40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমতিনিচুকীয়া জিলা নিৰ্বাচনী আয়োগৰ দ্বাৰা বিএল অ আৰু ভোটাৰ ৰাইজৰ মাজত অনুষ্ঠিত...

তিনিচুকীয়া জিলা নিৰ্বাচনী আয়োগৰ দ্বাৰা বিএল অ আৰু ভোটাৰ ৰাইজৰ মাজত অনুষ্ঠিত সজাগতা সভা

তিনিচুকীয়া জিলা নিৰ্বাচনী আয়োগৰ দ্বাৰা বিএল অ আৰু ভোটাৰ ৰাইজৰ মাজত অনুষ্ঠিত সজাগতা সভা

দুৰ্নীতিৰ দৰ্পণ, মাৰ্ঘেৰিটা, ২৬ এপ্ৰিল ঃ আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সম জিলাৰ অন্তৰ্গত দিহিং চাহ বাগিচাৰ পূজা মণ্ডপ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় আগন্তক নিৰ্বাচনী সম্পৰ্কীয় সজাগতা সভা৷ এই সভা অনুষ্ঠিত কৰে মাৰ্ঘেৰিটা সম জিলাৰ সহযোগত তিনিচুকীয়া জিলা নিৰ্বাচনী আয়োগে৷ উক্ত অনুষ্ঠানটোৰ আঁত ধৰে মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ ভূমি লক্ষ্য সহায়ক নিতুল গগৈয়ে৷ সভাত মাৰ্ঘেৰিটা সমজিলা আয়ুক্ত ৰাহুল দলেৰ উপস্থিতিত তিনিচুকীয়া জিলাৰ নিৰ্বাচনী আয়োগ সুমিত সাত্তাৱনে বি এল অ আৰু ভোটাৰ ৰাইজক উদ্দেশ্যি বক্তব্য ৰাখে৷ ভোটাৰ তথ্য স্লিপ বিতৰণ আৰু ভোট গ্ৰাহণ কেন্দ্ৰৰ সবিশেষ, ক্ৰমিক নম্বৰ আৰু ভোট দানৰ সময়সূচীৰ ওপৰত ভোটাৰৰ সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই বক্তব্য প্ৰদান কৰে৷ সভাত ভাষণ দি আয়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে বিশেষ অঞ্চলত পূৰ্বৰ নিৰ্বাচনত ভোটাৰৰ ভোট দান আশা কৰাতকৈ কম হোৱা দেখা পোৱা গৈছে৷ গতিকে এইবাৰ যাতে অধিক ভোট দান হয় তাৰ বাবে বুথ পৰ্য্যায়(বি এল অ)ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব৷ ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ ভোট প্ৰদানৰ নিমন্ত্ৰণী পত্ৰ হিচাপে ভোটাৰ স্লিপ বিতৰণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে৷ তেখেতে আৰু উল্লেখ কৰে যে ২০২৬ চনৰ ৯ এপ্ৰিল তাৰিখে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ গতিকে সকলো ভোটাৰ সকলে উক্ত সময়ৰ ভিতৰত নিজৰ নিজৰ ভোট দান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়৷ আজিৰ সভাত উপস্থিত থাকে, মাৰ্ঘেৰিটা সমজিলাৰ আয়ুক্ত ৰাহুল দলে, তিনিচুকীয়া জিলা আয়ুক্ত সুমিত সাত্তাৱন, তথ্য জনসংযোগ বিভাগৰ বিষয়া গুৰমিত সুৰী, বি এল অ আৰু ভোটাৰ ৰাইজ৷

RELATED ARTICLES
Lucknow
broken clouds
40 ° C
40 °
40 °
22 %
4.7kmh
74 %
Sun
40 °
Mon
44 °
Tue
44 °
Wed
45 °
Thu
45 °

Most Popular