অসম আন্দোলনৰ অগ্ৰণী নেতা নিবাৰণ নাথৰ মৃত্যু
কংকণ তালুকদাৰ, হাউলী, ২৪ মে : অসম আন্দোলনৰ নেতা বিশিষ্ট সমাজ সংগঠক নিবাৰণ নাথৰ দেহাৱসান হয় । আজি বহু দিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা অসম আন্দোলনৰ নেতা, হাউলী গণ সংগ্ৰাম পৰিষদৰ প্ৰতিষ্ঠাপক সম্পাদক, হাউলী সাৰ্বজনীন শিৱ মন্দিৰৰ উপদেষ্টা, অৱসৰপ্ৰাপ্ত বন বিষয়া নিবাৰণ নাথৰ আজি পুৱতি নিশা প্ৰায় ৩:৩০ মান বজাত পৰলোকপ্ৰাপ্তি ঘটে । অসম চৰকাৰৰ বন বিভাগৰ বিষয়া হিচাপে অবসৰ গ্ৰহণ কৰা নাথৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৫ বছৰ । নিবাৰণ নাথ যে অকল অসম আন্দোলনৰ নেতাই আছিল তেনে নহয়, সত্তৰ আৰু আশীৰ দশকত হাউলী অঞ্চলৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত বিভিন্ন ধৰণে জড়িত হৈ আছিল । হাউলী ৰাস মহোৎসৱ, বিহু সন্মিলন, ক্ৰীড়া সন্থা ,উন্নয়ন পৰিষদ, সাৰ্বজনীন শিৱ মন্দিৰ আদি প্ৰায় সকলো অনুষ্ঠানৰ লগত জড়িত হৈ আছিল নিবাৰণ নাথ । এনে এগৰাকী সমাজপ্ৰিয় ব্যক্তিৰ চিৰবিদায়ত সমগ্ৰ হাউলী অঞ্চলত শোকৰ ছাঁ পৰিছে । আজীৱন আঞ্চলিক দলৰ লগত জড়িত হৈ থকা নিবাৰণ নাথ এগৰাকী প্ৰবল জাতীয়তাবাদী সত্ত্বাৰ অধিকাৰী ব্যক্তি আছিল ।এনে এগৰাকী আপোচবিহীন সংগ্ৰামী আৰু জাতীয়তাবাদী ব্যক্তিৰ মৃত্যুত হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা অসম আন্দোলনৰ নেতা হেমেন দাস, সম্পাদক অমৰেন্দ্ৰ পাঠক, শৈলেন দাস, হাউলী ৰঙালী বিহু সন্মিলনৰ সভাপতি ধৰণীধৰ দাস, হাউলী সাহিত্য সভা, হাউলী আঞ্চলিক ছাত্ৰ সন্থা, অসম গণ পৰিষদ হাউলী, হাউলী সাৰ্বজনীন শিৱ মন্দিৰ, জিয়ান মিডিয়া গ্ৰুপ আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে । নিবাৰণ নাথৰ মৃত্যুত অসম আন্দোলনৰ নেতা যুগান্ত বায়নে গভীৰ শোক প্ৰকাশ কৰি কয় যে নিবাৰণ নাথৰ নেতৃত্বত হাউলী অঞ্চলত অসম আন্দোলন আৰম্ভ হৈছিল । তেওঁৰ প্ৰতি ৰাজহুৱা শ্ৰদ্ধা নিবেদন কৰিবলৈ ৰাস মণ্ডপ প্ৰাংগণত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় । অসম আন্দোলনৰ নেতা জনৰ প্ৰতি সন্মান জনাই দুই ঘণ্টাৰ বাবে হাউলী অঞ্চলৰ বাণিজ্যিক প্ৰতিষ্ঠান সমূহ বন্ধ ৰখা হয় ।

