দ্বিতীয় বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হ’ল মজিবুৰ ৰহমান
ষ্টাফ ৰিপ’ৰ্টাৰ ; দৰং , ৫ মে – ৫১ নং দলগাঁও বিধান সভা সমষ্টিত মজিবুৰ ৰহমানৰ বিজয় লাভ কৰিছে । সমষ্টিটোত বিগত পাঁচ বছৰৰ কাৰ্যকালত কৰ্মী হিচাপে , দক্ষ , বক্তা , সাহসী আৰু যুঁজাৰু হিচাপে ভোটাৰ ৰাইজৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছিল । যাৰ বাবে সমষ্টিৰ ৰাইজে মজিবুৰ ৰহমানক পুণৰ বিধায়কৰ আসনত বহুৱাবলৈ বিপুল ভোটত জয়ী কৰে । সমষ্টিটোত মুঠ চাৰি গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । বিজেপিৰ কৃষ্ণা স্বাহা , এ আই ইউ ডি এফৰ মজিবুৰ ৰহমান , ৰাইজৰ দলৰ আজিজুৰ ৰহমান আৰু নিৰ্দলীয় প্ৰাৰ্থী আইনুল হক এই চাৰিগৰাকী প্ৰাৰ্থীৰ ভিতৰত মজিবুৰ ৰহমান আৰু আইনুল হকৰ মাজত যুঁজ হোৱাৰ পূৰ্বানুমান কৰা হৈছিল । কথা মতেই ফলাফলৰ দিনত নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে পৰাজিত হৈছে যদিও যথেষ্ট সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হৈছে । মজিবুৰ ৰহমানে তেখেতৰ নিকটতম প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী গৰাকীক ২৮,৮৮০ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে । মজিবুৰ ৰহমানে ১,৪৭৫৫৫ টা ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী আইনুল হকে লাভ কৰে ১,১৪,৬৭৫ টা ভোট । মিত্ৰজোটৰ প্ৰাৰ্থী আজিজুৰ ৰহমানে লাভ কৰে ১৭,৬১৩ টা ভোট আৰু বিজেপিৰ মনোনীত প্ৰাৰ্থী কৃষ্ণা স্বাহাই লাভ কৰে ১৭,০৭৯ টা ভোট । লক্ষণীয় কথা সমষ্টিটোত NOTA ভোট পৰে ৩,৩২৭ টা। মজিবুৰ ৰহমানৰ বিজয়ৰ দিশে অগ্ৰসৰ হোৱাৰ কথা উমান পাই সমৰ্থিত ৰাইজে ফলাফল ঘোষণাৰ পূৰ্বে মঙ্গলদৈস্থিত বাসভৱনত ভিৰ কৰে আৰু ফলাফল ওলোৱাৰ বাবে অপেক্ষা কৰে । জয় লাভ কৰাৰ পিছত বিজয়ী প্ৰাৰ্থী মজিবুৰ ৰহমানে সমষ্টিৰ ৰাইজৰ সৈতে দেখা কৰে আৰু কৃতজ্ঞতা স্বীকাৰ কৰে । ৰাইজে ঢোলে-ডগৰে , নৃত্য গীতেৰে বিধায়ক গৰাকীক শুভেচ্ছা দিবলৈ ওলাই আহে । শুভাকাংক্ষী , দলীয় কৰ্মী , আৰু ৰাইজে ফুলৰ মালা , শৰাই , গামোছা, আদিৰে বিধায়ক গৰাকীক উষ্ম আদৰণি জনায় ।

