41.5 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমবিশ্বনাথ ৰাজ্যিক SVEEP আইকন, পেৰাচাইক্লিষ্ট ৰাকেশ বণিক, বিশ্বনাথ জিলাৰ নিৰ্বাচনী শুভংকৰ ’মোহন’...

বিশ্বনাথ ৰাজ্যিক SVEEP আইকন, পেৰাচাইক্লিষ্ট ৰাকেশ বণিক, বিশ্বনাথ জিলাৰ নিৰ্বাচনী শুভংকৰ ’মোহন’ উন্মোচন, ভোটাৰ সচেতনতাৰ বাবে চাইকেল ৰেলী

বিশ্বনাথ ৰাজ্যিক SVEEP আইকন, পেৰাচাইক্লিষ্ট ৰাকেশ বণিক, বিশ্বনাথ জিলাৰ নিৰ্বাচনী শুভংকৰ ’মোহন’ উন্মোচন, ভোটাৰ সচেতনতাৰ বাবে চাইকেল ৰেলী

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ৫ এপ্ৰিল: বিশ্বনাথ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া লক্ষ্মীনন্দন চহৰীয়া আৰু ৰাজ্যিক SVEEP আইকন ৰাকেশ বণিকৰ উপস্থিতিত জিলাখনৰ নিৰ্বাচনী শুভংকৰ (Mascot) “মোহন” আজি আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰা হয়৷ জিলা আয়ুক্তৰ সন্মিলন কক্ষত এই উপলক্ষে আজি আয়োজিত বিশেষ অনুষ্ঠানটিত জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াই আদৰণি ভাষণ প্ৰদান কৰে৷ জনসংযোগ বিভাগৰ ৰণজিৎ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী পেৰাচাইক্লিষ্ট তথা ৰাজ্যিক SVEEP আইকন ৰাকেশ বণিকে তেখেতৰ এই যাত্ৰাৰ উদেশ্যৰ কথা উল্লেখ কৰি ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ উদেশ্য মূল্যবান বক্তব্য দাঙি ধৰে৷ ইয়াৰ পিছতে ৰাজ্যিক SVEEP আইকন গৰাকীয়ে বিশ্বনাথ জিলাৰ শুভংকৰ ’মোহন’ আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে৷ এই কাৰ্যসূচীৰ পাছতেই এনচিচি কেডাৰ সকলৰ হাত চাপৰি আৰু জিলা আয়ুক্ত গৰাকীয়ে ফ্লেগ অফ্ কৰাৰ লগে লগে ৰাকেশ বণিকৰ নেতৃত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীৰ অংশ গ্ৰহণেৰে বিশ্বনাথ নগৰৰ মাজেদি এক সজাগতামূলক চাইকেল ৰেলী উলিওৱা হয়৷ এই পদক্ষেপৰ জৰিয়তে ভোটাৰ সজাগতামূলক বাৰ্তা প্ৰেৰণেৰে ৰাইজৰ সক্ৰিয় অংশগ্ৰহণক উৎসাহিত কৰা হয়৷ আজি এই বিশেষ কাৰ্যসুচীত জিলা আয়ুক্ত, SVEEP আইকন গৰাকীৰ লগতে নিৰ্বাচনী বিষয়া ধীমান হাজৰিকা, সহকাৰী আয়ুক্ত তথা SVEEP কোষৰ নোডেল বিষয়া, মঞ্জুশ্ৰী বৰা, সহকাৰী আয়ুক্ত সকল ক্ৰমে নিকি বৰ্মন, শ্ৰীমতী জুৰি দেবী, ছাত্ৰ ছাত্ৰী সকল, এনচিচি কেডাৰ আৰু অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল৷

RELATED ARTICLES
Lucknow
broken clouds
43.1 ° C
43.1 °
43.1 °
18 %
6.4kmh
84 %
Sun
40 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular