29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeআঞ্চলিকচৌকী আঞ্চলিক হাইস্কুলৰ সহঃ শিক্ষক ধৰ্মেশ্বৰ দাসক বিদায় সম্ভাষণ

চৌকী আঞ্চলিক হাইস্কুলৰ সহঃ শিক্ষক ধৰ্মেশ্বৰ দাসক বিদায় সম্ভাষণ

চৌকী আঞ্চলিক হাইস্কুলৰ সহঃ শিক্ষক ধৰ্মেশ্বৰ দাসক বিদায় সম্ভাষণ
কামৰূপ ২৮ ফেব্ৰুৱাৰীঃ

বিগত ১৯৮৯  চনত প্ৰতিষ্ঠা হোৱা কামৰূপ জিলাৰ অন্তৰ্গত চৌকী আঞ্চলিক হাইস্কুলত ১৯৯০ চনৰ ২১ এপ্ৰিল তাৰিখে  শিক্ষকৰূপে হিচাপে যোগদান কৰিছিল ধৰ্মেশ্বৰ দাসে।তেতিয়াই বিদ্যালয়খনৰ গৃহ নিৰ্মাণকে আদি কৰি ৰাইজৰ দান-বৰঙনি সংগ্ৰহ কৰি চৰকাৰী কাম কাজবোৰ আগবঢ়াই নি ১৯৯৮ চনত বিদ্যালয় খনে চৰকাৰী স্বীকৃতি সম্পন্ন  কৰিবলৈ সক্ষম হৈছিল কিন্তু দুখৰ বিষয় চৰকাৰী অৱহেলাৰ বাবেই বহু সংগ্ৰামৰ অন্তত ২০১৩ চনলৈ বিনা বেতনে কাম কৰি থাকিব লগা হৈছিল  ধৰ্মেশ্বৰ দাসে। সুৰ্দীৰ্ঘ ২৩ বছৰ বিনা-বেতনে আৰু চৰকাৰী কৰ্মচাৰী হিচাপে 13 বছৰ তেখেতৰ কৰ্মময় জীৱনৰ সামৰণি মাৰি বিগত ৩১ জানুৱাৰী তাৰিখে চৰকাৰী ভাৱে অৱসৰ গ্ৰহণ কৰে।আজি শিক্ষক দাসক ৰাজহুৱা ভাবে  বিদায় সম্ভাষণ জনোৱা হয়।ছাত্ৰ-ছাত্ৰীৰ অতি প্ৰিয় তথা দায়িত্বশীল শিক্ষক হোৱা বাবেই চৌকীগেট অঞ্চলৰ  ৰাইজে আজি বিদায় বেলাত তেখেতক নতুন শিক্ষক চৰকাৰী ভাৱে নিযুক্তি নোহোৱা পৰ্য্যন্ত  বিদ্যালয়ত পাঠদান কৰি সহায় কৰি যাবলৈ অনুৰোধ ৰাখে।দাসেও সেই অনুৰোধ ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। সভাত উপস্থিত  থাকে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি শ্ৰীইন্দ্ৰেশ্বৰ দাস,বৰ্তমানৰ সভাপতি শ্ৰীকমলা কান্ত দাস,হেল্প টু হেল্প গ্ৰুপ”ৰ সভাপতি শ্ৰীনীলকান্ত নাথ  সম্পাদক শ্ৰীতৰনী ডেকা, শিক্ষক শ্ৰীনৱ কুমাৰ নাথ,শ্ৰীকৃষ্ণ বড়ো, কামৰূপ জিলাৰ ফুটবল এছোচিয়েচন সভাপতি শ্ৰীজন্মি দাস,গ্লোবেল এছোচিয়েচনৰ সম্পাদক শ্ৰীভূপেন দাস,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী ,বিদ্যালয়ৰ 

শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী সকল । ইয়াৰোপৰি আৰ্য্য কলেজৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা ড.শ্ৰুতিধাৰা কাশ্যপ আৰু বহু সংখ্যক অভিভাৱক,শুভকাংক্ষী।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular