29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমগড়গাঁও মহাবিদ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তা বিষয়ক কৰ্মশালা সম্পন্নঃছাত্ৰ-ছাত্ৰীক আধুনিক প্ৰযুক্তিৰ জ্ঞানদান

গড়গাঁও মহাবিদ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তা বিষয়ক কৰ্মশালা সম্পন্নঃছাত্ৰ-ছাত্ৰীক আধুনিক প্ৰযুক্তিৰ জ্ঞানদান

গড়গাঁও মহাবিদ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তা বিষয়ক কৰ্মশালা সম্পন্নঃছাত্ৰ-ছাত্ৰীক আধুনিক প্ৰযুক্তিৰ জ্ঞানদান

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ৯ মেঃ* গড়গাঁও মহাবিদ্যালয়ৰ ইনষ্টিটিউট ইন’ভেচন চেলৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলক কৃত্ৰিম বুদ্ধিমত্তাৰ আধুনিক প্ৰয়োগসমূহৰ সৈতে পৰিচিত কৰোৱাৰ উদ্দেশ্যে ‘এআই ফ’ৰ টুম’ৰো: ফ্ৰম ডাটা টু ডিচিশ্যন’ শীৰ্ষক এখন এআই প্ৰট’টাইপ কৰ্মশালা সফলভাৱে সম্পন্ন হয়। এই কৰ্মশালাত বিশেষকৈ এআই শিক্ষণ, উৎপাদনশীল এআই, বুদ্ধিমত্তাসম্পন্ন কৰ্মপ্ৰবাহ স্বয়ংক্ৰিয়কৰণ আৰু স্মাৰ্ট কৃষিত এআইৰ ব্যৱহাৰ আদি বিষয়ত গুৰুত্ব আৰোপ কৰি শিক্ষা তথা গৱেষণাৰ ক্ষেত্ৰত ইয়াৰ প্ৰায়োগিক দিশসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। অনুষ্ঠানটোত সভাপতিত্ব কৰি গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই এই পদক্ষেপক অতিশয় শলাগ লয় আৰু ইয়াক ছাত্ৰ-ছাত্ৰীৰ মাজত উদ্ভাৱন, সৃষ্টিশীলতা তথা প্ৰযুক্তিগত উন্নতিৰ দিশত এক নতুন যাত্ৰাৰ আৰম্ভণি বুলি অভিহিত কৰে।​আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড° সুৰজিৎ শইকীয়াই বৰ্তমান সময়ৰ উচ্চ শিক্ষা আৰু ভৱিষ্যৎ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত এআই ভিত্তিক প্ৰযুক্তিৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। কৰ্মশালাখনৰ সমন্বয়কদ্বয় ক্ৰমে ভূতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ড° চিৰন্তন ভাগৱতী আৰু ড° দীপাংকৰ বুঢ়াগোহাঁইয়ে উদ্বোধনী ভাষণত অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰি সমাজ আৰু পৰিৱেশৰ কল্যাণৰ বাবে এআই ভিত্তিক উদ্ভাৱনীমূলক চিন্তাধাৰা গঢ়ি তোলাৰ আহ্বান জনায়। কৰ্মশালাৰ এক বিশেষ আকৰ্ষণ আছিল ভূতত্ত্ব বিভাগৰ ছাত্ৰী ছাদিয়া আলম, নিশিতা মহন্ত আৰু ধৰিত্ৰী দেৱী নাথে আগবঢ়োৱা লাইভ প্ৰদৰ্শন।​মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ প্ৰায় দুকুৰি অংশগ্ৰহণকাৰীৰ লগতে অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড° নীলোৎপল চুতীয়া আৰু অংকিতা দত্ত, ভূতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ড° চন্দ্ৰাদিত্য গগৈ, ৰসায়ন বিভাগৰ সহকাৰী অধ্যাপক ড° প্লাৱন জ্যোতি শৰ্মা, প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° পিমিলি লংথাছা, ড° ৰশ্মি দত্ত, ড° অনুৰাগ প্ৰতিম দাস আৰু পৰিসংখ্যা বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক গৌৰৱ জৈনে অনুষ্ঠানটিত উপস্থিত থাকি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে এই কৰ্মশালাৰ জৰিয়তে এআইৰ নৈতিক ব্যৱহাৰ, অটোমেচন প্ৰযুক্তি, ভৱিষ্যৎ কৰ্মসংস্থাপনৰ সম্ভাৱনা আৰু টেকসই কৃষি ব্যৱস্থাত এআইৰ ভূমিকা সম্পৰ্কে বিশেষ জ্ঞান লাভ কৰে। আয়োজকসকলে আশা প্ৰকাশ কৰে যে এনে উদ্যোগে শিক্ষাৰ্থীসকলক সমাজমুখী আৰু উদ্ভাৱনীমূলক প্ৰযুক্তিগত চিন্তাধাৰাৰ দিশে নিশ্চিতভাৱে আগবঢ়াই নিব।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular