনয় প্ৰদৰ্শন কৰে৷ নাট অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হোৱা চিত্ৰাঙ্কণ প্ৰতিযোগিতা বিজয়ীহোৱা প্ৰতিযোগী সকলক বটাঁ প্ৰদান কৰা হয়৷ অনুষ্ঠান বহুকেইগৰাকী গণ্যমান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

RELATED ARTICLES
Lucknow
haze
29 ° C
29 °
29 °
30 %
1kmh
6 %
Thu
32 °
Fri
42 °
Sat
45 °
Sun
45 °
Mon
44 °

Most Popular