41.5 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমধুবুৰীৰ গোলকগঞ্জত বিজয় সংকল্প যাত্ৰা , মুখ্য অতিথিয়ে ফোন যোগে উপস্থিত জনতাক...

ধুবুৰীৰ গোলকগঞ্জত বিজয় সংকল্প যাত্ৰা , মুখ্য অতিথিয়ে ফোন যোগে উপস্থিত জনতাক কৰিলে সম্বোধন

ধুবুৰীৰ গোলকগঞ্জত বিজয় সংকল্প যাত্ৰা , মুখ্য অতিথিয়ে ফোন যোগে উপস্থিত জনতাক কৰিলে সম্বোধন

দুৰ্নীতিৰ দৰ্পণ, ধুবুৰী, ০৩ এপ্ৰিল ২৬ঃ আজি ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত গোলকগঞ্জৰ চিলাৰায় দলঙৰ ওচৰৰ মেলা মইদামত নিৰ্বাচনী প্ৰচাৰ সভাৰ লগতে বিজয় সংকল্প যাত্ৰা অনুস্থান আয়োজন। এই অনুস্থানত হেলিকাপ্টাৰ যোগে উপস্থিত থকা কথা আছিল ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহ কিন্ত উক্ত সভাস্থলিত আহিবলগীয়া হেলিকাপ্টাৰখনৰ যান্ত্ৰিক বিজুতি হোৱাৰ ফলত কেন্দ্ৰীয় গৃহ মন্ত্ৰী নোৱাৰে যদিও ফোনযোগে উপস্থিত ৰাইজক সেৱা কৰি নিজৰ মন্তব্য প্ৰদান কৰে। আৰু আজিৰ এই সভাত উপস্থিত থাকে
আজিৰ এই সভাত উপস্থিত থকা বিজেপি দলৰ বিভিন্ন শীৰ্ষ নেতৃত্বয় নিজৰ ভাষনৰ জৰিয়তে কয় যে, অসম তথা গোলকগঞ্জ বিধানসভা সমষ্টিবাসীৰ ৰাইজৰ সৰ্বাঙ্গিন উন্নয়ন আৰু বিকাশ কৰিবলৈ হলে, বিজেপি মিত্ৰজোঁট চৰকাৰ আৰু গোলকগঞ্জ বিধান সভাত বিজেপি দলৰ বিধায়ক অবিহনে বিকল্প বেলেগ একো নাই। গোলকগঞ্জ বিধানসভা সমষ্টিত কংগ্ৰেছৰ দলৰ বিধায়কজনে যোৱা পাঁচটা বছৰ কেৱল প্ৰতিশ্ৰুতী হে প্ৰদান কৰিলে। এইবেলি নিৰ্বাচনত সমষ্টিবাসী ৰাইজৰ আগত প্ৰশ্নবানৰ সমুখিনৰ হোৱাৰ ভয়ত, সেই বিধায়কজন সমষ্টি এৰি বেলেগ সমষ্টি গমন কৰিলে বুলিও উল্লেখ কৰে। আৰু লক্ষণীয় বিষয়টো এয়া যে গোলকগঞ্জ সমষ্টিত এইবাৰৰ নিৰ্বাচনত বিজেপিৰ প্ৰতি যি হাৰে জনসমৰ্থন আৰু ধুমুহা ৰাজ্যৰ বিভিন্ন ঠাইত দেখা গৈ আছে, তাকে চাই কংগ্ৰেছ সমনিতে বিজেপি বিৰোধী ৰাজনৈতিক শিবিৰে সংকিত হৈ পৰিছে । আৰু বিশেষ ভাবে কংগ্ৰেছ দলে যোৱা পাঁচবছৰৰ বিধায়কৰ বিফলতাবোৰ ঢাকিবলৈ এইবেলি নতুন ৰনকৌশল অৱলম্বন কৰি এজন প্ৰাৰ্থীক সৌজন্যমূলক ভাবে প্ৰক্ষেপ কৰি মিছা আশ্বাস আৰু প্ৰতিশ্ৰুতিৰে গোলকগঞ্জ সমষ্টিবাসী ৰাইজক যি সপোন দেখুৱাবলৈ প্ৰয়াস চলাই আছে, সেয়া সম্পূৰ্ণৰূপে বিফল হোৱা পৰিলক্ষিত হৈ পৰিছে বুলিও উল্লেখ কৰে। গোলকগঞ্জ বিধানসভা সমষ্টিত বিগত পাঁচ বছৰে ৰাইজে সমষ্টিৰ উন্নয়নৰ বহুত দিশে আধুৰুৱা হৈ ৰৈ আছে। সেইবোৰ ভৱিষ্যত দিনত পূৰণ কৰিবলৈ হলে, এইবেলি গোলকগঞ্জ সমষ্টিত অশ্বিনী ৰায় সৰকাৰক জয়ী কৰাই অসম বিধানসভাত পঠিয়াৰ দায়িত্ব গোলকগঞ্জ বিধানসভা সমষ্টিবাসী ৰাইজেই লৱ লাগিব। গোলকগঞ্জ বিধান সভাত বিজেপি প্ৰাৰ্থীজনৰ জয় মানে কেৱল বিজেপি দলৰ প্ৰাৰ্থীজনৰ জয় নহয়। বৰং এই জয় গোলকগঞ্জ বিধানসভা সমষ্টিৰ প্ৰতিজন ৰাইজৰ জয়, প্ৰতিজন বিজেপি দলৰ নিষ্ঠাবান কাৰ্যকৰ্তাৰ জয় বুলি বিজেপি দলৰ নেতৃত্বই আজিৰ সভাত নিজৰ বক্তব্যৰ মাধ্যমত এই কথা উল্লেখ কৰে।

RELATED ARTICLES
Lucknow
broken clouds
43.1 ° C
43.1 °
43.1 °
18 %
6.4kmh
84 %
Sun
40 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular