31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমনিৰ্বাচনৰ পূৰ্বে দিয়া পাঁচটা গেৰেণ্টী আঁচনিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত বিপিএফ

নিৰ্বাচনৰ পূৰ্বে দিয়া পাঁচটা গেৰেণ্টী আঁচনিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত বিপিএফ

নিৰ্বাচনৰ পূৰ্বে দিয়া পাঁচটা গেৰেণ্টী আঁচনিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত বিপিএফ

আব্দুল মালেক আহমেদ, দুৰ্নীতিৰ দৰ্পণ গোসাইগাৱ ২৮ ফেব্ৰুৱাৰী:

আজিৰ এক গুৰুত্বপূৰ্ণ খবৰ বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্চিল (BTC) অঞ্চলত। কোকৰাঝাৰ জিলাৰ গোসাইগাৱ মহকুমাৰ অন্তৰ্গত জোমদুৱাৰ চাৰি নং পৰিষদীয় সমষ্টিত বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (BPF) দলে বিভিন্ন কল্যাণমূলক আঁচনিৰ অধীনত লাভান্বিতসকলৰ মাজত চেক বিতৰণ কৰাৰ এক অনুষ্ঠান অনুষ্ঠিত হয়।

এই কাৰ্যসূচীত বয়োজ্যেষ্ঠ নাগৰিক, দিৱ্যাংগ, উদ্যোগী আৰু অন্যান্য লাভান্বিতসকলক চেক প্ৰদান কৰা হৈছে। BPF দলৰ পক্ষৰ পৰা BTC নিৰ্বাচনৰ পূৰ্বে দিয়া পাঁচটা গেৰেণ্টী আঁচনিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এই পদক্ষেপক গুৰুত্ব দিয়া হৈছে।

জোমদুৱাৰ BPFৰ অফিচিয়েল চ’চিয়েল মিডিয়াত পোষ্ট কৰা মতে, এই অনুষ্ঠানত আত্ম সহায়ক গোট (SHG), বয়োজ্যেষ্ঠ নাগৰিক, দিৱ্যাংগ ব্যক্তি, উদ্যোগীসকল (IBS) আৰু ভূমি পট্ৰা বিতৰণৰ লগতে চেক বিতৰণ কৰা হয়। দলটোৱে এই কাৰ্যসূচীক ৰাইজৰ কল্যাণৰ প্ৰতি নিষ্ঠাৰ প্ৰমাণ বুলি বৰ্ণনা কৰিছে।

BPF নেতৃত্বই ঘোষণা কৰিছে যে হাগ্ৰামা মহিলাৰীৰ দূৰদৰ্শী নেতৃত্বত এনে আঁচনিসমূহ অব্যাহত ৰখা হ’ব আৰু অঞ্চলটোৰ উন্নয়ন তথা ৰাইজৰ আৰ্থিক স্বাৱলম্বনৰ বাবে কাম কৰি যাব।

এই অনুষ্ঠানত স্থানীয় লোকসকলৰ মাজত সন্তোষ প্ৰকাশ কৰা হৈছে আৰু BPF দলৰ প্ৰতি সমৰ্থন আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে। অনুষ্ঠানত উপস্থিত থাকে বিটিচি চৰকাৰৰ পৰিবহণ বিভাগৰ কাৰ্যবাহী সদস্য মৃত্যুঞ্জয় নাৰ্জাৰী, চাৰি নং যমদোৱাৰ সমষ্টিৰ এমচিএলএ উইলিয়াম নাৰ্জাৰীৰ লগতে বিপিএফ দলৰ  কেন্দ্ৰীয়, জিলা, ব্লকৰ বিভিন্ন পদবীদাৰি গন্য- মান্য বেক্তি সকলে উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
overcast clouds
34.4 ° C
34.4 °
34.4 °
50 %
5kmh
100 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
36 °
Sun
35 °

Most Popular