35 C
New Delhi
Friday, June 5, 2026
spot_img
Homeঅসমদৰং জিলাত সম্ভাৱ্য বিমান আক্ৰমণ/ ব্লেকআউট সমন্ধীয় অনুষ্ঠিতব্য অনুশীলনৰ প্ৰস্তুতি সন্দর্ভত বৈঠক...

দৰং জিলাত সম্ভাৱ্য বিমান আক্ৰমণ/ ব্লেকআউট সমন্ধীয় অনুষ্ঠিতব্য অনুশীলনৰ প্ৰস্তুতি সন্দর্ভত বৈঠক সম্পন্ন*

দৰং জিলাত সম্ভাৱ্য বিমান আক্ৰমণ/ ব্লেকআউট সমন্ধীয় অনুষ্ঠিতব্য অনুশীলনৰ প্ৰস্তুতি সন্দর্ভত বৈঠক সম্পন্ন*

ষ্টাফ ৰিপ’ৰ্টাৰ ; দৰং , ১৫ মে’ : আজি দৰং জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত বিয়লি ৩.০০ বজাত জিলাখনত কালিলৈ অৰ্থাৎ ১৬ মে’ তাৰিখে সন্ধিয়া ৭.০০ বজাত মঙ্গলদৈ সদৰৰ কৰিম চকত থকা ট্ৰেন্ডছ শ্বপিং ম’ল প্ৰাংগনত অনুষ্ঠিত হ’বলগীয়া সম্ভাব্য বিমান আক্ৰমণ/ ব্লেকআউটৰ সময়ত গ্ৰহণ কৰিবলগীয়া সাৱধানতা বিষয়ক আখৰা বা অনুশীলন কাৰ্য্যসূচী সন্দৰ্ভত এক প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হৈ যায়। অতিৰিক্ত জিলা আয়ুক্ত অনুৰাগ ফুকনে সঞ্চালন কৰা এই সভাখনত ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা – মন্ত্ৰালয়, অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ তথা অসামৰিক প্ৰতিৰক্ষা সঞ্চালকালয়ৰ নির্দেশনা অনুসৰি অহা ১৬ মে’ত অৰ্থাৎ কালিলৈ সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’বলগীয়া এই অনুশীলন কাৰ্যসূচীত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, জিলা অসামৰিক প্ৰতিৰক্ষা বিভাগ, স্বাস্থ্য বিভাগ, অগ্নি নিৰ্বাপক বাহিনী, বিদ্যুৎ বিভাগ, বি.এছ.এন.এল, তথ্য আৰু জনসংযোগকে ধৰি সকলো সংশ্লিষ্ট বিভাগৰ মুৰব্বী উপস্থিতিত বিভাগীয় দায়িত্ব আৰু কৰ্তব্যসমূহ বিস্তাৰিতভাৱে আলোচনা কৰা হয়। দৰং জিলাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত আৰু দৰং জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই প্ৰস্তুতিমূলক আখৰাৰ মূল উদ্দ্যেশ্য হৈছে সম্ভাব্য বিমান আক্রমণ (Air-raid)ৰ সময়ত ল’বলগীয়া সাৱধানতামূলক ব্যৱস্থাসমূহ সন্দৰ্ভত ৰাইজৰ মাজত পৰ্য্যাপ্ত সজাগতাৰ সৃষ্টি কৰা আৰু বিভিন্ন বিভাগৰ তৰফৰ পৰা এনে জৰুৰীকালীন সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাপনাৰ এক বাস্তৱিক পৰিৱেশত অনুশীলনৰ জৰিয়তে বিভাগসমূহৰ কাৰ্যদক্ষতা পৰীক্ষা কৰাৰ লগতে সচেতন কৰি তোলা। উক্ত অনুশীলনী সন্ধিয়া ৭.০০ বজাৰ পৰা আৰম্ভ হৈ প্ৰায় এক ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ হ’ব। এই প্ৰস্তুতিমুলক অনুশীলনী সন্ধিয়া ৭.০০ বজাত বিপদ সংকেত অৰ্থাৎ প্ৰথমটো চাইৰেন বাজি উঠাৰ লগে লগে আৰম্ভ হ’ব। এই চাইৰেন ২ মিনিট জুৰি ৰৈ ৰৈ বাজিব। চাইৰেন বাজি উঠাৰ লগে লগে ৰাইজে নিজৰ ঘৰৰ বিজুলী বাতি বন্ধ ৰাখি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰা আখৰা বা অনুশীলন আৰম্ভ হ’ব। এই সময়ছোৱাত উক্ত অঞ্চলত বিদ্যুৎ সেৱাও বন্ধ থাকিব। অনুশীলনীৰ শেষত পুনৰ সেউজ সংকেত অৰ্থাৎ পুনৰ ২ মিনিট জুৰি একেৰাহে অন্তিমটো চাইৰেন বাজি উঠাৰ লগে লগে এই অনুশীলনীৰ অন্ত পৰিব আৰু বিদ্যুৎ সেৱা পুনৰ আৰম্ভ হ’ব তথা অঞ্চলবাসী সাধাৰণ ৰাইজে পুনৰ নিজৰ স্বাভাৱিক কৰ্মত আত্মনিয়োগ কৰিব পাৰিব। অনুষ্ঠিতব্য উক্ত সম্ভাৱ্য বিমান আক্ৰমণৰ সময়ত গ্ৰহণ কৰিবলগীয়া সাৱধানতা বিষয়ক অনুশীলনীৰ সময়ছোৱাত দৰং জিলাবাসী ৰাইজক অনাহকত শংকিত নহ’বলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা অনুৰোধ কৰাৰ লগতে পূৰ্ণ সহায় সহযোগিতা আহবান কৰা হৈছে। উল্লেখ্য যে-আজিৰ বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত অনুৰাগ ফুকন, আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ-নিয়ন্ত্রক (জেষ্ঠ্য) পলাশ বৰুৱা, সংশ্লিষ্ট বিভাগীয় বিষয়াসকল, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ ৱাৰ্ডেন স্বেচ্ছাসেৱীসকলৰ লগতে আৰক্ষী, অগ্নি আৰু আপাতকালীন বিভাগ আৰু গৃহৰক্ষী বিভাগৰ প্রতিনিধিসকল উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
clear sky
35.6 ° C
35.6 °
35.6 °
24 %
0.7kmh
0 %
Thu
36 °
Fri
42 °
Sat
41 °
Sun
43 °
Mon
44 °

Most Popular