41.5 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমতিনিচুকীয়া বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া ড০ মন্দিৰা বৰুৱা আৰু সহকাৰী ৰিটাৰ্ণিং বিষয়াই...

তিনিচুকীয়া বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া ড০ মন্দিৰা বৰুৱা আৰু সহকাৰী ৰিটাৰ্ণিং বিষয়াই পৰিদৰ্শণ কৰে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰ

তিনিচুকীয়া বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া ড০ মন্দিৰা বৰুৱা আৰু সহকাৰী ৰিটাৰ্ণিং বিষয়াই পৰিদৰ্শণ কৰে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰ

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ৫ এপ্ৰিলঃ তিনিচুকীয়া নিৰ্বাচনী জিলাত বিধানসভা নিৰ্বাচন ২০২৬ সুচাৰুৰূপে সম্পন্ন কৰিবৰ বাবে জিলা প্ৰশাসন আৰু জিলা নিৰ্বাচনী শাখাই ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে৷ ৯ এপ্ৰিল তাৰিখে অনুষ্ঠিত হবলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে জিলা নিৰ্বাচনী বিষয়া সুমিত ছাত্তাৱানে তিনিচুকীয়া নিৰ্বাচনী জিলাৰ অন্তৰ্গত তিনিচুকীয়া, মাকুম, ডুমডুমা, ডিগবৈ, মাৰ্ঘেৰিটা আৰু শদিয়া বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াসকলৰ লগতে সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলক প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি যাৱতীয় প্ৰস্তুতি সন্দৰ্ভত বিতংভাবে বুজ লবলৈ নিৰ্দেশ দিছে৷ সেই অনুসৰি আজি তিনিচুকীয়া বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া ড০ মন্দিৰা বৰুৱাৰ লগতে সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলে বিধানসভা সমষ্টিৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ যাৱতীয় সা-সুবিধা যেনে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, অনাময়ৰ সুব্যৱস্থা, বিজুলী সংযোগ তথা পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা, বিশেষভাবে সক্ষম ভোটাৰৰ বাবে ৰেম্প তথা কাৰ্যক্ষম হুইলচেয়াৰৰ উপলব্ধতা, সঠিক পথনিৰ্দেশক চিহ্নৰ ব্যৱস্থা, যাৱতীয় আচবাব তথা ভোট কেন্দ্ৰৰ যাৱতীয় পৰিকল্পনা, ভোটাৰৰ বাবে সুবিধাজনক প্ৰতীক্ষালয়ৰ ব্যৱস্থা ইত্যাদি সন্দৰ্ভত বিতং ভাবে বুজ লয়৷ স্মাৰ্তব্য যে, ৯ এপ্ৰিল তাৰিখে তিনিচুকীয়া বিধানসভা সমষ্টিৰ ২১৬টা ভোটগ্ৰহণ কেন্দ্ৰত ১৭২৩৫১ গৰাকী ভোটাৰে ভোটদান কৰিব৷ তিনিচুকীয়া নিৰ্বাচনী জিলাত সুচাৰুৰূপে নিৰ্বাচন আয়োজন কৰিবৰ বাবে জিলা প্ৰশাসন দায়বদ্ধ আৰু প্ৰতিশ্ৰুতিবদ্ধ৷ জিলা প্ৰশাসনে সকলো যোগ্য ভোটাৰক গণতান্ত্ৰিক প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে৷

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular