34.8 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমনগাঁও জিলাত ভোট গণনাৰ প্ৰস্তুতিকলৈ দল-প্ৰাৰ্থীৰ প্ৰতিনিধিৰে বৈঠক। মোবাইল ফোন লৈ গণনা...

নগাঁও জিলাত ভোট গণনাৰ প্ৰস্তুতিকলৈ দল-প্ৰাৰ্থীৰ প্ৰতিনিধিৰে বৈঠক। মোবাইল ফোন লৈ গণনা কক্ষত প্ৰৱেশ নিষেধ

নগাঁও জিলাত ভোট গণনাৰ প্ৰস্তুতিকলৈ দল-প্ৰাৰ্থীৰ প্ৰতিনিধিৰে বৈঠক। মোবাইল ফোন লৈ গণনা কক্ষত প্ৰৱেশ নিষেধ

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ২৩ এপ্ৰিল: বিধানসভা নিৰ্বাচনৰ অহা ৪ মে’ত হ’বলগীয়া ভোট গণনাৰ প্ৰস্তুতি সম্পৰ্কে আলোচনাৰ বাবে আজি ৰাজনৈতিক দল আৰু প্ৰতিদ্বন্দী প্ৰাৰ্থীৰ প্ৰতিনিধি সকলৰ সৈতে নগাঁও জিলা প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সকলো ৰাজনৈতিক দল আৰু প্ৰতিদ্বন্দী প্ৰাৰ্থীৰ প্ৰতিনিধিসকলক স্পষ্ট কৰি দিয়া হয় যে, ভোটগণনা কক্ষত কোনেও মোবাইল ফোনলৈ প্ৰৱেশ কৰিব নোৱাৰিব আৰু নিৰ্বাচন উপলক্ষে দিয়া বৈধ পৰিচয় পত্ৰ অবিহনে কোনেও কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব। নগাঁও জিলাৰ সাতটা বিধানসভা সমষ্টিৰ বাবে তিনিটা কেন্দ্ৰ নিৰ্ধাৰণ কৰা হৈছে। ডছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ধিং, ৰূপহী হাট আৰু চামগুৰি বিধানসভা সমষ্টিৰ ভোট গণনা সুকীয়া সুকীয়া কক্ষত একেসময়তে সমান্তৰালকৈ অনুষ্ঠিত হ’ব। একেদৰে নগাঁও -বটদ্ৰৱা আৰু ৰহা সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হ’ব নগাঁও চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু বৰহমপুৰ আৰু কলিয়াবৰৰ ভোট গণনা হ’ব ল’ৰাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। প্ৰতিটো সমষ্টিৰ বাবে ১৪ খন টেবুল থাকিব আৰু একেসময়তে প্ৰতিখন টেবুলতে গণনা চলি থাকিব। ৰাজনৈতিক দল বা প্ৰাৰ্থীসকলে প্ৰতিখন টেবুলৰ বিপৰীতে এজনকৈ এজেন্ট নিয়োগ কৰিব পাৰিব। ৰিটাৰ্নিং অফিচাৰৰ টেবুলৰ বাবেও এজন এজেণ্ট, পোষ্টেল বেলটৰ গণনাৰ বাবে প্ৰতিখন টেবুলৰ বাবে একোজনকৈ এজেণ্ট আৰু ভোটিং মেচিনৰ কেয়াৰকোড পৰীক্ষাৰ বাবে প্ৰতিটো সমষ্টিৰ বিপৰীতে এজনকৈ এজেন্ট নিয়োগ কৰিব পাৰিব। সংশ্লিষ্ট এজেন্টসকলৰ নামৰ তালিকা, ফটো পৰিচয় পত্ৰৰ প্ৰতিলিপি আৰু পাছপোৰ্ট আকাৰৰ ফটোসহ অহা ২৭ এপ্ৰিলত দিনৰ ১২ বজাৰ ভিতৰত জিলা আয়ুক্তৰ কাৰ্যালয়ত জমা দিব লাগিব। ইভিএম মেচিনৰ পূৰ্বে পুৱা ৮ বজাৰ পৰা পোষ্টেল বেলটৰ গণনা কৰা হ’ব। ভোট গণনাৰ পিছত ৰাজনৈতিক দলসমূহক বিজয় শোভাযাত্ৰা উলিওৱা, ফটকা-আটছবাজি ফুটুৱা আদি কাৰ্যৰ পৰা আতৰি থাকিবলৈ জিলা আয়ুক্তই আহ্বান জনাইছে। তেওঁ ভাৰতৰ গণতন্ত্ৰিক পৰম্পৰাৰ ঐতিহ্য বৰ্তাই ৰাখি গণনা পৰ্বটো শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাত সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰে। সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ছিকাৰিয়া, জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰীৰ উপৰি অতিৰিক্ত আয়ুক্তসকল, নিৰ্বাচন বিষয়া আদিও বিষয়াসকল আৰু সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
light rain
33.7 ° C
33.7 °
33.7 °
53 %
3.5kmh
49 %
Tue
35 °
Wed
37 °
Thu
36 °
Fri
33 °
Sat
34 °

Most Popular