কাজিৰঙা বিশ্ববিদ্যালয়ত দৰমহা সংকটক লৈ তীব্র চর্চা , কৰ্মচাৰীৰ ক্ষোভ, বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ গাপ দিয়াৰ অভিযোগ।
দুৰ্নীতিৰ দৰ্পণ, স্থানীয় সংবাদদাতা, যদুমনি চেতিয়া, ১৭মে: যোৰহাটৰ ম’হবন্ধাৰ সমীপৰ কৰাইখোৱা অঞ্চলত অৱস্থিত Kaziranga University-ক কেন্দ্ৰ কৰি পুনৰ সৃষ্টি হৈছে তীব্র বিতৰ্ক। বিশ্ববিদ্যালয়খনৰ কৰ্মচাৰীসকলক একাধিক মাহ ধৰি দৰমহা প্ৰদান নকৰাৰ অভিযোগে এতিয়া বিশ্ববিদ্যালয়খনৰ ভিতৰে-বাহিৰে ব্যাপক চর্চাৰ সৃষ্টি কৰিছে। যদিও এই সমগ্র ঘটনাটো বিভিন্ন মহলত মুকলিকৈ আলোচনা চলিছে, তথাপিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিষয়টো গাপ দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ উঠিছে। উল্লেখ্য যে, ২০১২ চনত এক অনা-অসমীয়া বণিক গোষ্ঠীয়ে বিভিন্ন বিতৰ্কৰ মাজেৰে প্রায় ৫০০ বিঘা কৃষিভূমিত বিশ্ববিদ্যালয়খন স্থাপন কৰিছিল। যোৰহাটৰ খৈতান গ্ৰুপৰ দ্বাৰা পৰিচালিত এই ব্যক্তিগত বিশ্ববিদ্যালয়খনত বর্তমানে প্রায় দুই শতাধিক কৰ্মচাৰী বিভিন্ন বিভাগত নিয়োজিত হৈ আছে। লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ প্রায় ৩,৫০০ শিক্ষাৰ্থীয়ে ইয়াত শিক্ষাগ্ৰহণ কৰি আছে। জানিব পৰা মতে, যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে বিশ্ববিদ্যালয়খনৰ বহু কৰ্মচাৰীয়ে নিয়মীয়া দৰমহা লাভ কৰা নাই। অলপতে দৰমহাবঞ্চিত একাংশ কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত তলৰ পৰ্যায়ৰ অত্যাবশ্যকীয় শাখাত কৰ্মৰত কিছু কৰ্মচাৰীক কেৱল এমাহৰ দৰমহা প্ৰদান কৰা হয়। কিন্তু ২০ হাজাৰ টকাৰ ওপৰৰ দৰমহা লাভ কৰা কৰ্মচাৰীসকলে এতিয়াও দৰমহা নোপোৱা বুলি অভিযোগ উত্থাপন কৰিছে। উচ্চ হাৰত মাচুল সংগ্ৰহ কৰাৰ পিছতো কৰ্মচাৰীক নিয়মীয়া দৰমহা দিব নোৱাৰাৰ বিষয়টোৱে এতিয়া তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। দৰমহাবঞ্চিত কৰ্মচাৰীসকলৰ একাংশই জানিবলৈ দিয়া মতে, চলিত বৰ্ষৰ এপ্ৰিল মাহত কৰা প্ৰতিবাদৰ পিছত বিশ্ববিদ্যালয়খনৰ অন্যতম স্বত্বাধিকাৰী Basanta Kumar Khaitan-এ ই-মেইলযোগে শীঘ্ৰে দৰমহা আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি এতিয়া অসাৰ হৈ পৰিছে বুলি অভিযোগ উঠিছে।
বিশ্ববিদ্যালয়খনত কৰ্মৰত বহু কৰ্মচাৰীয়ে এই চাকৰিটোক জীৱিকাৰ একমাত্ৰ মাধ্যম হিচাপে গ্ৰহণ কৰাৰ পিছত বৰ্তমান তেওঁলোক আৰ্থিক সংকটৰ সন্মুখীন হৈছে। ছাত্র-ছাত্ৰীৰ পৰা কোটি কোটি টকাৰ মাচুল সংগ্ৰহ কৰাৰ পিছতো কৰ্মচাৰীক দৰমহা দিব নোৱাৰাটো পৰিতাপৰ বিষয় বুলি বিভিন্ন মহলত চর্চা চলিছে।
ইয়াৰ মাজতে আয়কৰ বিভাগে খৈতান গ্ৰুপৰ বিৰুদ্ধে অভিযান চলোৱাৰ বিষয়টোও পুনৰ চৰ্চালৈ আহিছে। অভিযোগ অনুসৰি, ৰাজহ ফাঁকিৰ সন্দেহত আয়কৰ বিভাগে অভিযান চলোৱাৰ সময়ত গ্ৰুপটোৰ সৈতে জড়িত কেইবাটাও বেংক একাউণ্ট জব্দ কৰিছিল। ইয়াৰ ফলতেই গোটেই গোষ্ঠীটো আর্থিক সংকটত ভুগিছে আৰু তাৰ প্ৰভাৱ বিশ্ববিদ্যালয়খনতো পৰিছে বুলি বহুতে সন্দেহ প্ৰকাশ কৰিছে। যদিও এই বিষয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ বা সংশ্লিষ্ট বিভাগৰ পৰা কোনো আনুষ্ঠানিক মন্তব্য পোৱা হোৱা নাই।
বৰ্তমান সময়ত বিশ্ববিদ্যালয়খনৰ ভৱিষ্যৎ আৰু শিক্ষাৰ্থীসকলৰ শিক্ষাজীৱনক লৈও উদ্বেগ বৃদ্ধি পাইছে। কোটি টকাৰ মাচুল আদায় কৰাৰ পিছতো কৰ্মচাৰীক দৰমহা প্ৰদান কৰিব নোৱাৰা ঘটনাই শিক্ষানুষ্ঠানখনৰ প্রশাসনিক আৰু আৰ্থিক ব্যৱস্থাপনাক লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰিছে।

