31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমনাথগাঁওত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন

নাথগাঁওত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন

নাথগাঁওত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা, চাহাব উদ্দিন লস্কৰ ডবকা:- হোজাই, নাথগাঁওঃ জামুহণ্ডল জীৱন জ্যোতি সংঘৰ উদ্যোগত আৰু নাথগাঁও সার্বজনীন নামঘৰৰ প্ৰাঙ্গণত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন অনুষ্ঠিত হয়। উৎসৱমুখৰ পৰিৱেশত অনুষ্ঠিত এই অনুষ্ঠানত অঞ্চলটোৰ বহু সংখ্যক ৰাইজ উপস্থিত থাকি বিহুৰ আনন্দ উপভোগ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)-ৰ কেন্দ্ৰীয় সভাপতি ইকবাল হুছেইন। লগতে বিশেষভাৱে উপস্থিত থাকে জিলা সমিতিৰ সভাপতি লুতফুৰ ৰহমান বৰলস্কৰ। ৰঙালী বিহুক কেন্দ্ৰ কৰি আয়োজিত সাংস্কৃতিক অনুষ্ঠানসমূহে সমগ্ৰ পৰিৱেশ আনন্দময় কৰি তোলে। অসমীয়া লোক-সংস্কৃতি, ঐতিহ্য আৰু ভাতৃত্ববোধৰ মনোৰম সমাহাৰে অনুষ্ঠানটোক অধিক আকর্ষণীয় কৰি তোলে।
অনুষ্ঠানত উপস্থিত অতিথিসকলে ভাষণ প্ৰদান কৰি অসমীয়া সংস্কৃতি, সামাজিক সম্প্ৰীতি, একতা আৰু ভাতৃত্ববোধ অটুট ৰাখিবলৈ সকলোকে আহ্বান জনায়। লগতে এনে অনুষ্ঠানসমূহে সমাজত ঐক্য আৰু পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি মত প্ৰকাশ কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
34.4 ° C
34.4 °
34.4 °
50 %
5kmh
100 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
36 °
Sun
35 °

Most Popular