34.8 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমশিলচৰ এনআইটিৰ ভিতৰত প্ৰাৰ্থনা আৰু ধৰ্মীয় সমাৱেশ নিষিদ্ধ 

শিলচৰ এনআইটিৰ ভিতৰত প্ৰাৰ্থনা আৰু ধৰ্মীয় সমাৱেশ নিষিদ্ধ 

শিলচৰ এনআইটিৰ ভিতৰত প্ৰাৰ্থনা আৰু ধৰ্মীয় সমাৱেশ নিষিদ্ধ 
শিলচৰ, পিএনচি , ২৬ এপ্ৰিল: শিলচৰৰ ন্যাচনেল ইনষ্টিটিউট অফ টেকন’লজী কৰ্তৃপক্ষই শিক্ষা প্ৰতিষ্ঠানটোৰ চৌহদত শান্তি- সম্প্ৰীতি ৰক্ষা কৰিবলৈ হোষ্টেল আৰু শিক্ষা প্ৰতিষ্ঠানটোৰ ভিতৰত সকলো ধৰণৰ প্ৰাৰ্থনা আৰু সমাবেশ নিষিদ্ধ কৰিছে।শুকুৰবাৰে ছাত্ৰ কল্যাণৰ ডীন (ডি এছ ডব্লিউ)য়ে জাৰি কৰা এক নিৰ্দেশনাত প্ৰতিষ্ঠানটোৱে কয় যে সকলো হোষ্টেলৰ কৰিড’ৰ, বেলকনি, ছাদ আৰু কমন ৰুম কোনো ধৰণৰ সামূহিক ধৰ্মীয় কাম-কাজৰ বাবে ব্যৱহাৰ কৰিব নালাগে।  ছাত্ৰ-ছাত্ৰীসকলে অৱশ্যে নিজৰ কোঠাৰ ভিতৰত ব্যক্তিগতভাৱে নিজৰ বিশ্বাস পালন কৰিব পাৰিব।
 বিজ্ঞপ্তিটোত কোৱা হৈছে যে, “উমৈহতীয়া এলেকাত কিছুমান বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে -যিয়ে হোষ্টেলসমূহৰ শান্তিপূৰ্ণ শৈক্ষিক পৰিৱেশত ব্যাঘাত জন্মাব পাৰে। বৈচিত্ৰময় ছাত্ৰ সংগঠনৰ মাজত অনুশাসন আৰু সম্প্ৰীতি সুনিশ্চিত কৰাৰ বাবে সাৰ্বজনীন ঠাইত সকলো ধৰ্মীয় সমাৱেশৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।”

RELATED ARTICLES
Lucknow
light rain
33.7 ° C
33.7 °
33.7 °
53 %
3.5kmh
49 %
Tue
35 °
Wed
37 °
Thu
36 °
Fri
33 °
Sat
34 °

Most Popular