তামাৰহাটৰ পোকালাগী ইটা ভেটাত অঘটন , পুখুৰীত পৰি দুই শিশুৰ সলিল সমাধি::
কমল ৰায়, তামাৰহাট ৮ এপ্ৰিল:- ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত পোকালাগী গাঁওস্থিত হীৰা ইটা ভেটাত কৰ্মৰত দুই শ্ৰমিক পৰিয়ালৰ দুটি সন্তান ওচৰতে থকা পুখুৰীৰ পানীত পৰি কৰুণ মৃত্যুক আকোৱালী লয় । উল্লেখ্য যে আন আন শ্ৰমিকৰ লগতে তামাৰহাট থানাৰ অন্তৰ্গত ভেৰভেৰী গাঁৱৰ হাসেম আলী আৰু চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ মাথাভাংগা গাঁৱৰ নিৰ্মল দাস পৰিয়াল সহ তামাৰহাট থানাৰ অন্তৰ্গত পোকালাগী গাঁৱৰ হীৰা ইটা ভেটাত প্ৰায় ছয় মাহ ধৰি কাম কৰি আছে । জানিব পৰা মতে ইটা তৈয়াৰ কৰা কামত ব্যস্থ থকাৰ সময়তে শ্ৰমিক হাসেম আলীৰ পুত্ৰ ইয়াছিন আলী (৫) আৰু নিৰ্মল দাসৰ কন্যা সুমনা দাস (৬) যোৱা কালি দুপৰীয়া ইটা ভেটাৰ পৰা ওলাই যায় আৰু তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ পৰে শিশু দুটি । পৰিয়ালৰ লোক তথা স্থানীয় লোকে বিচাৰি থাকতে নিশাৰ ভাগতে ইটা ভেটাটোৰ ওচৰতে থকা এটা পুখুৰীত ইয়াছিন আলীক মৃত অৱস্থাত উদ্ধাৰ কৰে । পিছত স্থানীয় ৰাইজে নিশাই পুখুৰীত উদ্ধাৰ অভিযান চলায় যদিও সুমনা দাসৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই । পিছত আজি দিনৰ ভাগত স্থানীয় ৰাইজে মাছ মৰা জালেৰে পুখুৰীটোত উদ্ধাৰ অভিযান চলাই অৱশেষত নিৰুদ্দেশ হৈ থকা সুমনা দাসৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পিছত খবৰ পাই তামাৰহাট থানাৰ আৰক্ষী ঘটনাস্থলিত উপস্থিতহৈ মৃতদেহ দুটা চমজিলৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰে । উক্ত শোঁকাবহ ঘটনাটোৱে দূৰ্ভগীয়া পৰিয়াল দুটাৰ লগতে শ্ৰমিক সকলৰ মাজত শোঁকৰ ছা পেলাইছে ।

