40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমহাইলাকান্দিত নিৰ্বাচনী প্ৰস্তুতি তুঙত যৌথ প্ৰশিক্ষণত সমন্বয় আৰু সতৰ্কতাৰ ওপৰত জোৰ জিলা...

হাইলাকান্দিত নিৰ্বাচনী প্ৰস্তুতি তুঙত যৌথ প্ৰশিক্ষণত সমন্বয় আৰু সতৰ্কতাৰ ওপৰত জোৰ জিলা আয়ুক্ত অভিষেক জৈনৰ

হাইলাকান্দিত নিৰ্বাচনী প্ৰস্তুতি তুঙত যৌথ প্ৰশিক্ষণত সমন্বয় আৰু সতৰ্কতাৰ ওপৰত জোৰ জিলা আয়ুক্ত অভিষেক জৈনৰ
প্ৰীতম দাস, হাইলাকান্দি, ২৬ মাৰ্চ: আগন্তুক নিৰ্বাচনক আগত ৰাখি হাইলাকান্দি জিলাত প্ৰস্তুতি অধিক জোৰদাৰ কৰা হৈছে৷ এই প্ৰেক্ষাপটত হাইলাকান্দি জিলাৰ নিৰ্বাচন আধিকাৰী তথা জিলা আয়ুক্ত শ্ৰী অভিষেক জৈন (আইএএছ)-এ বিভিন্ন জোন আৰু ছেক্টৰৰ আৰক্ষী আৰু অসামৰিক বাহিনীৰ আধিকাৰীসকলৰ বাবে আয়োজিত এখন গুৰুত্বপূৰ্ণ যৌথ প্ৰশিক্ষণ পৰ্ব পৰিদৰ্শন কৰে৷ জিলাৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী দায়িত্ব পালন কৰা আধিকাৰীসকলৰ উপস্থিতিত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত নিৰ্বাচন পৰিচালনাৰ বিভিন্ন দিশ সম্পৰ্কে বিশদ আলোচনা কৰা হয়৷ আইন শৃঙ্খলা ৰক্ষা ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ নিৰাপত্তা সংবেদনশীল এলেকা চিনাক্তকৰণ দ্ৰুত প্ৰতিক্ৰিয়া ব্যৱস্থা আৰু জৰুৰী পৰিস্থিতি মোকাবিলাৰ কৌশল সন্দৰ্ভতো প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ প্ৰশিক্ষণ চলি থকা সময়ত জিলা আয়ুক্ত শ্ৰী জৈনে কয় যে এটা সুষ্ঠু মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন আয়োজন কৰাটো প্ৰশাসনৰ মুখ্য দায়িত্ব৷ এই লক্ষ্য সিদ্ধিৰ বাবে আৰক্ষী আৰু অসামৰিক বাহিনীৰ মাজত কাৰ্যকৰী সমন্বয় অতি প্ৰয়োজনীয়৷ তেওঁ স্পষ্টকৈ নিৰ্দেশ দিয়ে যে প্ৰতিজন আধিকাৰীয়ে নিজৰ দায়িত্ব সম্পৰ্কে সম্পূৰ্ণ সজাগ থাকিব লাগিব আৰু দায়িত্ব পালনত কোনো ধৰণৰ গাফিলতি সহ্য কৰা নহ’ব৷ ইয়াৰ উপৰিও তেওঁ ভাৰতৰ নিৰ্বাচন আয়োগে জাৰি কৰা সকলো নিৰ্দেশনা কঠোৰভাৱে মানি চলাৰ ওপৰত জোৰ দিয়ে৷ নিৰ্বাচনৰ সময়ত প্ৰতিটো পদক্ষেপ যাতে স্বচ্ছতা নিৰপেক্ষতা আৰু আইন অনুসৰি সম্পন্ন হয় সেই বিষয়ে সকলোকে সতৰ্ক কৰে৷ বিশেষকৈ সংবেদনশীল আৰু অতি সংবেদনশীল বুথসমূহত অতিৰিক্ত নজৰদাৰী আৰু নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে৷ প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত আধিকাৰীসকলক উদ্দেশ্য কৰি তেওঁ আৰু কয় যে জনসাধাৰণৰ আস্থা অৰ্জন কৰাটোৱেই আমাৰ মূল লক্ষ্য৷ এটা শান্তিপূৰ্ণ আৰু বিশ্বাসযোগ্য নিৰ্বাচন আয়োজনৰ জৰিয়তে আমি সেই আস্থা অধিক সুদৃঢ় কৰিব পাৰো৷ উল্লেখযোগ্যভাৱে এই যৌথ প্ৰশিক্ষণৰ জৰিয়তে নিৰ্বাচনৰ সৈতে জড়িত সকলো বাহিনীৰ মাজত সমন্বয় বৃদ্ধি দায়িত্ব বণ্টনৰ স্বচ্ছতা আৰু দ্ৰুত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা উন্নত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়৷ ইয়াৰ লগতে তৃণমূল স্তৰত নিৰ্বাচনী কাৰ্যকলাপ অধিক দক্ষ আৰু সুসংগঠিতভাৱে পৰিচালনা কৰাৰ বাবে প্ৰয়োজনীয় দিশ নিৰ্দেশনাও প্ৰদান কৰা হয়৷ জিলা প্ৰশাসনৰ এই পদক্ষেপটো নিৰ্বাচনী প্ৰক্ৰিয়াক অধিক শক্তিশালী কৰাৰ এটা গুৰুত্বপূৰ্ণ উদ্যোগ হিচাপে গণ্য কৰা হৈছে৷ সংশ্লিষ্ট মহলৰ মতে এনে ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচীয়ে নিৰ্বাচনৰ সময়ত আইন শৃঙ্খলা বজাই ৰখা আৰু নিৰ্বিঘ্ন ভোটগ্ৰহণ নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷

RELATED ARTICLES
Lucknow
broken clouds
40 ° C
40 °
40 °
22 %
4.7kmh
74 %
Sun
40 °
Mon
44 °
Tue
44 °
Wed
45 °
Thu
45 °

Most Popular